ক’ভিডত আর্থিকভাৱে ক্ষতিগ্রস্তক সহায় কৰিবলৈ চৰকাৰক দাবী বিৰোধী দলপতিৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: ক’ভিড পৰিস্থিতিৰ বাবে বাছ চালকসকলৰ অৱস্থাৰ অনুমান কৰি চৰকাৰে ১০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰাৰ দৰে কেব চালক, অটো চালক, মেজিক চালক, মিনিট্রাক চালক, শাক–পাচলিৰ ব্যৱসায়ী, সৰু দোকানী, নাপিত, ধোবা, ৰিক্সাচালক, খুচুৰা কাপোৰ ব্যৱসায়ী, বিভিন্ন শিল্পকর্মৰ লগত, মৃৎ শিল্পৰ লগত জড়িতসকলকো সহায়ৰ বাবে চৰকাৰক পদক্ষেপ লোৱাৰ দাবী জনাইছে বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷
শনিবাৰে মুখ্যমন্ত্রীলৈ প্রেৰণ কৰা এক পত্রত বিৰোধী দলপতি শইকীয়াই সেই দাবী উত্থাপন কৰাৰ লগতে দ্য ষ্টেট ইনভেচন এণ্ড ট্রেন্সফর্মেচন আয়োগ, আছাম আৰু ৰাজ্যৰ অর্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে অৱসৰপ্রাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্র দাসৰ অধ্যক্ষতাত গঠন কৰি দিয়া উপদেষ্টা সমিতিয়ে আগবঢ়োৱা পৰামর্শৱলী অতি সোনকালে কার্যকৰি কৰাৰ দাবী জনায়৷ ৰাজ্যৰ কৃষি উদ্যোগিক, দক্ষতা, বিকাশ, দুগ্ধ উৎপাদন, ক্ষুদ্র ব্যৱসায়ী আদি ক্ষেত্রৰ বিকাশৰ গুৰুত্ব প্রদান কৰিবলৈ পৰামর্শ দিয়া হৈছিল৷ কিন্তু চৰকাৰে এই পৰামর্শসমূহ গুৰুত্ব প্রদান কৰা দেখা নগ’ল৷ যাৰ ফলশ্রুতিত আজি ৰাজ্যৰ হাজাৰ হাজাৰ জনতাই কর্মসংস্থাপনহীনত্ ভুগিছে৷