৭ আগষ্টক ৰাষ্ট্রীয় জেভলিন দিৱস ঘোষণা ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ
নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ টকিঅ’ অলিম্পিকত দেশৰ তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই স্বর্ণপদক জয়েৰে ইতিহাস ৰচা দিনটোক ভাৰতীয় এথলেটিক্ছ ফেডাৰেচনে ৰাষ্ট্রীয় জেভলিন দিৱস হিচাপে উদযাপন কৰিব৷ ফেডাৰেচনৰ প্লেনিং কমিছনৰ অধ্যক্ষ ললিত ভান’টে মঙলবাৰে এই কথা ঘোষণা কৰে৷
উল্লেখ্য যে হাৰিয়ানাৰ প্রতিভাৱান জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই যোৱা ৭ আগষ্টত টকিঅ’ৰ ট্রেক এণ্ড ফিল্ডত খলকনি তুলি ৮৭.৫৮ মিটাৰ থ্র’ কৰি দেশলৈ ঐতিহাসিক সোণৰ পদক কঢ়িয়াই আনে৷ ‘জেভলিন থ্র’ক দেশত অধিক জনপ্রিয় কৰি তুলিবলৈ আমি ৭ আগষ্টৰ দিনটোক ৰাষ্ট্রীয় জেভলিন দিৱস হিচাপে উদযাপন কৰিম৷ অহা বর্ষৰ পৰা এই দিনটোত আমাৰ স্বীকৃতিপ্রাপ্ত সংস্থাসমূহে সকলো ৰাজ্যত জেভলিন প্রতিযোগিতাৰ আয়োজন কৰিব৷ আন্তঃজিলা পর্যায়তো জেভলিনৰ বিভিন্ন প্রতিযোগিতা আয়োজনৰ চিন্তা–চর্চা কৰা হৈছে৷ প্রতিযোগিতা আয়োজনৰ লগতে আমি জেভলিনৰ আন্তঃগাঁথনি উন্নত কৰিব লাগিব৷’ ভাৰতীয় এথলেটিক্ছ ফেডাৰেচনৰ বিষয়াগৰাকীয়ে এইদৰে কয়৷
উল্লেখ্য যে ভাৰতীয় এথলেটিক্ছ ফেডাৰেচনে ২০১৮ত ৰাষ্ট্রীয় মুকলি জেভলিন থ্র’ চেম্পিয়নশ্বিপ আৰম্ভ কৰিছিল৷ চলিত বর্ষৰ অক্টোবৰত এই প্রতিযোগিতাৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত হ’ব৷