নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দর্শন’ত পঞ্জীয়ন ৩.৪৪ লাখ শিক্ষার্থীৰ নগাঁও–ধুবুৰী–বাক্সাত্ একাদশ শ্রেণীৰ আসনৰ নাটনি

আছু–৩০ জনগোষ্ঠীয় সংগঠনৰে বৈঠকত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ প্রাক্ প্রাথমিক আৰু প্রাথমিক পর্যায়ত জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ জৰিয়তে শিক্ষা প্রদানৰ ক্ষেত্রত অচিৰেই ৰাজ্য চৰকাৰে এক সিদ্ধান্ত গ্রহণ কৰিব৷ ইতিমধ্যে ইয়াৰ বাবে গঠন কৰি দিয়া উচ্চ পর্যায়ৰ কমিটীক কম সময়ৰ ভিতৰতে প্রতিবেদন দাখিলৰ বাবে নির্দেশ দিয়া হৈছে৷ আজি এই কথা স্পষ্ট কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মহানগৰীৰ কাহিলিপাৰাস্থিত সর্বশিক্ষা অভিযান মিছনৰ কার্যালয়ত আছু আৰু ৩০টা সংগঠনৰ সৈতে হোৱা শিক্ষা বিষয়ক আলোচনাত সোমবাৰে এই কথা উল্লেখ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে অসমীয়া মাধ্যমত প্রাক্ প্রাথমিক শিক্ষাদান চলি আছে অংগনৱাড়ী কেন্দ্রত৷ আনহাতে, নতুন শিক্ষা নীতি অনুসৰি তৃতীয় শ্রেণীৰ পৰাই সম্পূর্ণ পাঠদানৰ পৰামর্শ দিয়া হৈছে৷ এই দিশটোৰ প্রতি লক্ষ্য ৰাখি অংগনৱাড়ী কেন্দ্রসমূহ বিদ্যালয়ৰ চৌহদলৈ অনাৰ এক পদক্ষেপ গ্রহণ কৰা হ’ব৷ অসমত ২৬ হাজাৰ ৰাজহ গাঁও আছে আৰু ইয়াৰ বিপৰীতে আছে ৬৪ হাজাৰ অংগনৱাড়ী কেন্দ্র৷

এনে বৃহৎসংখ্যক অংগনৱাড়ী কেন্দ্রৰ প্রয়োজনীয়তা আছে নে নাই সেই দিশটোৰ প্রতিও পৰীক্ষা কৰি থকা হৈছে৷ ছাত্র–ছাত্রী অথবা শিশু নথকা, দুগৰাকী বা তিনিগৰাকী শিশুক লৈ চলি থকা অংগনৱাড়ী কেন্দ্রসমূহ একত্রীকৰণৰ বাবেও ৰাজ্য চৰকাৰে গ্রহণ কৰিব পদক্ষেপ৷ একে সময়তে ৰাজ্যত প্রায় ৪০ হাজাৰ প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় আছে৷ এই বিদ্যালয়সমূহৰ ছাত্র–ছাত্রীৰ সংখ্যা কিমান, এখন বিদ্যালয়ৰ বিপৰীতে কিমান ছাত্র–ছাত্রী অথবা শিক্ষক আছে, সেই দিশবোৰ পৰীক্ষা কৰি প্রাথমিক পর্যায়তো চলিব একত্রীকৰণ অভিযান৷

