তালিবানৰ কমাণ্ডো ‘বদৰ–৩১৩ বেটেলিয়ন’
নিয়মীয়া বাৰ্তা ২১ আগষ্টঃ তালিবান যোদ্ধাই পোছাক সলনি কৰিছে৷ পূর্বৰ সেই পাঠান ছ্যুট আৰু পাগুৰি এতিয়া তালিবানে পৰিহাৰ কৰিব৷ ইয়াৰ বিপৰীতে ‘কেম’ফ্লেজ বেটেল ফেটিগ’ আৰু ‘বুলেটপ্রুফ ভেষ্ট’ পৰিধান কৰিবলৈ লৈছে তালিবান যোদ্ধাই৷ মূৰত বেলিষ্টিক হেলমেট৷ তালিবানৰ এই নতুন কমাণ্ডো ইউনিটৰ সদস্যক কাবুলৰ ৰাস্তাত টহল দিয়া দেখিবলৈ পোৱা গৈছে৷ তালিবানৰ এই কমাণ্ডো ইউনিটৰ নাম ৰখা হৈছে ‘বদৰ–৩১৩ বেটেলিয়ন’৷ ঐতিহাসিক বদৰ যুদ্ধৰ স্মৃতিত ইছলামৰ এই যোদ্ধা বাহিনীৰ নাম ৰাখিছে তালিবানে৷ ৬২৪ খ্রীষ্টাব্দত হজৰত মহম্মদে মাত্র ৩১৩জন যোদ্ধাক লৈ মদিনাৰ পৰা দূৰৈৰ বদৰ উপত্যকাৰ যুদ্ধত হৰুৱাইছিল বিশাল কুৰাইছ বাহিনীক৷ সেই যুদ্ধৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এই নতুন বাহিনীৰ নাম ৰাখিছে তালিবানে৷
সম্প্রতি তালিবানে এই বিশেষ কমাণ্ডো বাহিনীৰ ছবি আৰু ভিডিঅ’ প্রকাশ কৰিছে৷ ভিডিঅ’ত দেখুওৱা হৈছে যোদ্ধাসকলৰ শাৰীৰিক কচৰৎ আৰু অস্ত্র প্রশিক্ষণ পর্ব৷ আধুনিক অস্ত্রৰ উপৰি এই যোদ্ধাসকলৰ আছে মেনপেক, নাইট ভিছন আৰু গ্লাছ মাস্কো৷ তালিবানে দাবী কৰা অনুসৰি আফগানিস্তানৰ দুর্গম অঞ্চল আৰু মৰুভূমিত যুদ্ধৰ বাবে এই বাহিনীক বিশেষভাৱে সাজু কৰি তোলা হৈছে৷
লক্ষণীয়ভাৱে এই যোদ্ধাসকলক কোনে প্রশিক্ষণ দিছে তাক লৈ বিশ্বৰ বিভিন্ন দেশত সৃষ্টি হৈছে কৌতুহল৷ পাশ্চাত্যৰ সংবাদ মাধ্যমৰ একাংশই অনুমান কৰা অনুসৰি এই বিশেষ বাহিনীৰ প্রশিক্ষণৰ নেপথ্যত আছে পাকিস্তানৰ এছএজি (স্পেচিয়েল ছার্ভিচ গ্রুপ)ৰ কমাণ্ডোসকল৷ পাকিস্তানৰ তৰফৰ পৰাই আমেৰিকান এম ৪ কার্বাইন আৰু বিমান বিধ্বংসী ক্ষেপণাস্ত্রও লাভ কৰিছে বদৰ বাহিনীয়ে৷