নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুৰ নাৰায়ণা হূদয়ালয়ত নতুন জীৱন লাভ দেৱশিশুৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা–নিউজ লাইভক ধন্যবাদ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সঁহাৰিয়ে নতুন জীৱন দিলে মহানগৰীৰ বিষ্ণুপুৰৰ এটি ৯মহীয়া দেৱশিশুক৷ ৰাজহাডৰ তলত ফুটা লৈ বিগত ৯ মাহে কষ্টদায়ক জীৱন অতিবাহিত কৰি আহিছিল সঞ্জয় কুমাৰ সাহা আৰু তাপতি সাহাৰ ৯মহীয়া কন্যা স্নিগ্ধা সাহাই৷ এই দেৱকন্যাৰ যন্ত্রণাদায়ক বেদনাৰ কথা দৃষ্টিগোচৰ হৈছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ইয়াৰ পিছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত এই দেৱশিশুটিক জি এম চি এইচত ভর্তি কৰোৱা হৈছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাৰ হস্তক্ষেপত ১৪ জুলাইত এই দেৱশিশুটিক বিশেষ বিমানযোগে প্রেৰণ কৰা হৈছিল বাংগালুৰুৰ নাৰায়ণা হূদয়ালয় হাস্পতাললৈ৷

প্রায় এমাহ ধৰি বাংগালুৰুত সম্পূর্ণ বিনামূলীয়াকৈ চিকিৎসা চলিছিল স্নিগ্ধা স্বাহাৰ৷ এটা বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানতে বাংগালুৰুতে সম্পূর্ণ হৈছিল কণমানিগৰাকীৰ ৰাজহাডৰ জটিল অস্ত্রোপচাৰ৷ অৱশেষত চিকিৎসাৰ অন্তত যোৱা ১৪ আগষ্টত বিষ্ণুপুৰৰ বাসগৃহত উপস্থিত হয় কণমানিগৰাকীৰ লগতে পিতৃ– মাতৃ৷

উল্লেখ্য যে ভালদৰে লৰচৰ কৰিব নোৱাৰা এই কণমানিগৰাকীয়ে এতিয়া বহিব পাৰিছে৷ পূর্বতকৈ এতিয়া ক্রমাৎ সুস্থ হৈ উঠিছে দেৱশিশুটি৷চকুৰ পানীৰে বাট নেদেখা এই পৰিয়ালটোৰ মুখত এতিয়া দেখা গৈছে প্রাপ্তিৰ হঁাহি৷ ‘নিউজ লাইভ’ৰ সাংবাদিক বিকাশ শর্মাৰ নিৰলস প্রচেষ্টা আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সঁহাৰিৰ বাবে জীৱনৰ হেৰুৱা ছন্দ ঘূৰাই পাইছে দৰিদ্র পৰিয়ালটোৱে৷ অতি ব্যয়বহুল এই চিকিৎসা সম্পূর্ণ বিনামূলীয়াকৈ সম্পন্ন হোৱাৰ বাবে মুখ্যমন্ত্রী, জি এম চি এইচ কর্তৃপক্ষ, নিউজ লাইভৰ সাংবাদিকক কৃতজ্ঞতাৰে ওপচাই পেলাইছে কণমানিগৰাকীৰ পিতৃ সঞ্জয় সাহা আৰু মাতৃ তাপতি সাহাই৷

উল্লেখ্য যেবাংগালুৰুত চিকিৎসা কৰোৱাতে এইটো পৰিয়ালৰ সপোনৰ অগোচৰ আছিল৷ অতি ব্যয়বহুল এই চিকিৎসা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পোনপটীয়া হস্তক্ষেপত সম্পন্ন হোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা আৰু হিয়া উজাৰি আশীর্বাদ দিছে অতি দৰিদ্র পৰিয়ালটোৱে৷

You might also like