নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিইউত মৃত্যুৰে যুঁজ মৰিধলৰ দুর্ভগীয়া ছাত্রী নন্দিতাৰ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: ডিব্রুগড ব্রহ্মপুত্র নার্ছিং হোমত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া৷ নন্দিতা শইকীয়াৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কৰযোৰে কয়– মোৰ ছোৱালী বর্তমান ঠিকেই আছে৷ কিছুমান চেনেলে ভুলকৈ বাতৰি পৰিৱেশন কৰিছে৷ সকলোৰে ওচৰত মই কাতৰেৰে অনুৰোধ কৰিছো, মোৰ ছোৱালীৰ বাবে প্রার্থনা কৰক, এগচি চাকি জ্বলাওক৷ যাতে তাই ভাল হৈ উঠে৷ এয়ে মোৰ সকলোৰে ওচৰত প্রার্থনা৷ কথাখিনি কৈয়ে পিতৃগৰাকীয়ে হুকহুকাই কান্দি উঠিল৷ চিকিৎসালয়ৰ সমগ্র পৰিৱেশ নিমিষতে কাহ পৰি জীণ যোৱাৰ দৰে হ’ল৷

ধেমাজিৰ মৰিধল মহাবিদ্যালয়খনৰ এগৰাকী কর্মচাৰী ৰিণ্টু শর্মাৰ দাৰ ঘাপত মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ ডিব্রুগড ব্রহ্মপুত্র নার্ছিংহোমৰ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছে নন্দিতা শইকীয়া নামৰ ছাত্রীগৰাকীয়ে৷ ছাত্রীগৰাকীৰ প্রাণৰক্ষা কৰিবলৈ চিকিৎসকে চলাইছে আপ্রাণ চেষ্টা৷বর্তমানেও অচেতন হৈ আছে নন্দিতা৷ প্রচুৰ ৰক্তক্ষৰণৰ বাবে ছাত্রীগৰাকীক দিবলগীয়া হৈছে যথেষ্ট পৰিমাণৰ তেজ৷

ছাত্রী নন্দিতা শইকীয়া চিকিৎসাধীন হৈ থকা নার্ছিংহোমৰ চিকিৎসকে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি বর্তমানে ছাত্রীগৰাকী ক’মা অৱস্থাত আছে৷ সেয়ে ভেণ্টিলেচন ব্যৱস্থাত ৰখা হৈছে৷ শৰীৰৰ বিশেষ পৰিৱর্তন হোৱা নাই যদিও সংকটমুক্ত নহয়৷ তেজৰ পৰিমাণ ঠিকেই আছে৷ সেয়ে তেজৰ প্রয়োজন নহ’ব৷ সকলো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা বুলি চিকিৎসকে সদৰী কৰে৷

আনহাতে নন্দিতাৰ জ্যেষ্ঠ ভাতৃয়ে প্রকাশ কৰা মতে, সংবাদ মাধ্যমসমূহে যাতে ভুল বা অপপ্রচাৰ নচলায় তাৰ বাবে সকলোলৈ অনুৰোধ জনায়৷ তেওঁৰ ভনী বর্তমানেও চিকিৎসালয়ত সংকটজনক অৱস্থাত আছে৷ চিকিৎসকে ঘোষণা নকৰালৈ কোনেও যাতে অতিৰঞ্জিত নকৰে তাৰ বাবেও আহ্বান জনায় জ্যেষ্ঠ ভাতৃগৰাকীয়ে৷ ইফালে নন্দিতা শইকীয়াৰ চিকিৎসাক্ষেত্রত প্রয়োজনীয় সাহায্য আগবঢ়োৱাৰ লগতে ৰক্ত দি থকাৰ কথা প্রকাশ কৰিছে ডিব্রুগড ছাত্র সন্থাই৷ লগতে নন্দিতাৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে আছুৱে৷

You might also like