উল্লেখ্য যে সদৌ অসম ছাত্র সন্থা (আছু) আৰু ৩০টা সংগঠনৰ সৈতে শিক্ষা সন্দর্ভত চলা এই আলোচনাকালত ছাত্র সংগঠনকেইটাই মুঠ ১৮টা বিষয়ৰ ওপৰত ৬০টা দাবী সন্নিৱিষ্ট কৰি শিক্ষামন্ত্রীক এখন স্মাৰক–পত্র প্রদান কৰে৷ এই দাবীসমূহৰ ভিতৰত অন্যতম আছিল জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ জৰিয়তে শিক্ষাৰ ব্যৱস্থা কৰা, যিবোৰ অঞ্চলত যি ভাষাৰ লোকে বাস কৰে, সেই অঞ্চলত সেই ভাষাৰ বিদ্যালয় স্থাপন কৰা, বেচৰকাৰী শিক্ষানুষ্ঠানসমূহক বাধ্যতামূলকভাৱে নিয়ন্ত্রণ কৰা, মহাবিদ্যালয়সমূহত্ আসন বৃদ্ধি কৰি স্নাতকোত্তৰ স্তৰ স্থাপন কৰা, শিক্ষক–শিক্ষয়িত্রীক মধ্যাহ্ণ ভোজনৰ পৰা আঁতৰাই ৰখা আছিল অন্যতম দাবী৷ ছাত্র সংগঠনকেইটাৰ এনে দাবীসমূহৰ আঁত ধৰি শিক্ষামন্ত্রীগৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে নতুন শিক্ষা নীতিৰ প্রাথমিক স্তৰত বহুকেইটা পৰামর্শ প্রদান কৰিছে৷ ৰাজ্য চৰকাৰে এই শিক্ষা নীতিক অনুকৰণ কৰাৰ বাবে এতিয়াৰে পৰা এলানি পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি বিদ্যালয়সমূহ যাতে প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ একেটা চৌহদতে হয়, তাৰ বাবে আৰম্ভ হৈছে পৰিকল্পিত ব্যৱস্থা৷ বেচৰকাৰী খণ্ডত বহু বিদ্যালয়ত এই ব্যৱস্থা আছে যদিও অসমীয়া মাধ্যমৰ বিদ্যালয়ত এই ব্যৱস্থা নাই৷

এই উদ্দেশ্যেই শিক্ষা বিভাগে ১০খন জিলাৰ ২৫খন শংকৰদেৱ শিশু নিকেতন আৰু ২৬খন জাতীয় বিদ্যালয়ক একাদশ শ্রেণী খোলাৰ অনুমতি প্রদান কৰা হৈছে৷ ইয়াৰ জৰিয়তে এই ৫১খন বিদ্যালয়ত প্রথম শ্রেণীৰ পৰা একাদশ শ্রেণী অন্তর্ভুক্ত হৈ থাকিব৷ নতুন শিক্ষা নীতিয়ে কলেজৰ পৰা বিদ্যালয়ক পৃথক কৰাৰ পৰামর্শ দিছে৷ সেই পৰামর্শ অনুসৰিয়েই প্রতিখন মহাবিদ্যালয়ৰ পৰা একাদশ আৰু দ্বাদশ শ্রেণী পৃথক কৰা হ’ব৷ অর্থাৎ একাদশ আৰু দ্বাদশ শ্রেণী হাইস্কুলত অন্তর্ভুক্ত হ’ব৷ ৰাজ্য চৰকাৰে ২০২৩ চনক লক্ষ্য কৰি সকলো মহাবিদ্যালয়ৰ পৰা একাদশ আৰু দ্বাদশ শ্রেণী পৃথক কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছে৷ সমান্তৰালভাৱে অকলশৰীয়াকৈ থকা কনিষ্ঠ মহাবিদ্যালয়সমূহক্ হাইস্কুলৰ সৈতে চামিল কৰা হ’ব৷

