নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত আদর্শ কৃষকৰ মৃত্যু বিলাসীপাৰাত উটুৱাই নিলে এজনক

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ ভাদৰ কালান্তক বানত বুৰ গ’ল শিৱসাগৰ জিলাৰ স’ৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহকে ধৰি বিস্তীর্ণ অঞ্চল৷ কালৰূপ ধৰা মহাবাহু ব্রহ্মপুত্রৰ প্রলয়ংকৰী বানৰ কবলত এতিয়া স’ৰাগুৰি চাপৰিকে ধৰি প্রায় ২৯খনতকৈ অধিক গাঁৱৰ হাজাৰ হাজৰ লোক৷ হঠাতে কালৰূপ ধৰা মহাবাহু ব্রহ্মপুত্রৰ পানীয়ে দুটা দিন পূর্বৰ পৰা প্রচণ্ড গতিত বিপদসীমা অতিক্রম কৰাৰ পাছতেই নৈপৰীয়া ৰাইজৰ লগতে দিচাংমুখ আৰু দিখৌমুখৰ সাধাৰণ ৰাইজৰ মাজত তীব্র আতংক সৃষ্টি হৈছে৷ অৰুণাচল প্রদেশত বিগত এটা সপ্তাহ ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে–ফোটোকাৰে বাঢ়ি অহা ব্রহ্মপুত্রৰ পানীয়ে পৰহি পুৱাৰেই পৰা শিৱসাগৰৰ দিচাংমুখ আৰু দিখৌমুখত সৃষ্টি কৰে তাণ্ডৱ৷ শিৱসাগৰ চহৰৰ পৰা প্রায় ২৯ কিলোমিটাৰ নিলগৰ স’ৰাগুৰি চাপৰি অঞ্চলত আজি দেখা গ’ল এক ভয়াৱহ পৰিস্থিতি৷ কালৰূপ ধৰা ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে এফালৰ পৰা দিচাং মথাডৰিৰ নৈৰ পাৰে পাৰে থকা শ শ পৰিয়ালৰ ঘৰ–দুৱাৰ সম্পূর্ণৰূপে বুৰাই পেলায়৷ নৈপৰীয়া সর্বাধিক মিচিং জনবসতিপূর্ণ অঞ্চল হিচাপে পৰিচিত মামল গডভগা, চৰাইপৰা, অফলা, গডভগা, মাজৰবাৰী, বাহিৰ লিগিৰীবাৰী, টিয়ঁৰবস্তি, আলিছিগা, বলামা আৰু বলমা কৈৱর্ত গাঁৱৰ লগতে বিস্তীর্ণ অঞ্চল পানীৰ তলত বুৰ যায়৷

বহুসংখ্যক পৰিয়ালে গৰু–ম’হ লৈ ওখ স্থানত আশ্রয় লোৱাৰ বিপৰীতে একাংশই মথাডৰিৰ ওপৰত অস্থায়ীভাৱে আশ্রয়গৃহ নির্মাণ কৰিছে৷ এক ভয়ানক দুর্যোগৰ সন্মুখীন হোৱা শিৱসাগৰ ৰাজহ চক্রৰ অধীনস্থ তথা শিৱসাগৰ সদৰৰ পৰা প্রায় ২০ কিলোমিটাৰ নিলগৰ এই বানপীডিত অঞ্চলসমূহত এই বাতৰি প্রেৰণ কৰালৈকে প্রশাসনৰ তৰফৰ পৰা সাহায্য শিবিৰ মুকলি নকৰাৰ লগতে এই মুহূর্তলৈকে বন্যার্তই চৰকাৰী সাহায্য লাভ নকৰা বুলি সাংবাদিকক অভিযোগ কৰিছে৷ ইফালে সম্প্রীতিৰ মিলনভূমি হজৰত আজান পীৰ দৰগাহ অৱস্থিত স’ৰাগুৰি চাপৰিৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিছে৷ স’ৰাগুৰি চাপৰি সংযোগী তিনি কিলোমিটাৰ দৈর্ঘ্যৰ মূল পথটোৰ দুয়োপৰে প্রায় চাৰিশ বাসগৃহ থকা স’ৰাগুৰি চাপৰি কৈৱর্ত গাঁও সম্পূর্ণৰূপে ব্রহ্মপুত্রৰ প্রলয়ংকৰী বানৰ কবলত৷ সংযোগী পথটোৰ তিনিটা স্থানত নৱনির্মিত পথটোৰ ওপৰেৰে তীব্র গতিত পাৰ হৈছে ব্রহ্মপুত্রৰ পানী৷ ইয়াৰ উপৰি ব্রহ্মপুত্রৰ পানী তীব্র বেগত ৰাস্তা অতিক্রম কৰাৰ ফলত সত্তৰ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা স’ৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহ সংযোগী পথটো নিশাৰ ভিতৰতে বিচ্ছিন্ন হোৱাটো স্পষ্ট হৈ পৰিছে৷ কালি পুৱাৰেই পৰা ব্রহ্মপুত্রৰ বলিয়া বানে দৰগাহ শ্বৰীফৰ সমগ্র চৌহদ সম্পূর্ণৰূপে বুৰাই পেলাইছে৷ দৰগাহৰ মূল প্রৱেশ পথৰ ওখ অংশটোতেই স্থানীয় বন্যার্ত ৰাইজে গো–ধনক আশ্রয় দিছে৷

