নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰিমনাৰ ভয় ৰাষ্ট্রীয় ঘাইপথৰ আতংক পৰিবহণ বিভাগৰ ‘ইণ্টাৰচেপ্টৰ’

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ৰাষ্ট্রীয় ঘাইপথৰ দুৰৱস্থা আৰু বিভিন্ন স্থানত টোলগেটৰ অত্যধিক মাচুলে জলাকলা খুওৱা ৰাজ্যবাসীৰ বাবে আন এক আতংকৰ কাৰণ হৈ পৰিছে পৰিবহণ বিভাগৰ ইণ্টাৰচেপ্ঢৰসমূহ৷ দুর্ঘটনা প্রতিৰোধৰ নামত ৰাষ্ট্রীয় ঘাইপথসমূহত পৰিবহণ বিভাগে সংযোজন কৰা ইণ্টাৰচেপ্ঢৰসমূহৰ্ বাবে গম নোপোৱাকৈয়ে একাংশ চালকে ভৰিবলগীয়া হৈছে বৃহৎ পৰিমাণৰ জৰিমনা৷ ৰাজ্যৰ প্রায় প্রতিটো ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন স্থানত পৰিবহণ বিভাগে ব্যৱহাৰ কৰা ইণ্টাৰচেপ্ঢৰসমূহৰ্ বাবে অত্যধিক জৰিমনা ই–চালানযোগে লাভ কৰাৰ পাছত সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া৷ ৰাষ্ট্রীয় ঘাইপথসমূহত গাড়ীৰ অত্যধিক গতিবেগ নিয়ন্ত্রণ কৰাৰ বাবে পৰিবহণ বিভাগে শেহতীয়াভাৱে গ্রহণ কৰা এই ব্যৱস্থাই একপ্রকাৰ হাহাকাৰ সৃষ্টি কৰিছে সঘনাই দূৰণিবটীয়া যাত্রা কৰা লোকসকলৰ মাজত৷

উল্লেখ্য যে অত্যধিক গতিবেগৰ বাবে জৰিমনা প্রদান কৰাৰ ব্যৱস্থা পূর্বৰে পৰাই আছিল যদিও এইক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা নাছিল৷ কিন্তু শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন স্থানত ইণ্টাৰচেপ্ঢৰ ব্যৱহাৰেৰে চৰকাৰে নির্ধাৰণ কৰি দিয়া গতিবেগতকৈ অধিক গতিত গাড়ী চলোৱা চালকসকলক ই–চালানযোগে জৰিমনা বিহা হৈছে৷ সচৰাচৰ এনেধৰণৰ ব্যৱস্থা গ্রহণ কৰাৰ আগতে ৰাজ্যবাসীৰ মাজত পৰিবহণ বিভাগে সজাগতা সৃষ্টি কৰাটো অত্যন্ত প্রয়োজনীয় আছিল৷ ৰাষ্ট্রীয় ঘাইপথত এই সন্দর্ভত সতর্কবাণী প্রতিফলিত হোৱাকৈ স্পষ্ট ৰূপত ফলক আঁৰি দিয়া, চালকসকলৰ মাজত বিভিন্ন কার্যসূচীৰ আয়োজন কৰা, সংবাদ মাধ্যমৰ জৰিয়তে বিজ্ঞাপন প্রকাশ কৰাটো প্রয়োজনীয় আছিল, যাতে ৰাষ্ট্রীয় ঘাইপথসমূহেৰে বাহন চলোৱাৰ সময়ত গতিবেগক লৈ চালকসকল সতর্ক হ’ব পাৰে৷ কিন্তু বিভাগটোৱে এনে ব্যৱস্থা গ্রহণ নকৰাৰ ফলত ইণ্টাৰচেপ্ঢৰেৰে ৰাষ্ট্রীয় ঘাইপথসমূহত চলাচল কৰা বাহনসমূহৰ ওপৰত অনবৰতে যে নজৰ ৰাখিছে, তাৰ বিষয়ে চালকসকল জ্ঞাত নহয়৷ ফলত ৰাষ্ট্রীয় ঘাইপথসমূহেৰে চলাচল কৰা বাহনসমূহৰ চালকসকলে নজনাকৈয়ে ভৰিবলগীয়া হৈছে জৰিমনা৷

