নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত ১০০ বস্তা বার্মিজ চুপাৰি জব্দ

নিয়মীয়া বাৰ্তা ২১ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পিছতে ছিণ্ডিকেট চক্রৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্রহণ কৰিছে৷ অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো পুনৰ সক্রিয় হৈ উঠিছে আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্র৷ ৰাজনৈতিক আশিসপুষ্ট চোৰাং সৰবৰাহকাৰী চক্রটোৱে ন ন কৌশল অৱলম্বন কৰি গুৱাহাটীৰ মাজেৰে বার্মিজ চুপাৰিৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ চোৰাং সৰবৰাহকাৰী চক্রটোৱে এইবাৰ ৰে’লেৰে বার্মিজ চুপাৰি সৰবৰাহ কৰিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৈ৷ পশ্চিমবংগৰ পৰা নিয়ন্ত্রণ কৰি থকা এই চোৰাং সৰবৰাহকাৰী চক্রটোৱে কালি ৰে’লেৰে কেইবাকোটি টকাৰ বার্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা চলাইছিল৷ ৰে’ল আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি গুৱাহাটী ষ্টেচনত অভিযান চলাই ১০০ বস্তা বার্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়৷

ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ০৩১৭৪ নম্বৰৰ আগৰতলা–শিয়ালদহ কাঞ্চনজংঘা এক্সপ্রেছেৰে এই বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি কলকাতালৈ নিয়াৰ কথা আছিল৷ ৰে’ল আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কাঞ্চনজংঘা এক্সপ্রেছত অভিযান চলাই এই বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত ৰে’ল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে চুপাৰি ছিণ্ডিকেট চক্রৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলোৱাৰ পিছতে আন্তঃৰাষ্ট্রীয় চোৰাং ব্যৱসায়ী চক্রটোৱে একাংশ অসাধু ৰে’ল আৰক্ষী, ৰে’ল বিভাগৰ বিষয়া আৰু টিকট পৰিদর্শকক মেনেজ কৰি কলকাতালৈ বার্মিজ চুপাৰি সৰবৰাহ কৰি আহিছে৷ আনহাতে, দুদিন পূর্বে ৰে’ল আৰক্ষীয়ে গুৱাহাটী ষ্টেচনত নামনিমুৱা অমৃতসৰ এক্সপ্রেছৰ দবাৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং চুপাৰি আৰু ইলাচী জব্দ কৰিছিল৷

You might also like