নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লী ভ্রমণত ১৪০ আফগান হিন্দু–শিখ তীর্থযাত্রীক বাধা তালিবানৰ

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ আফগানিস্তানত পূর্বৰ শাসনৰ দৰেই নৃশংসতা আৰম্ভ কৰিছে তালিবানে৷ দেশখনৰ ধর্মীয় সংখ্যালঘু লোকৰ ওপৰত নির্যাতনৰ লগতে ধর্মীয় অধিকাৰত আঘাতৰ অশুভ পৰম্পৰা তালিবানে চলাইছে৷ ১৫ আগষ্টত ৰাজধানী কাবুল দখল কৰাৰ ১০ দিনৰ মূৰকত নতুন দিল্লীগামী ১৪০ আফগান হিন্দু–শিখ তীর্থযাত্রীৰ ভ্রমণত বাধা আৰোপ কৰিছে তালিবানে৷

আফগানিস্তানৰ ৰাজধানী কাবুলৰ পৰা ভাৰতৰ ৰাজধানী নতুন দিল্লীলৈ বার্ষিক তীর্থযাত্রাৰ অংশ হিচাপে ১৪০জন আফগান হিন্দু–শিখ ভ্রমণলৈ অহাটো নিশ্চিত আছিল যদিও আজি তালিবানে এই ভ্রমণ বাতিল কৰে৷ নিউ মহাবীৰ নগৰ গুৰুদ্বাৰ শ্রীগুৰু অর্জন দেৱজীৰ সভাপতি পৰতাপ সিং (আফগান মূল)–এ আজি এই কথা প্রকাশ কৰিছে৷ উল্লেখ্য যে শ্রীগুৰুটেগ বাহাদুৰৰ ৪০০সংখ্যক জন্মবার্ষিকী উপলক্ষে কাবুলৰ পৰা ১৪০ আফগান হিন্দু–শিখ নতুন দিল্লী ভ্রমণলৈ অহাৰ কার্যসূচী আছিল৷ কিন্তু তালিবানে এই তীর্থযাত্রীক কাবুল বিমানবন্দৰলৈ অহাত বাধা প্রদান কৰে৷

You might also like