ব্রহ্মপুত্রৰ বলিয়া বানৰ ফলত দৰগাহৰ জিৰণি চ’ৰাকে ধৰি কেইবাটাও ভৱন সম্পূর্ণৰূপে বুৰাই পেলোৱাৰ লগতে মছজিদলৈ যোৱাৰ পথটোও বুৰ গৈছে৷ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে আজান পীৰ দৰগাহ শ্বৰীফৰ চৌহদত নাও চলাচল কৰা দৃশ্যও পৰিলক্ষিত হয়৷ অভাৱনীয় দুর্যোগৰ মাজত সোমাই পৰা আমগুৰি বিধানসভা সমষ্টিৰ অন্তর্গত স’ৰাগুৰি চাপৰিৰ এই অঞ্চলটোত এই মুহূর্তলৈকে স্থানীয় বিধায়ক প্রদীপ হাজৰিকাৰ লগতে আমগুৰি ৰাজহ চক্রৰ অধীনৰ কোনো বিষয়া–কর্মচাৰী ডপস্থিত নোহোৱা বুলি ভুক্তভোগীসকলে অভিযোগ কৰে৷ সমান্তৰালভাৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তর্গত দিচাংমুখৰ বন্যার্তৰ মাজত এই মুহূর্তলৈকে সর্বহাৰাৰ নেতা বুলি পৰিচয় দি বিধায়ক হিচাপে নির্বাচিত হোৱা অখিল গগৈৰ ছাঁটোকে দেখিবলৈ পোৱা নাই বুলি গুৰুতৰ অভিযোগ ডত্থাপন কৰিছে৷ যি সময়ত বিধায়কগৰাকীয়ে এনে দুর্যোগৰ সময়ত নিজা সমষ্টিৰ বানাক্রান্ত ৰাইজৰ কাষত ডপস্থিত থাকিব লাগিছিল, সেই সময়ত মিত্রতাৰ অংকৰে শাসনৰ বাঘজৰী ল’বলৈ চিৰবৈৰী (?) কংগ্রেছৰ সৈতে মিত্রতা চূডান্ত কৰিবলৈ দিল্লীত বাহৰ পতাৰ বাতৰিয়েও ক্ষুণ্ণ কৰি তুলিছে বানত ডুৱ যোৱা দিচাংমুখৰ কুৰিখন গাঁৱৰ ৰাইজে৷
বানত মৃত্যু গহপুৰৰ দক্ষিণ কলাবাৰীৰ কৃষক প্রসন্ন বৰাৰ
ভদীয়া বানৰ বাঢ়নী পানীত অকালতে জীৱন বন্তি নির্বাপিত হ’ল গহপুৰ মহকুমাৰ অন্তর্গত দক্ষিণ কলাবাৰী (বৰাচুক)ৰ এগৰাকী আদর্শ কৃষক প্রসন্ন বৰা (৪৫)ৰ৷ জানিব পৰা মতে কালি বিয়লিৰে পৰা হঠাতে খাৰৈ নৈৰ পানী ওফন্দি অহাৰ ফলত নৈখনৰ বাঢ়নী পানীয়ে জলমগ্ণ কৰি তোলে সমগ্র অঞ্চলটো৷ যাৰ বাবে কালি বিয়লি প্রায় ৪ বজাত পথাৰত এৰাল দি থোৱা গাই–গৰু ঘৰলৈ আনিবলৈ বুলি ততাতৈয়াকৈ পথাৰলৈ ওলাই গৈছিল প্রসন্ন বৰা৷ কিন্তু বহু সময়লৈকে গাই–গৰু লৈ তেওঁ ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক৷ ইপিনে এৰালৰ গাই–গৰুও এৰালতে থকাত অধিক দুশ্চিন্তাই জুমুৰি দি ধৰে পৰিয়ালটোক৷ ওৰেনিশা পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে বিচাৰ–খোঁচাৰ কৰিও তেওঁৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিল যদিও আজি পুৱা প্রায় ৫ বজাত ঘৰৰ পৰা প্রায় ডেৰ–দুই কিলোমিটাৰ নিলগৰ কঁঠালকুছিত খাৰৈ নৈৰ পানী যুৱলিত উদ্ধাৰ হয় প্রসন্ন বৰাৰ মৃতদেহ৷ হঠাৎ বাঢ়ি অহা নৈখনৰ বাঢ়নী পানীয়ে তেওঁক উটুৱাই নিয়াৰ ফলতে তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ প্রকাশ কৰা হয়৷
