ৰাষ্ট্রীয় যান–বাহন স্ক্রেপিং নীতি মুকলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ দেশৰ বিকাশৰ যাত্রাত গুৰুত্বপূর্ণ মাইলৰ খুঁটি ৰাষ্ট্রীয় স্ক্রেপিং নীতি৷ এই নীতিয়ে দেশৰ যান–বাহন খণ্ডক নতুন চিনাকি প্রদান কৰিব৷ ইয়ে পথৰ পৰা অনুপযোগী যান–বাহন আঁতৰ কৰাত বৃহৎ ভূমিকা ল’ব আৰু ই কেৱল যান–বাহন খণ্ডতে নহয়, সকলো খণ্ডতে ইতিবাচক পৰিৱর্তন আনিব৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ গুজৰাটত অনুষ্ঠিত বিনিয়োগকাৰী সন্মিলন ভিডিঅ’ কনফাৰেঞ্চযোগে সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রীয় স্ক্রেপিং নীতি মুকলি কৰি দেশবাসীক উদ্দেশ্যি এই মন্তব্য আগবঢ়ায়৷
স্বেচ্ছাসেৱী যান–বাহন আধুনিকীকৰণ কার্যসূচী তথা যান–বাহন স্ক্রেপিং নীতিৰ অধীনত যান–বাহন স্ক্রেপিং আন্তঃগাঁথনি স্থাপন কৰাৰ উদ্দেশ্যে গুজৰাটত আয়োজিত বিনিয়োগকাৰী সন্মিলনত প্রধানমন্ত্রী মোদীয়ে কয়– স্বাধীনতাৰ ৭৫সংখ্যক বর্ষত আমি প্রায় প্রৱেশ কৰো কৰো৷ পৰৱর্তী ২৫ বছৰ দেশৰ বাবে অতি গুৰুত্বপূর্ণ হ’ব৷ এই দৃষ্টিভংগীৰে আগবাঢ়ি গ’লে ২৫ বছৰত আমাৰ কাম কৰাৰ পথ, দৈনিক জীৱন আৰু আমাৰ ব্যৱসায় সকলো পৰিৱর্তিত হ’ব৷
দেশৰ অর্থনীতি আৰু নাগৰিকৰ জীৱন ধাৰণৰ প্রসংগ উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে আজি মুকলি কৰা নীতিয়ে দেশৰ মধ্যবিত্ত শ্রেণীক অধিক লাভান্বিত কৰিব৷ যিধৰণে প্রযুক্তি সলনি হৈ আছে, আমাৰ জীৱন ধাৰণ আৰু অর্থনীতি সকলো সলনি হৈ যাব৷ এই সলনিৰ মাজতে আমাৰ বাবে পৰিৱেশ সুৰক্ষিত কৰা, মাটি সুৰক্ষিত কৰা, আমাৰ সম্পদ আৰু আমাৰ কেঁচা সামগ্রী সুৰক্ষিত কৰাটো গুৰুত্বপূর্ণ হ’ব৷ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি প্রযুক্তি আৰু উদ্ভানৰ প্রাসংগিকতা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ৰাষ্ট্রীয় স্ক্রেপিং নীতি বিকাশৰ বহনক্ষম আৰু পৰিৱেশ বন্ধুত্বমূলক৷