নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি বৃহস্পতি–শুকুৰবাৰে নিলাম হ’ব গুৱাহাটী পৌৰ নিগমে জব্দ কৰা পশুধন

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ  গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ ৰাজহুৱা স্থান, পদপথত ঘূৰি ফুৰা পশুধনৰ নিলাম সন্দর্ভত শেহতীয়াকৈ এক নির্দেশনা জাৰি কৰিছে৷ পদপথ আৰু ৰাজহুৱা স্থানত ঘূৰি ফুৰা পশুধন গুৱাহাটী পৌৰ নিগমৰ আইন অনুসৰি ৩৫৬ ধাৰাৰ অধীনত এসপ্তাহৰ বাবে ফাটেকত ৰখা হ’ব৷ এই এসপ্তাহৰ ভিতৰত মালিকপক্ষই যাৱতীয় নথি–পত্র আৰু জৰিমনা দি পশুধন মোকলাই নিব পাৰিব৷

অন্যথা প্রতি সপ্তাহে জি এম চিয়ে জব্দ কৰা পশুধন নিলাম কৰা হ’ব৷ পৌৰ নিগম কর্তৃপক্ষই জব্দ কৰা পশুধন ৰখাৰ বাবে জালুকবাৰী ফাটেক আৰু খানাপাৰা ফাটেক দুখনৰ অনুমতি প্রদান কৰিছে৷ ১–১৫নং ৱার্ডৰ ভিতৰত জিএমচিয়ে জব্দ কৰা পশুধন জালুকবাৰী ফাটেকত আৰু ১৬–৩১নং ৱার্ডত জব্দ কৰা পশুধন খানাপাৰা ফাটেকত ৰখাৰ নির্দেশনা জাৰি কৰিছে৷

জালুকবাৰী ফাটেকত প্রতি শুকুৰবাৰে ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত আৰু খানাপাৰা ফাটেকত প্রতি বৃহস্পতিবাৰে ১১ বজাৰ পৰা ১ বজালৈ পশুধন নিলাম কৰা হ’ব বুলি নির্দেশনা জাৰি কৰিছে৷

You might also like