মাজুলীৰ ফেৰী সেৱা অনির্দিষ্ট কাললৈ বন্ধ পুনৰ বৃদ্ধি পালে ব্রহ্মপুত্র আৰু সোৱণশিৰিৰ জলস্তৰ
কালি পুৱাৰ ভাগত ব্রহ্মপুত্রৰ পানী কিছু হ্রাস পাইছিল যদিও আজি পুৱাৰ ভাগত পুনৰ দ্রুতগতিত বৃদ্ধি পোৱাত বানে মাজুলীৰ ন ন অঞ্চল বুৰাই পেলাইছে৷ আনহাতে কালি সন্ধিয়াৰ পৰা সোৱণশিৰিৰ জলপৃষ্ঠ দ্রুতগতিত বৃদ্ধি পোৱাত মাজুলীৰ উত্তৰ আৰু দক্ষিণ দিশৰ নৈপৰীয়া অঞ্চলৰ গাঁওসমূহ বানৰ কবলত পৰিছে৷ উজনি মাজুলীৰ পৰা নামনি মাজুলীৰ আঁহতগুৰিলৈকে মথাউৰিৰ বাহিৰৰ গাঁওসমূহৰ ঘৰ–বাৰী এতিয়া পানীৰ তলত৷ শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান এতিয়া পানীৰ তলত৷ চৰকাৰে শিক্ষানুষ্ঠানত ভেকচিন দিয়াৰ যি পৰিকল্পনা কৰিছিল, এনে পৰিস্থিতিত বহু শিক্ষানুষ্ঠানত সেই কাম সম্ভৱ নহ’ব৷ তদুপৰি কাইলৈ জন্মাষ্টমী উদ্যাপন কৰাৰ যি প্রস্তুতি চলিছিল, তাৰ পৰাও বহু গাঁও বঞ্চিত হ’ল৷ মাজুলী জিলা সাহিত্য সভাই অসমৰ সাহিত্য–সংস্কৃতিৰ কাণ্ডাৰী, লোক–সংস্কৃতিৰ গৱেষক, অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি প্রয়াত তৰুণ চন্দ্র পামেগামৰ স্মৃতি দিৱসটো ৩০ আগষ্টত খাৰজান পাৰ হাইস্কুলত অনুষ্ঠিত কৰাৰ আয়োজন কৰিছিল যদিও সোৱণশিৰিৰ বানত বিদ্যালয়খন বুৰ যোৱাত কাকৰিকটা প্রাথমিক বিদ্যালয়লৈ স্থানান্তৰ কৰিবলগীয়া হৈছে বুলি জানিবলৈ দিছে৷ ইফালে যোৱা ২৭ আগষ্টৰ পৰা মাজুলীৰ ফেৰী সেৱা বন্ধ আছিল যদিও কালি ফেৰী চলাচল কৰাৰ আশা কৰিছিল৷ কিন্তু আজি পুনৰ অনির্দিষ্টকাললৈ ফেৰী সেৱা বন্ধ থকাটো নিশ্চিত হৈ পৰিল৷ আনহাতে মাজুলীৰ চৰ–চাপৰিসমূহৰ বানৰ কবলত জনজীৱন স্তব্ধ হৈ পৰিছে৷ বর্তমান মাজুলীৰ বন্যার্ত ৰাইজৰ খাদ্যৰ নাটনি হোৱাৰ উপৰি পশুধনসমূহ খাদ্যৰ অভাৱত পৰিছে৷
ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে বুৰাই পেলালে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানঃ তিনিটা বন–ঘৰচীয়া ঘোঁৰাৰ মৃত্যু
পুনৰ জলমগ্ণ হৈ পৰিছে উজনি অসমৰ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানকে ধৰি ইয়াৰ দাঁতি–কাষৰীয়া অঞ্চলসমূহ৷ উল্লেখ্য যে যোৱাকেইদিনত ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি পাই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানকে ধৰি ইয়াৰ দাঁতি–কাষৰীয়া বিভিন্ন অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছিল যদিও কালি দিনৰ ভাগত পানী