দৰং আৰক্ষীৰ গুলীত নিহত দুর্ধর্ষ অপৰাধী আশাবাবু আলী
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ দৰং আৰক্ষীৰ অভিযানকাৰী দলৰ সৈতে যোৱানিশা দলগাঁৱৰ ধনশ্রীকাষত সংঘটিত এক সংঘর্ষত নিহত হৈছে জ্যেষ্ঠ আইনজীৱী তথা ব্যৱসায়ী বিনয় কুমাৰ ঘোষ হত্যাকাণ্ডৰ মূল অভিযুক্ত আশাবাবু আলী৷ বিনয় ঘোষক আশাবাবু নেতৃত্বাধীন ৯জনীয়া দলে ২০১৪ চনৰ ২৮ আগষ্টৰ মাজনিশা নিজ গৃহতে হত্যা কৰিছিল৷ অধিবক্তা ঘোষৰ বাসগৃহৰ পৰা আশাবাবুৰ দলে লুটি নিছিল কেইবাকোটি টকা৷ লক্ষণীয় যে কালি দিনৰ ভাগত খাৰুপেটীয়া থানাত আশাবাবুৰ বিৰুদ্ধে ৰুজু হৈ থকা ৩০৮/১৮নং গোচৰৰ বাবে বিহুদিয়াৰ পৰা আটক কৰি খাৰুপেটীয়া থানালৈ অনা হৈছিল৷ দিনত সোধা–পোছাৰ পাছত নিশা প্রায় ১১.৩০ বজাত আশাবাবুৱে লুকাই ৰখা এটা পিষ্টলৰ সন্ধান দিয়ে৷ সেই অনুসৰি নিশা প্রায় ১.৪০ বজাত আশাবাবুক লগত লৈ আৰক্ষীৰ এটা দলে গাঁতত পুতি থোৱা পিষ্টলৰ সন্ধান কৰে৷ কিন্তু অপৰাধী আশাবাবুৱে পূর্বে লোড কৰি থোৱা পিষ্টলটো গাঁতৰ পৰা উলিয়াই জধে–মধে গুলী চলাবলৈ লয় তদন্তকাৰী দৰং আৰক্ষীৰ দলটোৰ ওপৰত৷ লগে লগে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে প্রত্যুত্তৰ দিয়ে আৰু আৰক্ষীৰ গুলীত আহত হয় আশাবাবু৷
নিশা প্রায় ২.১০ বজাত দৰং আৰক্ষীয়ে আশাবাবুক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জৰুৰী বিভাগত ভর্তি কৰোৱায় যদিও পুৱতিনিশা ৰক্তক্ষৰণৰ বাবে আশাবাবুৰ মৃত্যু হয় বুলি দৰং আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ৰূপম ফুকনে সংবাদ মেলযোগে প্রকাশ কৰে৷ দুর্ধর্ষ ডকাইত তথা অপৰাধীটোৰ জিম্মাৰ পৰা আৰক্ষীয়ে এটা ৭.৩৫ বৰৰ পিষ্টল আৰু ৩ জজাই গুলী জব্দ কৰিছে৷ আৰক্ষীয়ে বিষয়টো সন্দর্ভত অধিক তদন্ত চলাই আছে৷
মন কৰিবলগীয়া যে আশাবাবুৰ বিৰুদ্ধে দৰঙৰ ধূলা, খাৰুপেটীয়া, মঙলদৈ আদিৰ উপৰি গুৱাহাটীৰ হাতীগাঁও থানাতো এটা ডকাইতি গোচৰ ৰুজু হৈ আছে৷ ইয়াত বাদেও কেৰালাৰ এক ৰবৰ ব্যৱসায়ীক হত্যা কৰি প্রায় ৫০০ গ্রাম সোণ চুৰিৰ গোচৰত জামিন লৈ আছিল৷ মঙলদৈ থানাৰ সমীপতে ২০১৪ চনৰ ২৮ আগষ্টৰ মাজনিশা ব্যৱসায়ী তথা অধিবক্তা বিনয় কুমাৰ ঘোষ হত্যাৰো মূল অভিযুক্ত হিচাপে কেইবামাহো জে’ল–হাজোতত থাকি ওলাই আহিছিল৷ দৰঙৰ মঙলদৈ, ধূলা, খাৰুপেটীয়া, দলগাঁও আদি থানাত ৬টাকৈ গোচৰ ৰুজু হৈ আছে আশাবাবৰ বিৰুদ্ধে৷ ৰুজু হোৱা গোচৰৰ অধিকাংশই ডকাইতি, গাডী চুৰি, এ টি এম চুৰি, হত্যা সম্পর্কীয়৷ মাত্র ২ মাহ পূর্বে খাৰুপেটীয়া হনুমান মন্দিৰত চুৰি সম্পর্কীয় গোচৰো আছিল৷
এই গোচৰত কৰায়ত্ত হোৱাৰ সময়তে আৰক্ষীৰ পৰা পলায়ন কৰিছিল৷ দৰং আৰক্ষীৰ নথি অনুসৰি সকলো গোচৰ পোহৰলৈ আহে৷ সেই অনুসৰি, খাৰুপেটীয়া থানাত ৩০৭/৩০২/৪৯৮/৪৯৪ ধাৰাত ২৭০/১৮নং গোচৰ, ৩৬৬/৩৪ ধাৰাত ৩০৮/১৮নং গোচৰ আৰু ৩৭৯/৫১১/৩৪ ধাৰাত ২৩৫/২১নং গোচৰ৷ একেদৰে ধূলা থানাত ২৫নং ধাৰাত ৩০৯/১৯নং গোচৰ, মঙলদৈ থানাত ৪৬০/৩৯৬/৩৯৯/৪১১ ধাৰাত ৫৯৮/১৪নং গোচৰসহ ৪৫৭/৩৮০ ধাৰাত ১১৪৯/১৮নং গোচৰ ৰুজু হৈ আছে৷ আশাবাবুৰ এই প্রফাইলত গুৱাহাটী হাতীগাঁও থানাত ৩৯৫ দণ্ডবিধিৰ ধাৰাত ৰুজু হৈ থকা ৬৪০/১৮নং গোচৰটো অন্যতম৷