বিমানবন্দৰৰ ৰাজনীতি
গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হৈছে অথবা ইয়াক আদানী গোষ্ঠীৰ হাতত চৰকাৰে বিক্রী কৰি দিয়া বুলি প্রচাৰ কৰি এটা আৱেগিক জাগৰণৰ সৃষ্টি কৰিব বিচৰা হৈছে৷ চান্দাৰ দেশ অসমত এনে প্রতিবাদ আৰু জাগৰণৰ বিভিন্ন চৰিত্র ৰাইজে প্রত্যক্ষ কৰি আহিছে৷ গুৰুত্বপূর্ণ কথা হ’ল যিকোনা প্রতিবাদৰ ভিত্তি হ’ব লাগে সঠিক আৰু সঠিক কথাৰে জনমত গঠন কৰাৰ চেষ্টা কৰিব লাগে৷ নহ’লে এনে প্রতিবাদী কার্যসূচীবোৰৰ লাভ বিশেষজনৰ হাতলৈ যোৱাৰ সুবিধাই অধিক৷ গুৱাহাটীৰ বিমানবন্দৰটো আদানী গ্রুপৰ হাতত বিক্রীও কৰা নাই, দানো দিয়া নাই৷ ই এক ব্যৱসায়িক লেনদেন, ঘৰ ভাৰা দিয়াৰ দৰে কথা৷ নিজৰ ঘৰ এটা দোকান এখনৰ বাবে ভাৰা দিলে ঘৰটো ব্যৱসায়ৰ প্রয়োজনমতে সজাই লোৱাৰ দৰে কথাহে৷ চৰকাৰে সঠিক ব্যৱসায়িক পৰিচালনাৰ বাবে ব্যক্তিগত খণ্ডৰ লগত কাম কৰাটো নতুন কথা নহয়৷ ভাৰতৰ অসামৰিক বিমান পৰিবহণ বিভাগত ব্যক্তিগত খণ্ডৰ সহযোগৰ পাতনি মেলা হয় ২০০৭ চনৰ পৰা৷ সেহ সময়ৰ পৰাই দিল্লী, মুম্বাহ, হায়দৰাবাদ আৰু বাংগালুৰু বিমানকোঠ পৰিচালনা কৰিবলৈ এটা নির্দিষ্ট সময়ৰ বাবে ব্যক্তিগত খণ্ডক লিজত দিয়া কামৰ আৰম্ভণি হৈছিল৷ এহ আটাহকেহটা বিমানকোঠ ব্যক্তিগত খণ্ডক পৰিচালনা আৰু ব্যৱস্থাপনা কৰিবলৈ দিয়া সময়ত কেন্দ্রৰ শাসনত আছিল হড পি এ চৰকাৰ৷ হায়দৰাবাদৰ ব্যক্তিগত খণ্ডৰ বিমানকোঠটো ডদ্ধোধন কৰিছিল কংগ্রেছ সভানেত্রী ছোনীয়া গান্ধীয়ে৷ দিল্লীৰ বিমানকোঠটো ব্যক্তিগত খণ্ডৰ যোগেৰে পৰিচালনা কৰা কামৰ উন্মোচন কৰিছিল কংগ্রেছী প্রধানমন্ত্রী মনমোহন সিঙে৷ একে ধৰণে মুম্বাহৰ বিমানকোঠটোৰ নতুন ৰূপটোৰ ডদ্বোধন কৰিছিল প্রধানমন্ত্রী মনমোহন সিঙে দেশৰ প্রধানমন্ত্রী এগৰাকীয়ে একোটা বিমানকোঠ উদ্বোধন কৰা কার্যই প্রমাণ কৰে যে এই কামটো দেশৰ বাবে কিমান গুৰুত্বপূর্ণ৷ এই বিমানকোঠবোৰৰ পৰিচালনাৰ ব্যক্তিগতকৰণ কার্যটি বিজেপি অথবা নৰেন্দ্র মোদীৰ ব্যক্তিগত সিদ্ধান্ত বুলি প্রচাৰ কৰি বিজেপিবিৰোধী প্রচাৰৰ যি বাক্ধাৰা আৰম্ভ কৰা হৈছে যি সত্যৰ ওপৰত প্রতিষ্ঠিত নহয় আৰু এই ধৰণৰ প্রচাৰ দেশৰ বাবে ক্ষতিকাৰক৷