কিছু কমিবলৈ ধৰিছিল৷ কিন্তু নিশাৰ ভাগৰ পৰা পুনৰ ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰাত পুনৰ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান জলমগ্ণ হৈ পৰাৰ খবৰ পোৱা গৈছে৷ ইতিমধ্যে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ অভ্যন্তৰত থকা দুখনকৈ বনগাঁও ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত গাঁও দুখনৰ লোকসকল দিশহাৰা হৈ পৰিছে৷ জানিব পৰা মতে নিশাৰ ভিতৰতে উক্ত গাঁও দুখনৰ লোকসকলক উদ্ধাৰৰ ব্যৱস্থা কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ স্থানীয় চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই তিনিচুকীয়া জিলা প্রশাসনক নির্দেশ দিছে৷ আনহাতে বিশেষকৈ ৰাষ্ট্রীয় উদ্যানখনৰ মাজেদি বৈ যোৱা ডিব্রু নৈৰ বাঢ়নী পানীয়ে এই ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ এশ শতাংশই বুৰাই পেলোৱাত ৰাষ্ট্রীয় উদ্যানখনৰ জীৱকুলৰ প্রতি ভাবুকি আহি পৰিছে৷ উল্লেখ্য যে পৃথিৱীবিখ্যাত বন–ঘৰচীয়া ঘোঁৰাৰ একমাত্র বিচৰণস্থলী হিচাপে জনাজাত ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানত হাতী, বাঘ, হৰিণ, বিভিন্ন প্রজাতিৰ চৰাইকে ধৰি ৰাজ্যিক পক্ষী দেওহঁাহৰো বিচৰণস্থলী৷ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ভিতৰৰ কবু চাপৰিত বাঢ়নী পানীত পৰি তিনিটাকৈ বন–ঘৰচীয়া ঘোঁৰা ইতিমধ্যে মৃত্যুৰ মুখত কৰিছে৷ ইয়াৰে দুটা মৃত ঘোঁৰা আজি আৰনে চাপৰিৰ পৰা বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও আৰু এটা বর্তমানো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ প্রাণৰ মমতাত বহুতো জীৱ–জন্তুৱে ইতিমধ্যে ওখ ঠাই বিচাৰি ৰাষ্ট্রীয় উদ্যানখনৰ দাঁতি–কাষৰীয়া বিভিন্ন অঞ্চলত প্রৱেশ কৰিছে৷ব্রহ্মপুত্রৰ জলপৃষ্ঠ ক্রমাৎ বৃদ্ধি পাই থকাৰ প্রতি লক্ষ্য ৰাখি উদ্যানখনৰ জীৱকুলৰ প্রতি চৰম শংকা আহি পৰাৰ পূর্ণ সম্ভাৱনাই দেখা দিছে৷
বান পৰিস্থিতিত কাজিৰঙাৰ ৩৭নং ৰাষ্ট্রীয় পথত টাইম কার্ড
ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যাানৰ বহু ঠাই বুৰাই পেলোৱাত ওখ ঠাই আৰু খাদ্যৰ সন্ধানত জাক জাক পহুকে ধৰি বিভিন্ন বন্যপ্রাণী ৩৭নং ৰাষ্ট্রীয় পথ অতিক্রম কৰি উদ্যানখনৰ দক্ষিণ দিশে থকা কার্বি পাহাৰলৈ ঢ়াপলি মেলিছে৷ আজি পুৱাৰে পৰা উদ্যান কর্তৃপক্ষই ৰাষ্ট্রীয় পথেৰে চলাচল কৰা যান–বাহনসমূহ নিয়ন্ত্রণৰ বাবে টাইম কার্ডৰ ব্যৱস্থা কৰিছে৷ জখলাবন্ধাৰ ৰাঙলুৰ পৰা বোকাখাতৰ বৰজুৰিলৈকে প্রায় ৫০ কিলোমিটাৰ পথ যান–বাহনে ৪০ কিলোমিটাৰ গতিবেগত চলাব লাগিব বুলি কর্তৃপক্ষই নির্ধাৰণ কৰি দিছে৷ অন্যথা ৫,০০০ টকা বাহনৰ চালক অথবা গৰাকীয়ে জৰিমনা ভৰিব লাগিব৷ উদ্যান কর্তৃপক্ষই প্রতিজন যান–বাহন চালক অথবা গৰাকীক বন্যপ্রাণী সুৰক্ষাৰ স্বার্থতেই কাজিৰঙা অঞ্চলত নিয়ন্ত্রিত গতি বাহনসমূহ চলাবলৈ আহ্বান জনাইছে৷ সাধাৰণ জনতাই নিজৰ বাহনখন ৰখাই টাইম কার্ড সংগ্রহ কৰিছে যদিও বন বিভাগৰ বিষয়াৰ লগতে একাংশ ব্যক্তিয়ে টাইম কার্ড নোলোৱাকৈয়ে সাংবাদিকৰ উপস্থিতেই অসচেতনভাৱে ৰাষ্ট্রীয় উদ্যানৰ মাজেদি যোৱা পথত নীতি–নিয়ম ভংগ কৰি যান–বাহন পাৰ হৈ যোৱটোও পৰিলক্ষিত হয়৷
বন্ধ থাকিব গৰুখুঁটি কৃষি প্রকল্পৰ কাম
ছিপাঝাৰৰ দক্ষিণ অঞ্চলৰ গৰুখুঁটিৰ চৰ অঞ্চলত ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে বাঢ়নী পানী৷ বিশেষকৈ গৰুখুঁটিত ব্রহ্মপুত্রৰ উত্তৰ দিশৰ ৰঙামাটি–কুৰুৱা মথাউৰিৰ দাঁতিৰে বৈ যোৱা ‘মৰাসুঁতি’ৰ পানী ক্রমান্বয়ে বাঢ়িবলৈ লোৱাৰ পাছত ভদীয়া বানক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ৷ উল্লেখ্য ইতিমধ্যে গৰুখুঁটিৰ প্রস্তাৱিত কৃষি প্রকল্পৰ কাম–কাজ পূর্ণগতিত চলি থকাৰ মাজতে এনেদৰে বাঢ়নী পানী যোৱানিশাৰ পৰা হঠাৎ বাঢ়িবলৈ লোৱাত এতিয়া কৃষি প্রকল্পৰ কাম–কাজ স্থগিত ৰাখিবলগীয়া পৰিৱেশৰ উদ্ভৱ হৈছে৷ ইফালে গৰুখুঁটিৰ কৃষি প্রকল্পস্থলীলৈ আহ–যাহৰ লগতে ঐতিহাসিক পীঠস্থান ধলপুৰলৈ যোৱাৰ যাতায়াত ব্যৱস্থাৰ কিছু পৰিমাণে সুচল কৰিবলৈ গৰুখুঁটি পূজাঘাটত মৰাসুঁতিৰ ওপৰত অলপতে নির্মাণ কৰি উলিওৱা বাঁহ আৰু কাঠৰ দলংখনৰ প্রতি বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই অনাৰ ফলত স্থানীয় ৰাইজে নিজেই দলংখন উঠাই দিয়াৰ ব্যৱস্থা কৰিছে৷ কাৰণ পূর্বে মৰাসুঁতিৰ ওপৰত ৰাইজে নিজাববীয়াকৈ নির্মাণ কৰি লোৱা কেইবাখনো বাঁহৰ দলং বাঢ়নী পানীয়ে উটুৱাই নিয়ে৷ প্রতিটো মুহূর্ততে বাঢ়ি অহা জলধাৰাই ইতিমধ্যে এই বাঁহ–কাঠৰ খোজকাঢ়ি পাৰ হ’ব পৰা দলংখন বুৰাই পেলোৱাৰ পাছতেই সন্তুষ্ট হৈ পৰা ৰাইজে নিজাকৈ খুলি থোৱাৰ ব্যৱস্থা কৰে৷ ইফালে হঠাতে এনেদৰে পানী বাঢ়িবলৈ লোৱাত গৰুখুঁটিৰ চৰকাৰী কৃষি প্রকল্পৰ কামো স্থবিৰ হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ প্রণিধানযোগ্য যে দৰং জিলা পৰিষদে নির্মাণ কৰা কাঠ আৰু বাঁহেৰে নির্মিত এই দলংখন ৫ আগষ্টত শুভ উদ্ঘাটন কৰিছিল গৰুখুঁটি চৰকাৰী কৃষি সমিতিৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ ইফালে পানীৰ গতি বাঢ়ি অহাৰ ফলত অন্তত কিছুদিনলৈ চৰকাৰী কৃষি প্রকল্পৰ কাম–কাজ সম্পূর্ণৰূপে স্থগিত ৰখাৰ বিষয়ে জানিবলৈ দিছে অধ্যক্ষ পদ্ম হাজৰিকাই৷ অৱশ্যে পানী কমিলেই আকৌ কৃষি প্রকল্পৰ কাম–কাজ চলিব বুলিও প্রকাশ কৰিছে৷
