বিশ্বৰ সকলো দেশৰে সম্পর্ক গঢ়িব বিচাৰে তালিবানেঃ বাৰাদৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: যুদ্ধবিধ্বস্ত আফগানিস্তানত চৰকাৰ গঠন কৰাৰ বাবে জেহাদীৰ সৈতে আলোচনাত মিলিত হোৱা তালিবানৰ সহঃপ্রতিষ্ঠাপক তথা উপ–মুৰব্বী মোল্লা আব্দুল ঘানি বাৰাদৰে বিশ্বৰ সকলো দেশৰ সৈতে সম্পর্ক গঢ়িব বিচাৰে বুলি টুইটাৰযোগে ঘোষণা কৰিছে৷
ইছলামিক এমিৰেট অৱ আফগানিস্তানে বিশ্বৰ সকলো দেশ, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্রৰ সহিতে সকলো দেশৰ সৈতে কূটনৈতিক আৰু বাণিজ্যিক সম্পর্ক গঢ়িব বিচাৰে বুলি টুইটাৰযোগে ঘোষণা কৰিছে৷ তালিবানৰ উপ–মুৰব্বী বাৰাদৰে এই কথা স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কিছু দেশৰ সৈতে সম্পর্ক গঢ়িব নিবিচৰা বুলি ওলোৱা বাতৰি মিছা৷ ৰাজধানী কাবুল তালিবানে দখল কৰাৰ পিছতেই কাটাৰৰ পৰা আহি বাৰাদৰ বর্তমান কাবুলত আছে৷