নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত লাভলীনাক ৰাজকীয় আদৰণি

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ  টকিঅ’ অলিম্পিকত পদক জয় কৰি ইতিহাস ৰচনা কৰা বক্সাৰ লাভলীনা বৰগোহাঁই আজি গুৱাহাটীত উপস্থিত হৈছে৷ টকিঅ’ৰ পৰা উভতি অহাৰ পাছত বিগত দুদিন দিল্লীত কটোৱাৰ পাছত বিমানযোগে আজি পুৱা ৯ বজাত তেওঁ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হৈছে৷

বিমানবন্দৰত টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক বিজয়ী বক্সাৰগৰাকীক আদৰণি জনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ক্রীড়ামন্ত্রী বিমল বৰাই৷ তেওঁলোকৰ সৈতে ৰাজ্যৰ কেইবাগৰাকীও আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ক্রীড়াবিদ আৰু ক্রীড়া সংগঠকেও বিমানবন্দৰতে সম্বর্ধনা জনাই লাভলীনা বৰগোহাঁইক৷

আজি বিয়লি তিনি বজাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’বলগীয়া চৰকাৰী সম্বর্ধনা অনুষ্ঠানত ভাগ ল’ব বক্সাৰগৰাকীয়ে৷ ইয়াতেই মুখ্যমন্ত্রীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আর্থিক পুৰস্কাৰ আৰু সম্বর্ধনা প্রদান কৰিব লাভলীনাক৷ অৱশ্যে গুৱাহাটীৰ পৰা তেওঁ বৰপথাৰৰ ঘৰখনলৈ যাব নে নাযায় সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ কিয়নো স্বাধীনতা দিৱসৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া কেন্দ্রীয় অনুষ্ঠানত ভাগ ল’ব লাভলীনা বৰগোহাঁয়ে৷ সেয়েহে গুৱাহাটীৰ পৰা তেওঁ পুনৰ দিল্লীলৈ উভতি যোৱাৰ সম্ভাৱনাই অধিক৷

 সমান্তৰালভাৱে লাভলীনাক আদৰিবলৈ মহানগৰীৰ চুকে–কোণে লগোৱা হৈছে বৃহৎ হর্ডিং–বেনাৰ আৰু পোষ্টাৰ৷ মহানগৰীৰ বিভিন্ন স্থানত পথৰ ওপৰত নির্মাণ কৰা হৈছে লাভলীনাৰ ফটোসম্বলিত আদৰণি তোৰণ৷ সজাই তোলা হৈছে সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হ’বলগীয়া শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহৰ চৌহদ৷ উল্লেখ্য যে টকি’ অলিম্পিকত ৬৯ কিলোগ্রাম ৱেল্টাৰ শাখাত চাইনিজ টাইপেৰ প্রতিদ্বন্দ্বীক কোৱার্টাৰ ফাইনেল মেচত পৰাজিত কৰি ব্রঞ্জৰ পদক লাভ কৰিছিল লাভলীনা বৰগোহাঁয়ে৷

You might also like