উত্তৰ অসমৰ একমাত্র বর্ষাৰণ্য ‘পবা’ত বনদস্যুৰ দপদপনি
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্রীয়ে বনাঞ্চল সংৰক্ষণৰ বাবে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছে, সেই সময়তে জোনাইত একাংশ বনদস্যুৰ বন ধ্বংসকার্যই জোনাইবাসীৰ চকু কপালত তুলিছে৷ বর্ষাৰণ্য পবা বনাঞ্চলত অব্যাহত আছে বন ধ্বংসযজ্ঞ৷ ধেমাজি জিলাৰ একমাত্র বর্ষাৰণ্য তথা জৈৱ–বৈচিত্র্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্রীয় বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিবলৈ বিভিন্ন সংগঠনে দাবী জনাই অহাৰ সময়তে বন বিভাগৰ দুর্বলতাৰ সুযোগ লৈ একাংশ বনদস্যুৱে ধেমাজি জিলাৰ একমাত্র জৈৱ–বৈচিত্র্যৰ ভঁৰাল পবা বনাঞ্চলৰ পবামুখত বন ধ্বংসকার্য নির্বিঘ্ণে চলাই গৈছে৷
বনদস্যুৱে বনাঞ্চলখনৰ শলখ, গমাৰী, খকন, উৰিয়াম আদি মূল্যৱান গছ কাটি চোৰাং কাঠৰ বেহা অব্যাহত ৰখাৰ খবৰে বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰিছে৷ জোনাইৰ ৰক্ষাকৱচস্বৰূপ পবা বনাঞ্চল ধ্বংসকার্য ৰোধৰ বাবে বন বিভাগৰ নির্লিপ্ততাৰ গুৰুতৰ অভিযোগ উঠিছে৷ উত্তৰ অসমৰ একমাত্র বর্ষাৰণ্যখন হৈছে পবা সংৰক্ষিত বনাঞ্চল৷
বনাঞ্চলখন ধেমাজি জিলাৰ জোনাই মহকুমাৰ ব্রহ্মপূত্রৰ উৎস নদী ৰূপে খ্যাত চিয়াং, দিবাং, লোহিত আদিৰ সংগমস্থলৰ সমীপত অৱস্থিত৷ বনাঞ্চলখনক প্রকৃতিৰ ভূস্বর্গ বুলিব পাৰি৷ জৈৱ–বৈচিত্র্যৰে সমৃদ্ধিশালী বনাঞ্চলখনক অভয়াৰণ্যলৈ উন্নীত কৰিবৰ কাৰণে দুটা দশকজুৰি নেচার্ছ বেকনসহ বিভিন্ন দল, পৰিৱেশপ্রেমী সংগঠনে দাবী কৰি আহিছে৷ আনকি বিগত বিজেপি চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পবা বনাঞ্চলক অভয়াৰণ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল৷
কিন্তু অতি পৰিতাপৰ বিষয় যে চোৰাং কাৰবাৰ আৰু বেদখলকাৰীৰ অবাধ গতিত চলি থকা বন ধ্বংসযজ্ঞৰ পৰিপ্রেক্ষিতত বনাঞ্চলখনৰ মাটিকালি চৰকাৰী তথ্য অনুসৰি ১০,২২১ হেক্টৰ আছিল যদিও বর্তমান বনাঞ্চলখনৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিছে৷ জানিব পৰা মতে, ২১ আগষ্টৰ দিনাও তিনিমাইল বন খণ্ড কার্যালয়ৰ অধীনৰ পবামুখৰ পৰা মূল্যৱান গছ–গছনি চোৰাং কাঠৰ ব্যৱসায়ীয়ে কাটি লৈ যায়৷ বনকর্মীৰে গিজগিজাই থকা বন খণ্ড কার্যালয়ৰ কাষৰ পৰা এনেকৈ গছ–গছনি কাটি নিয়া কার্যক প্রকৃতিপ্রেমী ৰাইজে সহজভাৱে ল’ব পৰা নাই৷ উল্লেখ্য যে পবা বনাঞ্চলখন চোৱাচিতা কৰিবলৈ তিনিটাকৈ বন খণ্ড কার্যালয় তথা বনকর্মী মজুত আছে, অথচ এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈয়ে আছে৷ বিভিন্ন সময়ত উক্ত বনাঞ্চলখন সংৰক্ষণৰ বাবে তথা পবা বনাঞ্চলক ৰাষ্ট্রীয় অভয়াৰণ্য ঘোষণা কৰাৰ দাবীত বিভিন্ন দল–সংগঠন, প্রকৃতিপ্রেমী ৰাইজে নিজা নিজাকৈ কার্যসূচী গ্রহণ কৰি থকাৰ বিপৰীতে এচাম চোৰাং কাঠ বেপাৰী আৰু একাংশ বনকর্মীৰ মিতিৰালিৰ ফলত বনাঞ্চলৰ মূল্যৱান গছ–গছনিবোৰ ক্রমান্বয়ে বিলুপ্তিৰ দিশে ধাৱমান হৈছে৷
ইফালে বনাঞ্চলৰ কাষেৰে বৈ থকা চিয়াং নৈয়ে প্রতিটো বছৰে বাৰিষাত কৰা খহনীয়াৰ বাবে উক্ত বনাঞ্চলৰ মাটিকালি সংকুচিত হৈ আহিছে৷ আনহাতে বনাঞ্চলখন সংৰক্ষণৰ নিমিত্তে বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ কৰা হৈছে যদিও ফলপ্রসূ হোৱা দেখা নাই৷ নেচার্ছ বেকন জোনাই–ধেমাজি আঞ্চলিক, বন্যপ্রাণী সংৰক্ষণ কমিটী, ছেভ পবা ৰেইন ফৰেষ্ট, প্রকৃতি সংঘ সমিতিয়ে তৎকালে বন ধ্বংসকার্য বন্ধ কৰাৰ লগতে পবা বনাঞ্চলক শীঘ্রে অভয়াৰণ্য ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে৷