আৰক্ষীৰ গুলীত নিহত তিনি ডকাইতঃ বেংক লুটৰ পৰিকল্পনাৰে আহিছিল ৬জনীয়া দল
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: কোকৰাঝাৰৰ ভোটগাঁও কাশিপাৰাস্থিত এলাহাবাদ বেংকৰ শাখাত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ গুলীত নিহত হয় তিনিটাকৈ ডকাইত৷ ভোটগাঁও বজাৰত থকা এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ গুলীত নিহত হোৱা ডকাইত তিনিটা ক্রমে গোৱালপাৰা জিলাৰ লক্ষীপুৰ জলেশ্বৰৰ বাৰেক আলীৰ পুত্র মনোৱাৰ হুছেইন (২৭), মতলেব আলীৰ পুত্র আমিনুল হক (২৮) আৰু দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ বাগাৰপাৰাৰ আব্দুল ছুবুৰৰ পুত্র চিৰাজ দৌলা শ্বেখ (২৬) বুলি আৰক্ষীয়ে সদৰী কৰিছে৷
কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয় প্রেক্ষাগৃহত দেওবাৰে আয়োজিত এখন সংবাদ মেলত বি টি আৰৰ আই জি পি ডাঃ এল আৰ বিষ্ণই আৰু জিলা আৰক্ষী অধীক্ষকে কয় যে কোকৰাঝাৰ জিলাৰ কাশিপাৰা ভোটগাঁওস্থিত এলাহাবাদ বেংকৰ শাখাটোত এদল ডকাইতে ডকাইতি কৰিবলৈ অহাৰ নিশ্চিত তথ্য লাভ কৰি আৰক্ষীয়ে কেইবাটাও স্থানত খাপ পিটি ৰয়৷ ইতিপূর্বে কেইবাবাৰো ডকাইতি সংঘটিত হোৱা এলাহাবাদ বেংকৰ শাখাটোত পুনৰ বেংক ডকাইতৰ দল উপস্থিত হোৱাৰ তথ্য আৰক্ষীয়ে বিশেষ সূত্রে লাভ কৰি দলটোক কৰায়ত্ত কৰিবলৈ চাৰিটা স্থানত খাপ পিটি ৰৈ থকাত নিশা প্রায় ২.৩০ বজাত বেংকটোৰ পৰা প্রায় ৮০০ মিটাৰ দূৰৈৰ চেংমাৰী নামৰ ঠাইত ডকাইতৰ দলটোৰ সৈতে আৰক্ষী মুখামুখি হয়৷ এখন গ্লেমাৰ মটৰচাইকেল আৰু অ’টোত অহা ডকাইতৰ দলটোক আৰক্ষীয়ে ৰ’বলৈ ইংগিত দিয়ে যদিও ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷
প্রত্যুত্তৰত আৰক্ষীয়েও ডকাইতৰ দলটোক লক্ষ্য কৰি গুলীচালনা কৰে৷ প্রায় আধা ঘণ্টা ধৰি গুলীচালনা কৰাৰ অন্তত আৰক্ষীয়ে তিনিটা ডকাইতক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
আনহাতে ডকাইতৰ দলটোৰ আন তিনি সদস্য আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, আঠ জাঁই সক্রিয় গুলী, ৬ জাঁই খালী গুলী, ২৫ কেজিৰ অক্সিজেন চিলিণ্ডাৰ, ১৪.৫ কেজিৰ ঘৰুৱা চিলিণ্ডাৰ , এখন গ্লেমাৰ মটৰচাইকেল, এখন অটো (নং এ এছ–১৮ এ চি ১৩৩৬), কাটিং টর্চ, ৰেগুলেটৰ, তিনিটা ম’বাইল ফোন, ৰেঞ্জ, তাঁৰ, লোহাৰ দণ্ড , দা আদিকে ধৰি আন কেতবোৰ সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে৷
সংবাদ মেলত সদৰী কৰা মতে ইয়াৰে আমিনুল হক নামৰ ডকাইতটো ইতিপূর্বে গোৱালপাৰাত কাৰাবাস খটা অপৰাধী৷ আৰক্ষীৰ গুলীত নিহত হোৱা তিনিওটা ডকাইত গোৱালপাৰাত কেইমাহমান পূর্বে সংঘটিত আন এক ডকাইতিৰ সৈতে জডিত থকাৰ তথ্য লাভ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে৷
ডকাইতৰ দলটোক সহায় কৰা, খবৰ দিয়া, আশ্রয় দিয়া সকলোৰে ওপৰত আৰক্ষীৰ নজৰ আছে আৰু যোৱা দুমাহৰ পৰাই প্রতিটো খবৰ–তথ্য লাভ কৰি নজৰত ৰাখিহে আৰক্ষীয়ে অভিযান চলাইছিল৷ কিছুদিন পূর্বে ভোটগাঁও কাশিপাৰাৰ এলাহাবাদ বেংকত অন্য এক ডকাইতি কাণ্ড সংঘটিত হৈছিল আৰু উক্ত ভিডি’ ফুটেজ আৰক্ষীয়ে সাৱধানেৰে পৰীক্ষা কৰি সমস্ত তথ্য লাভ কৰিছিল৷ ডকাইতৰ এইটো দলে কোকৰাঝাৰ, ধুবুৰীৰ বহু ঠাইত ডকাইতি কৰাৰ পৰিকল্পনা কৰি আছিল আৰু এইক্ষেত্রত একাংশই ডকাইতৰ দলটোক সহায় কৰিছিল বুলি সংবাদ মেলত সদৰী কৰি শীর্ষ আৰক্ষী বিষয়াদ্বয়ে ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰিছে৷
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ সীমান্তৱর্তী ধুবুৰী জিলাৰ ভিন্ন প্রান্তত ডকাইতৰ অত্যাচাৰ সর্বজনবিদিত আৰু উক্ত অঞ্চলসমূহত ৰাইজে ডকাইতৰ পৰা ৰক্ষা পাবলৈ পাল পাতি পহৰা দি আহিছে৷ ইতিমধ্যে উক্ত অঞ্চলসমূহত ঘৰৰ গৰাকীক হত্যা কৰি সম্পত্তি লুট কৰি নিয়াৰ দৰে ঘটনাও সংঘটিত হৈছে৷ কোকৰাঝাৰ জিলাতো কিছুদিনৰ পৰা এক বিশেষ ধর্মাৱলম্বী অধ্যুষিত এলেকাত চোৰ–ডকাইতৰ ত্রাস বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল৷ জনসাধাৰণে আতংকত দিন কটোৱাৰ সময়তে আৰক্ষীৰ সফল অভিযানে বিশেষ তাৎপর্য বহন কৰিছে৷