নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰৰ সামগ্রী চুৰিত জড়িত ১০জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই গুৱাহাটীত চোৰৰ দলে লুটপাত চলাই আহিছে৷ ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ মাজতে মহানগৰীৰ দুই–এটা স্থানক বাদ দি প্রায় প্রতিটো স্থানতে ধর্মীয় অনুষ্ঠান, বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান আদিত চোৰে ধাৰাবাহিকভাৱে লুটপাত চলাই আহিছে৷ মহানগৰীৰ ভিন্ন স্থানত চুৰি কার্য সংঘটিত কৰি অহা চোৰৰ এটা বৃহৎ গেঙক কালি নিশা ভৰলুমুখ থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ভৰলুমুখ থানাত ৰুজু হোৱা ৬৮৩/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই কালি নিশা ৰাজেশ সিং (২৫), ৰুবুল দাস (২৪) আৰু ৰাজু বড়ো (২৫)ক গ্রেপ্তাৰ কৰে৷ ধৃত তিনি দুর্ধর্ষ চোৰৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে মহানগৰীৰ ডেম্পসমূহত চলি থকা অপৰাধমূলক কার্যকলাপৰ বহু বিস্ফোৰক তথ্য৷ অপৰাধীৰ ঘাটিত পৰিণত হোৱা ডেম্পসমূহৰ মালিকৰ সৈতে বুজাবুজি কৰি চোৰৰ গেঙে চুৰি সামগ্রী ডেম্পত বিক্রী কৰি আহিছে৷

আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি মহানগৰীত ৫ শতাধিক ডেম্প আছে৷ এই ডেম্পসমূহৰ ৯৯ শতাংশৰে নাই পৌৰ নিগমৰ অনুজ্ঞাপত্র৷ অবৈধ ডেম্পসমূহতে চোৰৰ দলে পৰিকল্পনা কৰে কোন স্থানত চুৰি কৰিব৷ সেই পৰিকল্পনা অনুসৰিয়েই পৃথকে পৃথকে চুৰিকার্য সংঘটিত কৰে৷ চুৰি সামগ্রীসমূহো ডেম্পৰ মালিকে কাম স্থানত ক্রয় কৰি বিক্রী কৰে৷ ভৰলুমুখ থানাত ৰুজু হোৱা গোচৰটোৰ ভিত্তিত গ্রেপ্তাৰ কৰা তিনি দুর্ধর্ষ চোৰৰ স্বীকাৰোক্তিতে পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য৷

ধৃত চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি ভৰলুমুখ আৰক্ষীয়ে ভূতনাথ আৰু বিৰুবাৰীৰ কেইবাটাও ডেম্পত অভিযান চলায়৷ আৰক্ষীৰ এই অভিযানত ডেম্পৰ পৰা উদ্ধাৰ হয় মন্দিৰ, নামঘৰ আদিকে ধৰি বিভিন্ন ধর্মীয় অনুষ্ঠানৰ পৰা চুৰি কৰা বহু সামগ্রী৷ আৰক্ষীয়ে ৬ যোৰ তাল, তিনিটা বানবাতি, ৬খন কাঁহৰ থাল, ৪টা কাঁহৰ গামলা, ৯টা চাকি ষ্টেণ্ড, এখন আসনকে ধৰি ধর্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা বিভিন্ন সামগ্রী৷ ধৃত চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত ভৰলুমুখ আৰক্ষীয়ে আনোৱাৰ হুছেইন (৩০), মহম্মদ ইমৰান হুছেইন (২৪), আখতাৰ হুছেইন (২০), জিয়াউল হক (২৫), আয়াতুল্লা (৩২), আইনুদ্দিন আলী (৩২) আৰু মিজানুৰ ৰহমান (২৭)ক গ্রেপ্তাৰ কৰে৷ মহানগৰীৰ বিভিন্ন স্থানত চুৰি কার্যৰে সন্ত্রাস চলোৱা এই চোৰকেইটাক আজি আৰক্ষীয়ে আদালতত হাজিৰ কৰি জিম্মাত বিচাৰে৷ আদালতে ৰাজেশ সিং, ৰাজু বড়ো, আনোৱাৰ হুছেইন আৰু মহম্মদ ইমৰান হুছেইনক আৰক্ষীৰ জিন্মালৈ প্রেৰণ কৰে৷ সম্প্রতি ভৰলুমুখ আৰক্ষীয়ে ধৃত চোৰ আৰু চুৰি সামগ্রী ক্রয় কৰা ডেম্পৰ মালিকক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

You might also like