ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা দেশবাসীৰ ওপৰত ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰে পুনৰ মাধমাৰ শোধালে৷ পেট্র’লিয়াম কোম্পানীসমূহে প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি কৰিলে৷ ইয়াকে লৈ প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য দেশৰ ৰাজধানী দিল্লীত ৮৫৯.৫০ টকালৈ বৃদ্ধি পালে৷ যোৱা ১ জুলাইত প্রতিটো চিলিণ্ডাৰৰ মূল্য ২৫.৫০ টকাকৈ বৃদ্ধি কৰাৰ এমাহৰ মূৰত পুনৰ সেই চিলিণ্ডাৰত ১৭ আগষ্টৰ পৰা কার্যকৰী হোৱাকৈ ২৫ টকা বৃদ্ধি কৰিলে৷ ক্রমাগত দুটা মাহত দুবাৰকৈ ঘৰুৱা ৰন্ধন গেছৰ ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিলে৷
উল্লেখ্য যে চলিত বর্ষৰ ১ জানুৱাৰীৰ পৰা ১৭ আগষ্টলৈকে প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ১৬৫ টকা বৃদ্ধি পালে৷ সম্প্রতি ইলেক্ট্রিক কুকিঙতকৈ এল পি জি ৰন্ধন গেছৰ মূল্য অধিক৷ মন কৰিবলগীয়া যে পেট্র’লিয়াম কোম্পানীসমূহে প্রতিটো মাহৰ ১ তাৰিখ আৰু ১৫ তাৰিখে ৰন্ধন গেছৰ মূল্য পুনৰ নির্ধাৰণ কৰি আহিছে৷ এই প্রক্রিয়াৰ আধাৰতেই চলিত বর্ষটোত ইতিমধ্যে ছবাৰতকৈ অধিক মূল্য বৃদ্ধি কৰিছে৷ উল্লেখ্য যে ১৭ আগষ্টৰ পৰা প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰাত অসমৰ ৰাজধানী গুৱাহাটীত এই চিলিণ্ডাৰৰ মূল্য ৮৮৩.৫০ টকা হৈছে৷ অৱশ্যে ৰাজ্যখনৰ বিভিন্ন প্রান্তত এই চিলিণ্ডাৰৰ মূল্য পৃথক৷