নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩.৫ কোটিৰ হেৰ’ইন–৭ লাখ টকাসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ পূব শৰণীয়াৰ এটা ভাৰাঘৰত জন্মদিনৰ পার্টীত ড্রাগ্ছ সেৱন কৰি থকাৰ সময়তে চানমাৰি আৰক্ষীয়ে অভিযান চলাই হেৰ’ইনসহ চাৰিটা ড্রাগ্ছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটাৰ্ স্বীকাৰোক্তিৰ ভিত্তিত আজি পুৱতি নিশা জ্যোতিকুছি আৰু পাঞ্জাবাৰীত পৃথকে পৃথকে অভিযান চলাই আৰক্ষীয়ে ৩.৫ কোটি টকাৰ ড্রাগ্ছসহ দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰী দুটা ক্রমে– কৰণ দাস (২৩) আৰু স্বৰগম দাস (২৮)৷ অভিযানকাৰী দলটোৱে জ্যোতিকুছিৰ কৰণৰ বাসগৃহৰ পৰা ২৩টা পেকেট হেৰ’ইন আৰু নগদ ৭,০৫,৮৬০ টকা জব্দ কৰে৷

ইফালে, অভিযানকাৰী দলটোৱে পাঞ্জাবাৰী বতাহঘুলিত অভিযান চলাই স্বৰগম দাসৰ বাসগৃহত অভিযান চলাই ১২ পেকেট হেৰ’ইন, নগদ ১২ হাজাৰ টকা আৰু এএছ–০১–ডিডব্লিউ–৬০৪৬ নম্বৰৰ এখন কুইড বাহন জব্দ কৰে৷ আৰক্ষীয়ে দুই ড্রাগ্ছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হেৰ’ইনখিনিৰ ওজন প্রায় ৫০০ গ্রাম৷ জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্রায় ৩.৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ সম্প্রতি চানমাৰি থানাৰ আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীকেইটাক্ জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটাই মিজোৰামৰ পৰা গুৱাহাটীলৈ ড্রাগ্ছ সৰবৰাহ কৰি বিক্রী কৰি অহাৰ কথা স্বীকাৰ কৰিছে৷ এই ড্রাগ্ছ সৰবাৰহকাৰী চক্রটোৰ সৈতে গুৱাহাটীৰ বহু অভিজাত পৰিয়ালৰ যুৱক–যুৱতী জড়িত থকাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে৷ তদন্তৰ খাতিৰত এই তথ্য আৰক্ষীয়ে প্রকাশ কৰা নাই যদিও শীঘ্রে বহু ড্রাগ্ছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷

You might also like