নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা চিকিৎসাৰ বিল দাখিল কৰি ধন সৰকোৱাৰ অভিসন্ধিঃ ৰঙিয়াত সাত বিদ্যুৎ কর্মচাৰীক নিলম্বন

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ৰঙিয়াস্থিত বিদ্যুৎ বিভাগৰ ৭জন কর্মচাৰীক ভুৱা মেডিকেল বিল দাখিল কৰি ধন সৰকোৱাৰ চেষ্টা কৰোঁতে ধৰা পৰাত বিভাগীয় কর্তৃপক্ষই নিলম্বন কৰে৷ কর্মচাৰীকেইজনৰ বিৰুদ্ধে বিভাগটোৰ ৰঙিয়াৰ সহকাৰী মহাপ্রবন্ধক দিগন্ত ডেকাই এজাহাৰ দাখিল কৰে৷

অভিযোগ অনুসৰি একোজন কর্মচাৰীয়ে ৪ লাখ টকাৰ পৰা ১১ লাখ টকা পর্যন্ত চিকিৎসাৰ নামত ভুৱা মেডিকেল বিল দাখিল কৰি ধন আত্মসাৎ কৰাৰ চেষ্টা কৰিছিল৷ বিদ্যুৎ বিভাগৰ ৰঙিয়াস্থিত তিনিটা কার্যালয়ৰ ৭গৰাকীকৈ কর্মচাৰীয়ে এনেদৰে বক্র পথেৰে ধন সৰকাবলৈ চেষ্টা কৰোঁতে ধৰা পৰে৷ ইয়াৰ পিছতে লগে লগে ২ নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা জ্যোতিষ ডেকা, সহকাৰী মহা প্রবন্ধকৰ কার্যালয়ৰ মুখ্য সহায়ক উমেশ দাস, ১নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহায়ক বিশ্বজিৎ বর্মনৰ লগতে আন চাৰিজন লাইনমেনক নিলম্বন কৰে৷ পিছত উক্ত বিভাগীয় কর্তৃপক্ষই ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত গোচৰ সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷

You might also like