নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নির্মাণৰ বাবে ৫০ কোটি টকা বাজেটত নির্ধাৰণ কৰা হৈছে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বুুধবাৰে দিনজোৰা কার্যসূচীৰে গোলাঘাটত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্রী ড০ শর্মাই গোলাঘাটস্থিত বীৰাংগনা সতী সাধনী কলাক্ষেত্রত সাধনীৰ প্রতিমূর্তি উন্মোচন কৰি এই মন্তব্য প্রকাশ কৰে৷ কলাক্ষেত্র চৌহদত ১২ ফুট উচ্চতাৰ ৰাজ্যৰ সর্বোচ্চ বীৰাংগনা সতী সাধনীৰ প্রতিমূর্তি উন্মোচন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি আমাৰ বাবে এক গৌৰৱৰ দিন৷ প্রায় ২৫ লাখ টকা ব্যয় সাপেক্ষ বিশিষ্ট ভাস্কৰ শিল্পী ৰঞ্জিত বৰাই নির্মাণ কৰা এই প্রতিমূর্তি উন্মোচন কৰি মুখ্যমন্ত্রীগৰাকীয়ে জিলাখনৰ ক’ভিড পৰিস্থিতি, জল জীৱন আঁচনি সন্দর্ভত এক পর্যালোচনা সভাত অংশ লয়৷ তেওঁ প্রস্তাৱিত সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ প্রস্তাৱিত ভূমিও পৰিদর্শন কৰে৷ তেওঁ এইক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা প্রশাসনক নির্দেশ দিয়ে৷
লগতে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে গোলাঘাট উপায়ুক্ত কার্যালয় নির্মাণৰ বাবে ৫০ কোটি টকা, গোলাঘাট–দেৰগাঁও সংযোগী পণ্ডিত হেমচন্দ্র গোস্বামী চাৰিলেনযুক্ত পথ নির্মাণৰ বাবে ২৫০ কোটি টকা ধার্য কৰা হৈছে৷ ইয়াৰ উপৰি সৰুপথাৰত লাভলীনা বৰগোহাঁই ক্রীড়া প্রকল্পৰ বাবে ২৫ কোটি টকা আৰু খুমটাই আৰু দেৰগাঁও সমষ্টিত দুটা ক্রীড়া প্রকল্পৰ বাবে ১০ কোটি টকাকৈ নির্ধাৰণ কৰা হৈছে৷ এই আটাইকেইটা প্রকল্পৰ কাম শীঘ্রে আৰম্ভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গোলাঘাটত ২২ হাজাৰ পৰিয়ালক প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ নির্মাণৰ আবণ্টন দিয়া হৈছে আৰু চাহ বাগিচাৰ শ্রমিকৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে৷
মুখ্যমন্ত্রী ড০ শর্মাই গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নির্মাণ কৰা ১০খন বিছনাযুক্ত আই চি ইউ বুধবাৰে জনসাধাৰণৰ সেৱাৰ বাবে উৎসর্গিত কৰে৷ বুধবাৰে অনুষ্ঠিত পর্যালোচনা বৈঠকত লোকনির্মাণ আঁচনিৰ অধীনত অসম মালা আঁচনিৰ জৰিয়তে জিলাখনত ৰূপায়িত হৈ থকা প্রকল্পসমূহৰ দ্রুত ৰূপায়ণৰ নির্দেশ জাৰি কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ আজিৰ এই পর্যালোচনা বৈঠকত কৃষিমন্ত্রী অতুল বৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্ত, বিত্তমন্ত্রী অজন্তা নেওগ, বিধায়কসকল ক্রমে মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন আৰু জিলা প্রশাসনৰ জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে৷