ইফালে, শিক্ষকৰ পদ পূৰণ আৰু গুণগত শিক্ষকৰ বিষয়টোৰ ওপৰত ছাত্র সংগঠনসমূহে তোলা দাবীৰ প্রসংগত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে এতিয়াৰে পৰা কোনো বিদ্যালয়ত নির্দিষ্ট বিষয়ৰ শিক্ষক নাই বুলি অজুহাত উলিয়াব নোৱাৰিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে এখন বিশেষ আইন অনাৰো ব্যৱস্থা কৰিছে৷ ইয়াৰ জৰিয়তে কোনো বিষয় শিক্ষকে যদি বিশেষ কাৰণত এমাহৰ বাবে ছুটীলৈ যায়, তেওঁৰ সেই পদত এমাহৰ বাবে হ’লেও নতুন শিক্ষকক নিযুক্তি দিয়া হ’ব৷ চৰকাৰে খালী পদসমূহ পূৰণৰ বাবেও ইতিমধ্যে প্রক্রিয়া আৰম্ভ কৰিছে৷ আন এক দিশ উল্লেখ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– স্নাতক শিক্ষকসকলক উচ্চতৰ মাধ্যমিকৰ শিক্ষক হিচাপে অনাৰো এক ব্যৱস্থা আৰম্ভ হৈছে৷ অর্থাৎ স্নাতক শিক্ষকৰ পদত শিক্ষকতা কৰি থকা কোনো শিক্ষক যদি স্নাতকোত্তৰ ডিগ্রী থকা হয়, তেন্তে তেওঁক উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ বাবে নিয়োজিত কৰা হ’ব৷

ইতিমধ্যে ১,৭২৬গৰাকী শিক্ষকক উচ্চতৰ মাধ্যমিকলৈ অনাৰ বাবে প্রস্তুতি সম্পূর্ণ হৈছে৷ ইফালে, ক’ভিডকেন্দ্রিক পৰিৱেশৰ মাজতে শেহতীয়াকৈ ঘোষণা কৰা উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছত নামভর্তিক লৈ বেমেজালিৰ সৃষ্টি হোৱা বুলি যি চর্চা সৃষ্টি হৈছে, সেয়া সোমবাৰে  সম্পূর্ণ নস্যাৎ কৰে শিক্ষামন্ত্রীগৰাকীয়ে৷ এই সন্দর্ভত ডাঃ ৰণোজ পেগুৰ মন্তব্য– নামভর্তিৰ পঞ্জীয়নক লৈ কোনো খেলিমেলি সৃষ্টি হোৱা নাই৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছে ৩,৯৭,১৩২গৰাকী ছাত্র–ছাত্রী৷ আনহাতে দর্শন প’র্টেলৰ জৰিয়তে ৩,৪৩,৯৩২গৰাকী ছাত্র–ছাত্রীয়ে নামভর্তিৰ বাবে অনলাইনৰ জৰিয়তে পঞ্জীয়ন কৰিছে৷ অর্থাৎ যিসকলে পঞ্জীয়ন কৰা নাই, তেওঁলোকে অন্য পাঠ্যক্রমত যোৱাৰ বাবেহে নাম পঞ্জীয়ন কৰা নাই৷ গতিকে অনলাইন পঞ্জীয়নত খেলিমেলি হোৱাৰ প্রশ্ণই নুঠে৷ তিনিখন জিলাক বাদ দি ৰাজ্যৰ প্রতিখন জিলাতে মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকত পর্যাপ্ত আসন আছে৷ একমাত্র নগাঁও, ধুবুৰী আৰু বাক্সা জিলাত নামভর্তিৰ বাবে কিছু খেলিমেলিৰ সৃষ্টি হৈছে৷ এই জিলাকেইখনত সৰহসংখ্যক ছাত্র–ছাত্রীয়ে নির্দিষ্ট এখন বা দুখন মহাবিদ্যালয়ত নামভর্তিৰ বাবে ইচ্ছা প্রকাশ কৰাৰ বাবেহে জটিলতা সৃষ্টি হৈছে৷ বিদ্যালয় একত্রীকৰণৰ ক্ষেত্রত শিক্ষামন্ত্রীগৰাকীয়ে আজি ইয়াকো স্পষ্ট কৰে যে ছাত্র–ছাত্রী নথকা প্রতিখন বিদ্যালয় আন বিদ্যালয়ৰ সৈতে একত্রীকৰণ কৰা হ’ব৷

