নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ আন্তঃৰাষ্ট্রীয় মানৱতাবাদী স্বেচ্ছাসেৱী অনুষ্ঠান ৰেডক্রছৰ ভাৰতীয় ৰেডক্রছ ছ’চাইটীৰ অধীনস্থ অসম শাখাত দীর্ঘদিন ধৰি অৰাজক পৰিস্থিতি বিৰাজ কৰিছে৷ ৰেডক্রছ ছ’চাইটীৰ আইন উলংঘাৰে সাধাৰণ সম্পাদক দিগন্ত বুজৰবৰুৱা আৰু ভাৰপ্রাপ্ত অধ্যক্ষ বীৰেন সোণোৱালে অসম ৰাজ্যিক ৰেডক্রছ ছ’চাইটীত ভয়ংকৰ কেলেংকাৰি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ৰেডক্রছ ছ’চাইটীৰ বিধি উলংঘাৰে ভাৰতীয় ৰেডক্রছ ছ’চাইটীৰ নামত নুনমাটিত থকা ৫৫ বিঘা মাটিৰ ৪০ বিঘা পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ ভাৰতীয় ৰেডক্রছ ছ’চাইটীৰ উক্ত বিশাল ভূমি চোৱাচিতাৰ দায়িত্ব দিছিল অসম ৰাজ্যিক শাখাক৷ কিন্তু ৰক্ষকেই ভক্ষক হৈ অসম ৰাজ্যিক ৰেডক্রছ ছ’চাইটীৰ সাধাৰণ সম্পাদক দিগন্ত বুজৰবৰুৱা আৰু ভাৰপ্রাপ্ত অধ্যক্ষ বীৰেন সোণোৱালে পুঁজিপতি গোষ্ঠীৰে গোপন বুজাবুজি কৰি ৰেডক্রছ ছ’চাইটী শাখাৰ প্রশাসনিক বিষয়া গিৰীণ ডেকাৰ দ্বাৰা স্বাক্ষৰিত এক চুক্তি অনুসৰি ৪০ বিঘা ভূমি ফ্রণ্টিয়াৰ এছ’চিয়েচন নামৰ এটা বণিক গোষ্ঠীক এৰি দিয়ে৷
ভাৰতীয় ৰাষ্ট্রীয় ৰেডক্রছ ছ’চাইটীৰ অগোচৰে এই ভয়ংকৰ কেলেংকাৰি সংঘটিত কৰে ৰাজ্যিক শাখাৰ দায়িত্বত থকা বিষয়ববীয়াই৷ শেহতীয়াকৈ ৪০ বিঘা ভূমি বণিক গোষ্ঠীক গতাই দিয়াৰ তথ্য ভাৰতীয় ৰাষ্ট্রীয় ৰেডক্রছ ছ’চাইটীৰ দৃষ্টিগোচৰ হয়৷ ইয়াৰ পিছতে ভাৰতীয় ৰেডক্রছ ছ’চাইটীৰ বিষয়ববীয়াই অসম ৰাজ্যিক শাখাৰ পৰা সবিশেষ প্রতিবেদন বিচাৰি কৈফিয়ৎ তলব কৰে৷ অভিযোগ অনুসৰি, অসম ৰাজ্যিক ৰেডক্রছ ছ’চাইটীৰ দায়িত্বত থকা বীৰেন সোণোৱাল, দিগন্ত বুজৰবৰুৱা আৰু গিৰীণ ডেকাই ফ্রণ্টিয়াৰ এছ’চিয়েচনৰ সৈতে কেইবাকোটি টকাৰ লেনদেন কৰি ৪০ বিঘা ভূমি বণিক গোষ্ঠীটোক গতাই দিয়ে৷ মানৱ সেৱাৰ বাবে ভাৰতীয় ৰেডক্রছ ছ’চাইটীক অসম চৰকাৰে নুনমাটিত ৫৫ বিঘা ভূমি আবণ্টন দিছিল৷ অসম ৰাজ্যিক ৰেডক্রছ ছ’চাইটীৰ বিষয়ববীয়াসকলে পুঁজিপতি গোষ্ঠীক ৪০ বিঘা মাটি গতাই দিয়াক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
লক্ষণীয় যে নুনমাটিৰ ৫৫ বিঘা ভূমিত ভাৰতীয় ৰেডক্রছ ছ’চাইটীয়ে দুর্যোগৰ সময়ত প্রয়োজনীয় আশ্রয় শিবিৰ নির্মাণ, বৃদ্ধাশ্রম, ব্লাড বেংক, গুৱাহাটীত কর্মৰত যুৱতী–মহিলা কর্মচাৰীৰ বাবে সুৰক্ষিত আৱাসকে ধৰি কেইবাখনো আঁচনি গ্রহণৰ বাবে প্রস্তাৱ লৈছিল৷ ২০১৭ চনৰ ২৭ ফেব্রুৱাৰীত অসম ৰেডক্রছ ছ’চাইটীৰ সভাপতি তথা তদানীন্তন ৰাজ্যপাল বানৱাৰী লাল পুৰোহিতৰ সভাপতিত্বত অনুষ্ঠিত শেষৰখন বার্ষিক সাধাৰণ সভাত এই প্রস্তাৱসমূহ কার্যকৰী কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ কিন্তু অসম ৰাজ্যিক ৰেডক্রছ ছ’চাইটী শাখাৰ দায়িত্বত থকা লোকসকলে এই প্রস্তাৱসমূহ কার্যকৰী কৰাৰ পৰিৱর্তে ৪০ বিঘা ভূমি বণিক গোষ্ঠীকহে গতাই দিয়ে৷ কেৱল এয়াই নহয়, ৰেডক্রছ ছ’চাইটীৰ অসম শাখাৰ সাধাৰণ সম্পাদকগৰাকীয়ে বিধি উলংঘাৰে বিত্তীয় লেনদেন কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ উপৰি ২০১৮ চনৰ ২০ ছেপ্ঢেম্বৰত নীতিবহির্ভূতভাৱে অসম ৰাজ্যিক ৰেডক্রছ ছ’চাইটী শাখাৰ অধ্যক্ষগৰাকীক সন্তুষ্ট কৰিবলৈ ২৬ লাখটকীয়া ইন’ভা গাড়ী ক্রয় কৰিছিল৷ অসম ৰাজ্যিক ৰেডক্রছ ছ’চাইটী শাখাৰ বিষয়ববীয়াই বিধি উলংঘাৰে সংঘটিত কৰা দুর্নীতিৰ তদন্ত কৰি সংস্থাটোক এক নতুন গতি দিয়াৰ বাবে ৰাজ্যপাল তথা সভাপতিগৰাকীয়ে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