ইতিমধ্যে পৰিবহণ বিভাগে অত্যধিক গতিবেগত চলোৱা বাহনসমূহৰ পৰা বৃহৎ পৰিমাণৰ জৰিমনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ পৰিবহণ বিভাগৰ তথ্য অনুসৰি ১৫ জুনলৈকে ৰাজ্যত অত্যধিক গতিবেগৰ বাবে মুঠ ১.৬০ কোটি টকা জৰিমনা সংগ্রহ কৰিছে৷ ৰাজ্যত মুঠ ১৫খন ট্রেফিক ইণ্টাৰচেপ্ঢৰ বাহন আৰু ১১টা স্পীড ৰাডাৰগান বিভিন্ন স্থানত নির্ধাৰিত গতিবেগ ভংগ কৰা চালকসকলক জৰিমনা বিহাৰ বাবে ব্যৱহাৰ কৰা হৈছে৷ যোৱা ২৮ জুন পর্যন্ত ৰাজ্যত এই সন্দর্ভত ১৫,৫০৭টা গোচৰ ৰুজু কৰা হৈছে৷ মুঠ ৩.১০ কোটি টকাৰ ই–চালন প্রদান কৰা হৈছে৷ উল্লেখ্য যে পৰিবহণ বিভাগে অঞ্চলভেদে ৰাষ্ট্রীয় ঘাইপথসমূহত গাড়ী চলোৱাৰ ক্ষেত্রত ভিন ভিন গতিবেগ নির্ধাৰণ কৰি দিছে৷ অধিকাংশ ৰাষ্ট্রীয় ঘাইপথতে গতিবেগ সর্বোচ্চ ৪০ কিলোমিটাৰ প্রতিঘণ্টা নির্ধাৰণ কৰা হৈছে৷ তদুপৰি ছয়গাঁও, বকো, মির্জা, মঙলদৈ, খাৰুপেটীয়া, বান্দৰদেৱা আৰু মৰাণৰ দৰে ঠেক চহৰসমূহত ৰাষ্ট্রীয় ঘাইপথত সর্বাধিক প্রতি ঘণ্টাত ২০ কিলোমিটাৰ বেগত গাড়ী চলোৱাৰ অনুমতি প্রদান কৰা হৈছে৷

পাহাৰীয়া অঞ্চলসমূহত সর্বাধিক প্রতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগত চলাচল কৰিব পাৰিব বাহন৷ এই নির্ধাৰিত নিয়ম ভংগ কৰা লঘু বাহনৰ ক্ষেত্রত দুহাজাৰ টকা আৰু গধুৰ বাহনৰ ক্ষেত্রত চাৰি হাজাৰ টকা জৰিমনা বিহা হয়৷ দুবাৰতকৈ অধিক গতিবেগৰ এই নিয়ম ভংগ কৰা চালকসকলৰ অনুজ্ঞাপত্র বাতিল কৰাৰো বিধি আছে সংশ্লিষ্ট পৰিবহণ আইনত৷ তদুপৰি ই–চালন প্রদান কৰাৰ পাছত কোনো চালকে যদিহে জৰিমনা আদায় নিদিয়ে, তেনেহ’লে তেনে চালকৰ সম্পূর্ণ প্রফাইল বন্ধ কৰি দিয়ে পৰিবহণ বিভাগে৷ ফলত তেনে চালকে গাড়ীৰ যাৱতীয় অনুমতি–পত্র আদি পুনৰ নৱীকৰণ কৰিব নোৱাৰে৷

আনকি গাড়ী বিক্রীৰ ক্ষেত্রতো অসুবিধাৰ সন্মুখীন হ’ব পাৰে জৰিমনা আদায় নিদিয়া চালকসকল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে প্রতিখন ইণ্টাৰচেপ্ঢৰত সংলগ্ণ হৈ থকা স্বয়ংক্রিয় কেমেৰা যান–বাহনৰ নম্বৰ প্লেটত পৰাৰ লগে লগে উক্ত বাহনখনৰ সমূহ তথ্য আয়ত্ত কৰিব পাৰে পৰিবহণ বিভাগে৷ যাৰ জৰিয়তে নিয়ম ভংগ কৰা বাহনসমূহলৈ জৰিমনাৰ ই–চালান প্রদান কৰে সংশ্লিষ্ট বিভাগটোৱে৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীত ৮শৰো অধিক গোচৰ নির্ধাৰিত গতিবেগৰ নিয়ম ভংগ কৰাৰ বাবে ৰুজু কৰিছে বুলি জানিব পৰা গৈছে৷

You might also like