আমেৰিকাৰ বায়’মেট্রিক যন্ত্র তালিবানৰ হাতত
নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ আফগান বাহিনীক দিয়া আমেৰিকাৰ বায়’মেট্রিক হাথিয়াৰ ব্যৱহাৰ কৰি এইবাৰ আফগানিস্তানৰ নাগৰিকসকলৰ ওপৰত তীক্ষ্ণ নজৰদাৰী আৰম্ভ কৰিছে তালিবানে৷ বিগত ১২ বছৰ ধৰি আমেৰিকাই দিয়া অত্যাধুনিক বায়’মেট্রিক যন্ত্রবোৰত লাখ লাখ আফগান নাগৰিকৰ হাতৰ বুঢ়া আঙুলি বা তর্জনী আঙুলিৰ চাপ আৰু চকুৰ মণিৰ চাৰি দিশৰ অংশ ‘আইৰিছ’ৰ ছবি ৰখা হৈছে৷ এই সূত্র ধৰিয়ে তালিবানে এইবাৰ জানিবলৈ সক্ষম হ’ব আফগান নাগৰিকসকলৰ নাম আৰু পৰিচয়৷ অকল সেয়াই নহয়, আফগান নাগৰিকসকলৰ কোনে কি কামত জড়িত হৈ আছে, সেই কথাও সহজে জানিবলৈ সক্ষম হ’ব তালিবানে৷
বিগত দুই দশক ধৰি আফগানিস্তানৰ কোন ব্যক্তিয়ে আমেৰিকা আৰু নাটো বাহিনী, আফগান সেনা তথা ভাৰতীয় চোৰাংচোৱা সংস্থা ‘ৰ’ৰ সৈতে জড়িত হৈ আছিল সেই তথ্য এতিয়া সহজে লাভ কৰিব তালিবানে৷ তালিবানৰ আল ইছা ইউনিটে এই সকলো তথ্য বাহিৰ কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে৷ এইক্ষেত্রত তালিবানক সহায় কৰিব পাকিস্তানে৷ আফগানিস্তানৰ সংবাদ মাধ্যম জেংগেৰ নিউজক দিয়া এক সাক্ষাৎকাৰত এই তথ্য জনাইছে তালিবানৰ আল ইছা ইউনিটৰ অন্যতম ব্রিগেড কমাণ্ডাৰ নোৱাজউদ্দিন হাক্কানিয়ে৷ হাক্কানিয়ে স্পষ্ট কৰিছে যে কাকো ৰেহাই দিয়া নহ’ব৷ বায়’মেট্রিক ডাটা ইতিমধ্যে হস্তগত হোৱা বুলি দাবী কৰিছে ব্রিগেড কমাণ্ডাৰগৰাকীয়ে৷ গতিকে আমেৰিকান সেনা, ভাৰতীয় চোৰাংচোৱা আদি বিদেশী বাহিনীবোৰক যিসকলে তথ্য দিছিল তালিবানে সেই লোকসকলক শীঘ্রে চিনাক্ত কৰি কঠোৰ শাস্তি প্রদান কৰিব পাৰে৷ এতিয়া এই আশংকাই ঘনীভূত হৈছে৷