ঐতিহ্যমণ্ডিত বিদ্যালয়তো যদি ছাত্র–ছাত্রী নাথাকে, সেই বিদ্যালয়কো একত্রীকৰণ প্রক্রিয়াত সাঙুৰি লোৱা হ’ব৷ আজি শিক্ষামন্ত্রীৰ সৈতে হোৱা আলোচনাত আছুৰ লগতে উপস্থিত থাকে অসম ট্রাইবেল সংঘ, নিখিল বড়ো ছাত্র সন্থা, নিখিল ৰাভা ছাত্র সন্থা, সদৌ মিচিং ছাত্র সন্থা, তাই আহোম ছাত্র সন্থা, অসম মটক যুৱ–ছাত্র সন্মিলন, মৰাণ ছাত্র সন্থা, কোচ ৰাজবংশী ছাত্র সন্থা, তিৱা ছাত্র সন্থা, চাহ জনজাতি ছাত্র সন্থা, কার্বি ছাত্র সন্থা, ডিমা হাছাও ছাত্র সন্থা, কার্বি ছাত্র সন্থা, মিচিং মিমাগ কেবাং, অসম ট্রাইবেল যুৱ লীগ, অসম আদিবাসী ছাত্র সন্থা, চুতীয়া ছাত্র সন্থা, গোর্খা ছাত্র সন্থা, দেউৰী ছাত্র সন্থা, সোণোৱাল কছাৰী ছাত্র সন্থা, অসম শৰণীয়া কছাৰী ছাত্র সন্থা, অসম মদাহি ছাত্র সন্থা, কার্বি ছাত্র সন্থা, গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ, মেচ কছাৰী জাতীয় পৰিষদ, অসম হাজং ছাত্র সন্থা, তিৱা যুৱ–ছাত্র সন্থা, অসম নাথ যোগী ছাত্র সন্থা, নিখিল বর্মন কছাৰী ছাত্র সন্থা আৰু অসম ঠেঙাল কছাৰী ছাত্র সন্থা৷ আজিৰ এই বৈঠকত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই মুখ্যতঃ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান আৰু মাতৃভাষা মাধ্যমত পাঠদানৰ লগতে বিদ্যালয় একত্রীকৰণ, বিদ্যালয়ৰ মূল্যাংকন, কাৰিকৰী শিক্ষা, দক্ষতা শিক্ষা আদিৰ বিষয়ৰ ওপৰত শিক্ষামন্ত্রীগৰাকীৰ দৃষ্টি আকর্ষণ কৰে৷ এই অনুষ্ঠানতে শিক্ষামন্ত্রী ডাঃ পেগুৱে আগন্তুক সময়ছোৱাত শিক্ষা বিভাগে ইংৰাজী, গণিত আৰু বিজ্ঞান এই বিষয় তিনিটাৰ পাঠ্যপুথি ইংৰাজীত কৰাৰ বাবে চিন্তা–চর্চা কৰা বুলি জানিবলৈ দিয়ে৷ এইক্ষেত্রত ছাত্র সংগঠনকেইটাৰ মতামত ল’ব বুলিও আজি তেওঁ উল্লেখ কৰে৷
ৰাজ্যৰ শৈক্ষিক সমস্যাক লৈ এছ এফ আইৰ স্মাৰক–পত্র
ৰাজ্যৰ গুৰুত্বপূর্ণ শিক্ষা সমস্যা সমাধানৰ দাবীৰে ভাৰত ছাত্র ফেডাৰেচন, চমুকৈ এছ এফ আয়ে শেহতীয়াকৈ শিক্ষামন্ত্রীক সাক্ষাৎ কৰি ৬টা দাবী সম্বলিত এখন স্মাৰক–পত্র প্রদান কৰে৷ স্মাৰক–পত্রৰ জৰিয়তে ছাত্র–ছাত্রীৰ বাবে বিশেষ অর্থনৈতিক পেকেজ, নতুন পদ সৃষ্টি কৰা, খালী পদ পূৰণ কৰা, চাহ বাগিচা–চৰ অঞ্চলত শিক্ষাৰ প্রসাৰ বৃদ্ধি কৰা আদি বিষয়সমূহ শিক্ষামন্ত্রীৰ দৃষ্টি আকর্ষণ কৰে৷

You might also like