নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানৰ পৰা উভতিছে ভাৰতীয়

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ আফগানিস্তানত থকা ভাৰতীয় নাগৰিকসকলক শীঘ্রে দেশখনৰ পৰা গৃহভূমিলৈ প্রত্যাৱর্তন কৰাৰ বাবে আহ্বান জনাইছে কাবুলত থকা ভাৰতীয় দূতাৱাসে৷ দেশখনৰ বিভিন্ন স্থানত তালিবানে নিয়ন্ত্রণ সাব্যস্ত কৰাৰ লগে লগে ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তালৈ নামি আহিছে আশংকা৷ দূতাৱাসৰ তৰফৰ পৰা এক বিবৃতিযোগে আফগানিস্তানৰ বিভিন্ন প্রকল্পত কর্মৰত ভাৰতীয় নাগৰিকসকলক শীঘ্রে গৃহভূমিলৈ ওভতাৰ প্রয়োজন বুলি পৰামর্শ আগবঢ়াইছে৷

ইফালে, ভাৰতীয় কোম্পানীবোৰকো প্রকল্পৰ কাম বন্ধ ৰাখি দেশৰ নাগৰিকসকলক নিৰাপদে গৃহভূমিলৈ ওভতাই পঠিয়াবলৈ আহ্বান জনোৱা হৈছে৷ লক্ষণীয়ভাৱে কেন্দ্রীয় চৰকাৰেও ভাৰতীয় নাগৰিকসকলক আফগানিস্তানৰ পৰা ওভতাই আনিবলৈ তৎপৰতা গ্রহণ কৰিছে৷ এই বাতৰি যুগুতোৱাৰ পৰতে নিশাৰ ভাগলৈ ভাৰতীয় কূটনীতিক আৰু বিভিন্ন প্রকল্পত কর্মৰত নাগৰিকসকলক বিশেষ বিমানেৰে ওভতাই অনাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷

স্মর্তব্য যে উত্তৰ প্রান্তৰ বৃহৎ চহৰ মাজাৰ–ই–শ্বৰীফ অভিমুখে তালিবান যোদ্ধা অগ্রসৰ হোৱাৰ লগে লগে চহৰখনৰ পৰা ভাৰতীয় কূটনীতিক তথা বিভিন্ন প্রকল্পৰ কর্মীসকলক শীঘ্রে ওভতাই অনাৰ প্রক্রিয়া চলোৱা বুলি কেন্দ্রীয় বিদেশ মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰিছে৷ মাজাৰ–ই–শ্বৰীফত তালিবান যোদ্ধা উপস্থিত হোৱাৰ লগে লগে স্থানীয় বাসিন্দাসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি৷ স্থানীয় বাসিন্দাসকলে নিজৰ বাসগৃহতে আত্মগোপন কৰাৰ চেষ্টা চলাইছে৷ স্মর্তব্য যে এতিয়ালৈকে তালিবানে আফগানিস্তানত ছখন প্রাদেশিক ৰাজধানী চহৰ দখল কৰিবলৈ সক্ষম হৈছে৷ কাবুলৰ বিভিন্ন স্থানত তালিবানে তীব্রতৰ কৰি তুলিছে আক্রমণ৷

You might also like