ক’ভিড–১৯ৰ এনডেমিক পর্যায়ত প্রৱেশ কৰিব ভাৰত
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ আসন্ন ক’ভিড–১৯ৰ তৃতীয় জোৱাৰক লৈ দেশৰ স্বাস্থ্য বিভাগ সাজু হৈ উঠাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড০ সৌম্য স্বামীনাথনে ভাৰতত ক’ভিড–১৯ পৰিস্থিতিক লৈ আশাব্যঞ্জক মন্তব্য প্রকাশ কৰিছে৷ ‘হু’ৰ মুখ্য বিজ্ঞানী ড০ স্বামীনাথনে প্রকাশ কৰা মতে, ভাৰত ক’ভিড–১৯ এনডেমিক পর্যায়ত প্রৱেশ কৰিব৷ দেশখনৰ অঞ্চলভেদে সংক্রমণৰ হাৰ হ্রাস পোৱাৰ লগতে অঞ্চলভেদে সংক্রমণৰ হাৰ বৃদ্ধি পাব৷ নিউজ ৱেবছাইট ‘দ্য ৱেৰ’ৰ সাংবাদিক কৰণ থাপাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত ‘হু’ৰ মুখ্য বিজ্ঞানী ড০ স্বামীনাথনে কয় যে ভাৰতৰ আকাৰ আৰু জনসংখ্যাৰ ভিন্নতা, দেশখনৰ ভিন্ন প্রান্তত মানুহৰ প্রতিৰোধী ক্ষমতাৰ ভিত্তিত ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ নিম্ন আৰু উচ্চ হৈ থাকিব৷
দেশৰ বিভিন্ন অঞ্চলত ক’ভিড–১৯ৰ সংক্রমণৰ স্থিতি উঠা–নমা হৈ থাকিব৷ ভাৰত এনেধৰণৰ এনডেমিক পর্যায়ত প্রৱেশ কৰিব, য’ত সংক্রমণৰ হাৰ নিম্ন হ’ব অথবা মৃদু পর্যায়ৰ সংক্রমণ চলি থাকিব৷ কিন্তু এনে এক সংক্রমণৰ হাৰ বৃদ্ধি পোৱা দেখা নাযাব, যিটো কিছুমাহ পূর্বে দেখা পোৱা গৈছিল৷ উল্লেখ্য যে এপিডেমিক পর্যায় হৈছে, য’ত জনসংখ্যাই ভাইৰাছটোৰ সৈতে জীয়াই থাকিবলৈ শিকে৷ ই মহামাৰীতকৈ কিছু পৃথক৷ কিয়নো মহামাৰীত সমগ্র জনসংখ্যাক ভাইৰাছটোৱে সংক্রমিত কৰে৷
মুখ্য বিজ্ঞানী ড০ স্বামীনাথনে পুনৰ কয়– যিবোৰ অঞ্চলত প্রথম আৰু দ্বিতীয় জোৱাৰত ক’ভিড–১৯ত কমকৈ আক্রান্ত হৈছে অথবা টিকাকৰণ নিম্ন হৈছে, সেইবোৰ অঞ্চলত পৰৱর্তী কিছু মাহত আক্রান্তৰ হাৰ শীর্ষত উপনীত হ’ব পাৰে৷ আনপিনে ২০২২ৰ শেষৰ ফালে সমগ্র দেশত ৭০ শতাংশক যদি টিকাকৰণেৰে সাঙুৰি ল’ব পৰা যায়, তেতিয়াহ’লে দেশ স্বাভাৱিক অৱস্থালৈ ঘূৰি যাব পাৰে বুলি আশা প্রকাশ কৰে মুখ্য বিজ্ঞানী ড০ স্বামীনাথনে৷ লক্ষণীয় যে ভাৰত বায়’টেকৰ ক’ভিড–১৯ ভেকচিন ক’ভাক্সিন অনুমোদনৰ সিদ্ধান্ত বিশ্ব স্বাস্থ্য সংস্থাই ছেপ্ঢেম্বৰৰ মাজভাগত ঘোষণা কৰিব পাৰে বুলি মুখ্য বিজ্ঞানীগৰাকীয়ে মন্তব্য দিয়ে৷