চৰকাৰৰ বিত্তীয় প্রণালী বৃহৎ সংস্কাৰৰ ফলাফল হ’ব সূদুৰপ্রসাৰী
নতুন বিত্তীয় পৰিগাঁথনি সম্পর্কীয় কর্মশালাত মুখ্যমন্ত্রী ড০ শর্মা
নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ বুধবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত ‘নতুন বিত্তীয় পৰিগাঁথনি– বিত্তীয় ক্ষমতা ন্যস্তকৰণ (ডি এফ পি) নিয়মাৱলীৰ সংশোধনী’ শীর্ষক এক কর্মশালাত অংশগ্রহণ কৰে৷ এই কর্মশালাত বিত্ত বিভাগৰ বিষয়ববীয়াসকল, জ্যেষ্ঠ বিষয়াবর্গ আৰু বিত্ত তথা গাণনিক বিষয়াসকলে ভাগ লয়৷ কর্মশালাত অংশগ্রহণকাৰীসকল্ সম্বোধন কৰি মুখ্যমন্ত্রীয়ে কয় যে আহৰণ আৰু বিত্তীয় প্রাধিকাৰী (ডি ডি অ’)সকলৰ দ্বাৰা পুঁজিৰ দ্রুত ব্যৱহাৰৰ বাবেfinassam.in প’র্টেলৰ জৰিয়তে পুঁজি ব্যয়ৰ সর্বোচ্চ সীমা নির্ধাৰণ প্রক্রিয়া (ফিক্সেচন অৱ চিলিং–এফ অ’ চি), পুঁজি আহৰণৰ আর্হি (ড্রয়িং পেটার্ন), এফ অ’ চি ডিজিটাহজেচন প্রক্রিয়াসমূহ সৰল কৰাৰ ক্ষেত্রত বৃহৎ সংস্কাৰ অনা হৈছে৷ ফাহলসমূহ যাতে সচিবালয়লৈ পঠিয়াব নালাগে আৰু পুঁজিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে বিত্তীয় নিয়মাৱলী সর্বাধিক শিথিল কৰা হয়, তেনে এক ব্যৱস্থা প্রৱর্তনৰ বাবে চৰকাৰে কাম কৰি আছে৷
উল্লেখ্য যে নতুন বিত্তীয় পৰিগাঁথনিৰ অধীনত তিনিখন নতুন সমিতি গঠন কৰা হৈছে৷ সেইকেইখন হৈছে– বিভাগীয় বিত্ত সমিতি, স্থায়ী বিত্ত সমিতি আৰু বিশেষ স্থায়ী বিত্ত সমিতি৷ বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে বিভাগীয় বিত্ত সমিতিৰ অধ্যক্ষতা কৰিব আৰু ইয়াত বিভাগীয় মন্ত্রীগৰাকী ২ কোটি টকালৈকে অনুমোদন কর্তৃপক্ষ হ’ব৷ মুখ্য সচিব স্থায়ী বিত্ত সমিতিৰ অধ্যক্ষ হ’ব৷ বিভাগীয় মন্ত্রীৰ জৰিয়তে মুখ্যমন্ত্রীয়ে ২ কোটিৰ পৰা ১০ কোটি টকাৰ ভিতৰৰ বিত্তীয় প্রস্তাৱত অনুমোদন জনাব৷ বিত্তমন্ত্রীগৰাকী বিশেষ স্থায়ী বিত্ত সমিতিৰ অধ্যক্ষ হ’ব৷ বিভাগীয় মন্ত্রীৰ জৰিয়তে মুখ্যমন্ত্রীয়ে ১০ কোটিৰ পৰা ১০০ কোটি টকাৰ ভিতৰৰ বিত্তীয় প্রস্তাৱত অনুমোদন জনাব৷ ১০০ কোটি টকাৰ অধিক ব্যয়ৰ প্রস্তাৱৰ ক্ষেত্রত ৰাজ্যিক কেবিনেটৰ অনুমোদনৰ প্রয়োজন হ’ব৷ বিত্তীয় অনুমোদন সাপেক্ষে এফ অ’ চিৰ প্রস্তাৱ বিভাগীয় মুৰব্বীগৰাকীয়ে অনলাহন প’র্টেলৰ জৰিয়তে বিত্ত বিভাগৰ ওচৰত পোনপটীয়াকৈ দাখিল কৰিব পাৰিব, এইক্ষেত্রত প্রশাসনীয় বিভাগৰ জৰিয়তে যোৱাৰ কোনো প্রয়োজন নাই৷ অৱশ্যে প্রদান কৰা বিত্তীয় অনুমোদনসমূহ বা দাখিল কৰা এফ অ’ চি প্রস্তাৱবোৰ নিৰীক্ষণ কৰিব পৰাকৈ প্রশাসনিক বিভাগক অনলাহন প’র্টেলত প্রৱেশাধিকাৰ প্রদান কৰা হ’ব৷
প্রশাসনিক অনুমোদন (এডমিনিষ্ট্রেটিভ এপ্র’ভেলৰ ক্ষেত্রত বিভাগবোৰে সংশ্লিষ্ট শিতানৰ অধীনত বাজেট আবণ্টনৰ দুগুণ পর্যন্ত ধনৰ বাবে অনুমোদন প্রদান কৰিব পৰিব৷ কেন্দ্রীয় পৃষ্ঠপোষকতাপ্রাপ্ত আঁচনি (চি এছ এছ), গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আহ ডি এফ), কেন্দ্রীয় খণ্ডৰ আঁচনি, ডত্তৰ–পূব পৰিষদ, অপৰিশোধেয় কেন্দ্রীয় উৎসৰ পুঁজি (এন এল চি পি আৰ) আৰু বহিঃসাহায্যপ্রাপ্ত প্রকল্প (ই এ পি)ৰ অধীনৰ প্রকল্প বা আঁচনিসমূহৰ বাবে ভাৰত চৰকাৰে বা পুঁজি প্রদানকাৰী সংস্থাই সংশ্লিষ্ট প্রকল্প বা আঁচনিৰ বাবে অনুমোদন দিয়া পুঁজিৰ সমপৰিমাণৰ পুঁজিৰ বাবে প্রশাসনিক অনুমোদন প্রদান কৰা হ’ব৷ একেটা বিত্তীয় বর্ষত অতিৰিক্ত বাজেট আবণ্টনৰ বাবে প্রশাসনিক অনুমোদন প্রদান কৰাৰ পৰিসৰ অতিৰিক্ত পুঁজি আবণ্টনৰ দুগুণলৈ বৃদ্ধি কৰা হ’ব৷
মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে চৰকাৰৰ বিত্তীয় প্রণালীৰ এহ বৃহৎ সংস্কাৰৰ ফলাফল সুদূৰপ্রসাৰী হ’ব আৰু এই সংস্কাৰে ৰাজ্য চৰকাৰৰ বিত্তীয় ব্যৱহাৰ ব্যৱস্থাক কেন্দ্রীয় চৰকাৰৰ ব্যৱস্থাৱলীৰ ওচৰলৈ লৈ যাব৷ ৰাজ্যৰ সাম্প্রতিক বিত্তীয় ব্যৱস্থাটো যাতে বাধাগ্রস্ত নহয়, তাৰ বাবে নতুন বিত্তীয় ব্যৱস্থাটো পর্যায়ক্রমে আৰম্ভ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ আজিৰ এই কর্মশালাত বিত্তমন্ত্রী অজন্তা নেওগ, ডদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, বনমন্ত্রী পৰিমল শুক্লবৈদ্য, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, হস্ততাঁত আৰু বস্ত্রমন্ত্রী হড জি ব্রহ্ম, মুখ্য সচিব জিষু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল ডপস্থিত আছিল৷