নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৱিত্র ভাদ মাহঃ বটদ্রৱা থানত ওঠৰ প্রসংগৰ নাম কার্যসূচীৰ শুভাৰম্ভণি

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ গুৰুজনাৰ জন্মধাম টদ্রৱাটো মঙলবাৰে শাওণ ভাদৰ সংক্রান্তি উপলক্ষে এক উখল–মাখল ধর্মীয় সাংস্কৃতিক পৰিৱেশৰ সূচনা হৈছে৷ টদ্রৱাৰ ঐতিহ্যময় দুই সত্রৰ ভকত বৈষ্ণৱ আৰু আইমাতৃসকলে ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক জীপাল কৰি তুলিবৰ বাবে আজিৰে পৰা প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্রৰ এই পৃথিৱীলৈ আগমন ঘটিছিল এই ভাদ মাহত৷ পৱিত্র ভাদ মাহত হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ, নামঘৰ, সত্র৷ টদ্রৱা থানলৈ আগমন ঘট্বি দেশ তথা ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা প্রতিদিনে ভকত বৈষ্ণৱ৷

বিগত ছৰৰ দৰে এইেবলিও ক’ৰোনাৰ সন্ত্রাস চলি থকাৰ বাবে সীমিতসংখ্যক ভকত–ৈবষ্ণৱৰ জৰিয়তে ভাদ মাহৰ পৰম্পৰাগত নাম–প্রসংগ চলাবলৈ আগ্বাঢ়িছে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতি৷ মাস্ক, ছেনিটাইজাৰ ৱহাৰ আৰু সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি তীর্থযাত্রীক আদৰ্বিলৈ এতিয়া দিনে–নিশাই ব্যস্ত হৈছে পৰিচালনা সমিতিৰ সেৱকসকল৷ দ্বিতীয় পালি ভেকচিন গ্রহণ কৰাসকলকহে বটদ্রৱা থান প্রাংগণত প্রৱেশ কৰ্বিলৈ পৰিচালনা সমিতিয়ে নির্দেশনা দিছে৷ ভকত বৈষ্ণৱ তথা স্থানীয় ৰাইজে মিলি থান প্রাংগণৰ বিভিন্ন স্থান পৰিষ্কাৰ কৰাত স্ত হৈ পৰিছে৷

ইতিমধ্যে পৰিচালনা সমিতিয়ে ভকত বৈষ্ণৱে যাতে কোনো অসুিবধাৰ সন্মুখীন নহয় তাৰ বাবে বিশুদ্ধ খোৱাপানী, প্রসাদ দিয়া স্থান, অতিথিশালা, জিৰণিচ’ৰা, গাডী পার্কিং আদি সকলো স্বচ্ছতা সম্পূর্ণ কৰি তুলিছে৷ তদুপৰি টদ্রৱা থানৰ কীর্তনঘৰৰ নৱীকৰণৰ কাম চলি থকাৰ পৰিপ্রেক্ষিতত নাটঘৰত অস্থায়ীভাৱে গুৰু আসন প্রতিষ্ঠা কৰি ওঠৰ প্রসংগেৰে ভাদ মাহৰ পৰম্পৰাগত ধর্মীয় অনুষ্ঠানৰ ৰীতি–নীতি আৰু ঐতিহ্যৰে জীপাল হৈ উঠিব৷ জগত গুৰুজনাৰ পৱিত্র জন্মস্থান টদ্রৱা থানত পৱিত্র ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক সাৰোগত কৰি অনুষ্ঠিত হ’লগীয়া ওঠৰ প্রসংগৰ প্রথমটো কার্যসূচী পুৱতি নিশা তালকোেবাৱাৰে আৰম্ভ হৈ নিশা শেষপাল প্রসংগৰে সামৰণি পৰ্বি৷ ভাদ মাহৰ নাম ৰখা কার্যসূচীৰ আজি শাওণ ভাদৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈছে৷

You might also like