নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিত নাবালিকক ধৰ্ষণ চাৰি সন্তানৰ লম্পটৰ, সাতমহীয়া অন্তঃসত্বা নাবালিকাৰ আৰক্ষীক গোচৰ

,পলাতক ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ চিমেন চাপৰি আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ চিমেন কৈৱৰ্ত গাঁৱৰ এজন চাৰি সন্তানৰ লম্পটে একেখন গাঁৱৰে এগৰাকী নাবালিকাক ধৰ্ষণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিমেন কৈৱৰ্ত গাঁৱৰ সৰু দাস ওৰফে গজেন( ৩৫)য়ে একেখন গাঁৱৰ প্ৰয়াত প্ৰদীপ দাসৰ এগৰাকী চৈধ্য বছৰীয়া নাবালিকাক ঘৰত কোনো নথকা অৱস্থাত সাত মাহৰ পূৰ্বে প্ৰলোভন আৰু ভয় ভাবুকিৰে বলাৎকাৰ কৰে। ধৰ্ষণকাৰী সৰু দাসে নাবালিকা গৰাকীক বলাৎকাৰৰ কথা আনক কলে প্ৰাণনাশ কৰি চিমেন নদীত উটুৱাই দিয়াৰ ভাবুকি প্ৰদানৰ ফলত ঘটনাটো ভূক্তভোগী নাবালিকা গৰাকীয়ে লুকুৱাই ৰাখিছিল।

যোৱা কেইদিনমানৰ পৰা নাবালিকা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে আৰু লক্ষণবোৰ আচহুৱা যেন প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে। আইতাকৰ লগতে সম্পৰ্কীয় লোকে শুধপোছ কৰাৰ পাছতো ঘটনাৰ বিষয়ে ক’বলৈ অমান্তি হোৱাৰ পাছত ধেমাজিত দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হোৱা নিজমাতৃৰ ওচৰলৈ লৈ যোৱা হয় নাবালিকা গৰাকীক। নিজ জন্মদাতৃ মাতৃয়ে গা-মন অসুখীয়া অৱস্থাত থকা জীয়েকক এজন বেজৰ ওচৰলৈ লৈ যায় আৰু বেজৰ কথামতে ডাক্তৰৰ ওচৰলৈ নিয়াৰ পাছতে সাতমহীয়া অন্তঃসত্বা হোৱাৰ কথা পোহৰলৈ আহে।

নাবালিকা গৰাকীয়ে মাকক ঘটনাৰ সকলো বিৱৰি কোৱাৰ পাছত বলাৎকাৰ ঘটনাত জড়িত চিমেন কৈৱৰ্ত গাঁৱৰ নিবাসী প্ৰয়াত সাধন দাসৰ পুত্ৰ তথা মাছৰ ব্যৱসায়ী সৰু দাস ( ৩৫) ওৰফে গজেনৰ বিৰুদ্ধে আজি ভূক্তভোগী নাবালিকা গৰাকীয়ে চিমেন চাপৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পলাতক হৈ থকা বলাৎকাৰীজনক কৈৱৰ্ত গাঁৱৰ নিজ বাসগৃহতে আজি বিয়লি ৩-৩০ বজাত আটক কৰে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে40/2021,376/506 IPC R/w Sec 6 of posco ধাৰাত গোচৰ ৰুজু কৰিছে আৰু কাইলৈ জে’ল হাজোতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষীয়ে জনাইছে।

You might also like