নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘২০২৪ত আকৌ লগ পাম পেৰিছত’, শান্তি–সম্প্রীতিৰ বার্তা বিলাই বর্ণাঢ্য সামৰণি টকিঅ’ অলিম্পিকৰ

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ তিনি বছৰ পাছত পেৰিছত পুনৰ লগ হোৱাৰ প্রতিশ্রুতিৰে অন্ত পৰিল টকিঅ’ অলিম্পিকৰ৷ মহামাৰী ক’ভিড–১৯ৰ আতংক, দেশবাসীৰ তীব্র ক্ষোভ আৰু বিধ্বংসী সাগৰীয় ধুমুহাৰ আশংকাৰ মাজতে দেওবাৰে শান্তি–সম্প্রীতি আৰু নতুন আশাৰ বার্তা বিলাই বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱৰ সামৰণি পৰে৷

মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে এটা বছৰ পলমকৈ আয়োজিত টকিঅ’ অলিম্পিক বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হৈ বাৰম্বাৰ অনিশ্চয়তাৰ গৰাহত সোমাই পৰিছিল যদিও আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী, জাপান চৰকাৰ আৰু স্থানীয় উদ্যোক্তা কমিটীয়ে সু–ব্যৱস্থাপনাৰে ‘গ্রেটেষ্ট শ্ব অন আর্থ’ সফলতাৰে আয়োজন কৰিবলৈ সক্ষম হয়৷

টকিঅ’ৰ ৬৮ হাজাৰ আসনযুক্ত নেচনেল ষ্টেডিয়ামত দর্শক অবিহনে আয়োজিত বর্ণিল সামৰণী অনুষ্ঠানত আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ সভাপতি থমাছ বাখে আনুষ্ঠানিকভাৱে টকিঅ’ অলিম্পিকৰ সামৰণি পৰা বুলি ঘোষণা কৰে৷

মহামাৰীৰ আতংকৰ মাজতে মেগা ইভেণ্টখনত অংশ লোৱা দুই শতাধিক দেশৰ সহস্রাধিক ক্রীড়াবিদক ধন্যবাদ জনাই আই অ’ চিৰ মুৰব্বীগৰাকীয়ে কয় যে মহামাৰীয়ে সমগ্র বিশ্বত আতংকৰ সৃষ্টি কৰাৰ পাছত অলিম্পিকৰ জৰিয়তে বিশ্ববাসী প্রথমবাৰলৈ একগোট হৈছে৷ খেলুৱৈসকলৰ সফলতা–বিফলতাত তেওঁলোক একেলগে আৱেগিক হৈ পৰিছে৷ এই অলিম্পিকে বিশ্ববাসীৰ মাজলৈ নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷

এইবাৰৰ অলিম্পিক আশা, সহমর্মিতা আৰু শান্তিৰ প্রতীক বুলিও থমাছ বাখে সামৰণী অনুষ্ঠানত উল্লেখ কৰে৷ জাপানৰ চহকী ঐতিহ্য–সংস্কৃতি আৰু বাৰেৰহণীয়া কলা–কৃষ্টি উদ্ভাসিত হোৱা সামৰণী অনুষ্ঠানত নৃত্য–গীত আৰু ভিন্নৰঙী পোহৰৰ অভিনৱ সমাহাৰে ক্রীড়ানুৰাগীক আপ্লুত কৰে৷ এই অনুষ্ঠানত আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে পৰৱর্তী অলিম্পিকৰ আয়োজক চহৰ পেৰিছক অলিম্পিক পতাকা হস্তান্তৰ কৰে৷ সামৰণী অনুষ্ঠানত উপস্থিত থাকি পেৰিছৰ মেয়ৰে থমাছ বাখৰ পৰা অলিম্পিক পতাকা গ্রহণ কৰে৷

উল্লেখ্য যে প্রতি চাৰি বছৰৰ মূৰত অনুষ্ঠিত বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ নিয়ম অনুসৰি ২০২০ত টকিঅ’ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱে মেগা ইভেণ্টখনত আউল লগায়৷ এইবাৰো মহামাৰীৰ আতংকই টকিঅ’ অলিম্পিকলৈ অনিশ্চয়তা কঢ়িয়াই আনিছিল৷ শেষ মুহূর্তলৈ বিশ্ববাসী অলিম্পকক লৈ অনিশ্চয়তাত ভুগিছিল৷ কিন্তু সকলো ঘাত–প্রতিঘাত আৰু বাধা নেওচি অৱশেষত সফলতাৰে অন্ত পৰিল বহু প্রত্যাশিত টকিঅ’ অলিম্পিক৷ দেওবাৰৰ সামৰণী অনুষ্ঠানত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰে ব্রঞ্জৰ পদক বিজয়ী তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়াই৷ উদ্বোধনী অনুষ্ঠানত কিংবদন্তি বক্সাৰ মেৰীকম আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্রীত সিঙে ভাৰতৰ পতাকা বহন কৰিছিল৷

মন কৰিবলগীয়া যে ভাৰতে এইবাৰৰ অলিম্পিকত ইতিহাসৰ শ্রেষ্ঠ প্রদর্শনেৰে দেশবাসীক গর্বিত কৰিছে৷ ২০১২ৰ লণ্ডন অলিম্পিকত দেশখনে সর্বাধিক ৬টা পদক দখল কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰ জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাৰ স্বর্ণৰ সহায়ত ভাৰতে টকিঅ’ৰ পৰা দেশলৈ ৭টা পদক কঢ়িয়াই আনে৷

ইফালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টকিঅ’ অলিম্পিকত ভাৰতৰ ঐতিহাসিক প্রদর্শনক ভূয়সী প্রশংসা কৰিছে৷ সামৰণী অনুষ্ঠানৰ পাছতে এক টুইটত প্রধানমন্ত্রী মোদীয়ে কয়– অলিম্পিকত চমকপ্রদ প্রদর্শনৰ বাবে মই ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছোঁ৷ তেওঁলোকে টকিঅ’ত অতুলনীয় দক্ষতা আৰু দৃঢ় মনোবলৰ পৰিচয় দিছে৷ দেশক প্রতিনিধিত্ব কৰা প্রতিগৰাকী এথলীটেই আমাৰ মাজত চেম্পিয়ন খেলুৱৈ৷ আমি তেওঁলোকক লৈ গৌৰৱান্বিত৷

ইফালে মহামাৰী ক’ভিড–১৯ৰ আতংকৰ মাজতে সফলতাৰে টকিঅ’ অলিম্পিক আয়োজনৰ বাবে প্রধানমন্ত্রী মোদীয়ে জাপান চৰকাৰ আৰু জাপানৰ নাগৰিকক ধন্যবাদ জনাইছে৷ অলিম্পিকৰ সফল আয়োজনেৰে জাপানে সমগ্র বিশ্বত সহনশীলতাৰ বার্তা বিলাইছে৷ মেগা ইভেণ্টখনত আমেৰিকা যুক্তৰাষ্ট্রই ৩৯টা স্বর্ণসহ ১১৩টা পদকেৰে শীর্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷

You might also like