নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীত ডুবিব ভাৰতৰ ১২খন মহানগৰ

আইপিচিচিৰ প্রতিবেদন বিশ্লেষণ নাছাৰ

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ বৃহৎ প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হ’ব ভাৰত৷ শেহতীয়াকৈ এই সতর্কবাণী কৰিছে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই৷ পৰিস্থিতি এনে পর্যায়লৈ যাব পাৰে যে এই শতিকাৰ শেষলৈ মুম্বাই, চেন্নাই, কোচি, বিশাখাপট্টনমসহ ভাৰতৰ ১২খন উপকূলীয় মহানগৰ তিনি ফুট বা তাতকৈ বেছি পানীৰ তলত থাকিব লগা হ’ব পাৰে৷ বিশ্বজুৰি সমুদ্রৰ জলপৃষ্ঠৰ কি পৰিৱর্তন হৈছে তাক লৈ ইণ্টাৰগৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ (আইপিচিচি)ৰ প্রতিবেদন বিশ্লেষণ কৰিছে নাছাই৷

এই প্রতিবেদন অনুসৰি সমুদ্র উপকূলৰ মহানগৰসমূহ মানুহৰ বসতিশূন্য হৈ পৰিব বুলি আশংকা কৰা হৈছে৷ নাছাই এই প্রতিবেদন বিশ্লেষণ কৰিয়েই ভাৰতৰ উপকূলীয় মহানগৰবোৰৰ এক তালিকা যুগুতাইছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বিশ্বৰ হিমবাহৰ দ্রুত গলন চলি আছে৷ হিমবাহ ধ্বংসৰ ফলত মহাসাগৰৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ ফলতেই উপকূলীয় অঞ্চলসমূহ বসবাসৰ অনুপযোগী হৈ পৰিব৷

You might also like