বিমানকোঠ এটাৰ পৰিচালনাৰ দায়িত্ব লোৱাৰ সময়ত ব্যক্তিগত খণ্ডটিয়ে কেইবাশ কোটি টকা চৰকাৰক দিব লাগে৷ তাৰপিছত চুক্তি অনুসৰি কোম্পানীটোৱে মাহে মাহে চৰকাৰক ধন দি থাকিব লাগে৷ দিল্লী এয়াৰপ’র্টে যদি ১০০ টকা ডপার্জন কৰে তাৰে ৪৬ টকা চৰকাৰক দিব লাগে৷ লাভ–লোকচানৰ কথা পাছত, চৰকাৰে পাবলগীয়া পইচা আগতেই পাব৷ গুৱাহাটী বিমানকোঠটোৰ বাবে চৰকাৰে এতিয়ালৈকে বিনিয়োগ কৰা সম্পূর্ণ খৰচ চৰকাৰক আদায় দিব লাগিব আৰু পৰিচালনা কৰিবলৈ লোৱা দিনৰ পৰাহ এহ বিমানকোঠেদি যাত্রা কৰা প্রতিজন যাত্রীৰ বাবে গাহপতি ১৬০ টকাকৈ চৰকাৰক দিব লাগিব৷ আন্তঃৰাষ্ট্রীয় যাত্রীৰ বাবে গাহপতি ৩২০ টকা৷ অর্থাৎ গুৱাহাটী বিমানকোঠেদি যদি এবছৰত ৫০ লাখ যাত্রীয়ে অহা–যোৱা কৰে, তেনেহ’লে ব্যক্তিগত কোম্পানীটোৱে চৰকাৰক আঠ হাজাৰ লাখ টকা দিব লাগিব৷ ভাৰতীয় বিমানকোঠ প্রাধিকৰণে ভাৰতৰ ১৩০টা বিমানকোঠ পৰিচালনা কৰে৷ ভাৰতীয় বিমানকোঠ প্রাধিকৰণে এই এশ ত্রিছটাৰ পৰা যিমান আয় উপার্জন কৰে তাৰ আধাতকৈও বেচি উপার্জন হয় ব্যক্তিগত খণ্ডৰ মাত্র চাৰিটা বিমানকোঠৰ পৰা৷ এই উপার্জনৰ বাবে বিমানকোঠ পৰিচালকে বিমানকোঠাত খাদ্য–সামগ্রী, দোকান, হোটেল, আমোদ–প্রমোদৰ বিভিন্ন আহিলা আদিৰ ব্যৱস্থা কৰে আৰু ই এটা নতুন ধৰণৰ ব্যৱসায়িক কেন্দ্রলৈ ৰূপান্তৰিত হয়, প্রত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ পথ উন্মুক্ত হয়৷ কিন্তু বিমানকোঠটি পৰিচালনা কৰাৰ মূল নীতি চৰকাৰে নির্ধাৰণ কৰা মতেই চলে আৰু সুৰক্ষা, কাষ্টমছ, হমিগ্রেচন, স্বাস্থ্য আদি আৱশ্যকীয় সেৱাসমূহৰ দায়িত্ব চৰকাৰৰ হাততেই ন্যস্ত থাকে৷ কিন্তু চৰকাৰৰ নিয়ন্ত্রণত নথকা দিশবোৰত যদি কোম্পানীৰ মইমতালি চলে, সেইবোৰক নিয়ন্ত্রণত ৰখাৰ দায়িত্ব চৰকাৰৰ৷ এই বিমানকোঠৰ পৰা অসম চৰকাৰে এভিয়েচন ফুৱেল টেক্সকে ধৰি বিভিন্ন ধৰণৰ কৰ লাভ কৰিব আৰু বিমানকোঠৰ গাতে হ’ব লগা এৰোচিটিৰ পৰাও বহু ধৰণৰ কৰ লাভ কৰিব৷ বিমানকোঠ আৰু এৰোচিটি দুয়োটাই লগ হৈ অসমৰ অর্থনৈতিক অৱস্থাত যে ভাল প্রভাৱ পেলাব তাত কোনো সন্দেহ নাই৷ এইক্ষেত্রত চৰকাৰেও ভৱিষ্যমুখী দৃষ্টিৰে কৰিবলগীয়া বহুত কাম থাকিব৷