বিলাসীপাৰাত বাঢ়নী পানীত উটি গ’ল এজন
ভদীয়া বানে বিলাসীপাৰাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত কৰিছে৷ গৌৰাং আৰু ব্রহ্মপুত্রৰ পানী বাঢ়ি অহাৰ সময়তে বাঢ়নী পানীত পৰি এজন লোকৰ কৰুণ মৃত্যু হয়৷ বিলাসীপাৰা থানাৰ অন্তর্গত ডুবাচুৰি গাঁৱৰ বাসিন্দা আছিৰুদ্দিন (২৭) নামৰ লোকজনে কালি পথ এটাৰ কাষেৰে গৈ থকা অৱস্থাত ভৰি পিছলি নৈখনৰ বাঢ়নী পানীত পৰি যায়৷ কোবাল সোঁতত পৰি উটি যায় যুৱকজন৷ পাছত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে উদ্ধাৰ অভিযান চলায় যদিও তেওঁক জীৱন্তে উদ্ধাৰ কৰাত ব্যর্থ হয়৷ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷
ভিডিঅ’ কনফাৰেঞ্চযোগে জিলা উপায়ুক্তৰে বার্তালাপ মুখ্যমন্ত্রীৰঃ বান পৰিস্থিতি–ক’ভিড প্রতিষেধক প্রদানৰ পর্যালোচনা
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ভিডি’ কনফাৰেঞ্চযোগে ৰাজ্যৰ জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে বিভিন্ন বিষয় আলোচনা কৰে৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাগৃহৰ পৰা ভিডি’ কনফাৰেঞ্চযোগে যোৱা ২২ আৰু ২৩ আগষ্টত ডিফুত দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত উপায়ুক্ত সন্মিলনত গ্রহণ কৰা লক্ষ্য নির্ধাৰিত বিষয়সমূহ পর্যালোচনা কৰা হয়৷ মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক বিভিন্ন বিভাগৰ সৈতে আলোচনা কৰি ইয়াৰ ৰূপায়ণৰ বাবে তৎকালে পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে৷ আজিৰ এই ভিডি’ কনফাৰেঞ্চৰ সময়ত ক’ভিড টিকাকৰণৰ বিষয়টো বিতংভাৱে আলোচনা কৰা হয়৷ মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক ক’ভিড ভেকচিন প্রদানৰ দিশত ক্ষিপ্র ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ এইক্ষেত্রত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি প্রয়োজনীয় পদক্ষেপ ল’বলৈ তেওঁ কয়৷ আজিৰ এই বৈঠকতে ৰাজ্যৰ বান পৰিস্থিতি সম্পর্কত মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলৰ সৈতে আলোচনা কৰে৷ মুখ্যমন্ত্রীয়ে নদীসমূহৰ পানী বাঢ়ি অহা বাবে সম্ভাব্য বানপানীৰ প্রতি লক্ষ্য ৰাখি সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ উপায়ুক্তসকলক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে বান ক্ষতিগ্রস্ত ৰাইজক উদ্ধাৰ আৰু সাহায্য অভিযান তৎপৰতাৰে কৰাৰ বাবে নির্দেশ দিয়ে৷ আজিৰ এই ভিডি’ কনফাৰেঞ্চৰ সময়ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা প্রমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like