আৱর্জনাৰ সমস্যা
গুৱাহাটী পৌৰ নিগমে চন্দ্রপুৰত আৱর্জনা পেলোৱাৰ যি ব্যৱস্থা কৰিছে, তাৰ বিৰুদ্ধে সেই অঞ্চলৰ ৰাইজে সঠিকভাৱেই, যুক্তিসংগতভাৱে প্রতিবাদ কৰিছে৷ এই প্রতিবাদ অকল এটা অঞ্চলৰ প্রতিবাদ বুলিলে ভুল কৰা হ’ব৷ এই প্রতিবাদ আচলতে নাগৰিকৰ মৌলিক অধিকাৰ সম্বন্ধীয় প্রতিবাদ আৰু এই প্রতিবাদত সকলো অঞ্চলৰ ৰাইজৰ অংশগ্রহণ জৰুৰী আছিল৷ গভীৰভাৱে চালে দেখা যায়– এই প্রতিবাদ অকল চন্দ্রপুৰ অঞ্চলত আৱর্জনা পেলোৱাৰ প্রতিবাদ নহয়, এই প্রতিবাদ হৈছে জাবৰ বা আৱর্জনাৰ সমস্যাৰ বিৰুদ্ধে ৰাইজৰ প্রতিবাদ৷ কাৰখানা আৰু ডদ্যোগত সৃষ্টি হোৱা ঔদ্যোগিক আৱর্জনা, দোকান–পোহাৰ আৰু কার্যালয় আদিৰ পৰা ওলোৱা বাণিজ্যিক আৱর্জনা, ঘৰ এখনৰ আৱর্জনা আৰু কৃষিজাত আৱর্জনা– এই চাৰিটা ভাগত ভগোৱা আৱর্জনাই সৃষ্টি কৰা সমস্যা, অকল সেই আৱর্জনাখিনি দ’ম কৰি ৰখা সমস্যা নহয়, ই মানুহৰ মৌলিক অধিকাৰৰ সমস্যা, এখন কল্যাণকামী ৰাজ্যৰ নাগৰিকৰ দৰে জীয়াই থকাৰ সমস্যা৷ দীপৰ বিলত গুৱাহাটী পৌৰ নিগমে আৱর্জনা দ’ম কৰাৰ বিৰুদ্ধে এটা সময়ত প্রতিবাদ হৈছিল, কিন্তু সেই প্রতিবাদ সীমাবদ্ধ আছিল তাৰ থলুৱা মানুহখিনিৰ মাজতেই৷ আন ঠাইৰ মানুহে সেই প্রতিবাদত অংশগ্রহণ কৰা অথবা সেই প্রতিবাদক সমর্থন কৰা চকুত পৰা নাছিল৷ আৱর্জনাৰ পৰা উদ্ভৱ হোৱা সমস্যাক এতিয়াও আমাৰ নাগৰিক সমাজে অকল সেই আৱর্জনাৰ পৰা গোন্ধ পোৱা মানুহখিনিৰ সমস্যা হিচাপেই ভাবি থকা যেন অনুভৱ হয়৷ গুৱাহাটী পৌৰ নিগম এলেকাৰ জনসংখ্যা হ’ল প্রায় ৯৬ লাখ আৰু এই চহৰখনৰ পৰা ওলোৱা আৱর্জনাৰ পৰিমাণ হ’ল দৈনিক প্রায় ৪০০ মেড্রিক টন৷ নলবাৰী আৰু মঙলদৈ পৌৰসভাৰ অধীনৰ জনসংখ্যা ক্রমে প্রায় ২৭ হাজাৰ আৰু ২৫ হাজাৰ আৰু এই চহৰ দুখনৰ আৱর্জনাৰ পৰিমাণ দৈনিক ১১ মেট্রিক টন৷ গুৱাহাটী চহৰৰ আৱর্জনাৰ পৰিমাণ বহুত বেছি হোৱা বাবে তাৰ নিষ্কাশন ব্যৱস্থাটোৰ ওপৰত মানুহৰ দৃষ্টি থাকে, কিন্তু সৰু চহৰবোৰৰ আৱর্জনাৰ পৰিমাণ কম হোৱা বাবে তাৰ আৱর্জনাবোৰ কেনেদৰে পৰিচালনা কৰা হৈছে, সেই বিষয়ত সাধাৰণতে নাগৰিকসকল মৌন হৈয়েই থাকে৷ আৱর্জনা কমৰ অর্থ এয়া নহয় যে ব্যৱস্থাহীন আৱর্জনাৰ পৰা কোনো বিপদ নাই৷ আৱর্জনাই সৃষ্টি কৰা সমস্যা সকলোতে একেই, কিন্তু পৰিমাণ কম হ’লে বিপদৰ শংকা কম হয় বাবেই কথাটো প্রায় অৱহেলিত হৈ থাকে৷
আৱর্জনা সমস্যাৰ অন্যতম মূল কাৰণ হ’ল ঠাই একোখনৰ জনসংখ্যা বৃদ্ধি আৰু ঔদ্যোগিক বিকাশ৷ এই দুয়োটাকে কোনোপধ্যেই এৰাব পৰা নাযায় আৰু নাযাবও৷ তাৰ সমান্তৰালভাৱে আৱর্জনা পৰিচালনাৰ কথাটোত চিন্তা আৰু কার্যক্ষম ব্যৱস্থা নকৰিলে এটা সময়ত আজি প্রায় নেদেখা হৈ থকা বা সৰু হৈ থকা সমস্যাটোৱে আজিৰ গুৱাহাটীত হোৱাৰ দৰে নিয়ন্ত্রণহীন ৰূপত আত্মপ্রকাশ কৰিব৷ আৱর্জনা পৰিচালনাৰ মূল কথাকেইটা হ’ল– আৱর্জনা উৎপাদন কৰিব পৰা সামগ্রীৰ ব্যৱহাৰ কমোৱা, আৱর্জনা পুনৰ ব্যৱহাৰ কৰা আৰু আৱর্জনাৰ পৰা পুনৰ ব্যৱহাৰযোগ্য বস্তু উৎপাদন কৰা৷ আৱর্জনাৰ উৎপাদন প্রতিৰোধ কৰা আৰু এই উৎপাদন হ্রাস কৰাটোৱেই হৈছে সর্বাধিক আকাংক্ষিত লক্ষ্য৷ আৱর্জনা পৰিচালনাৰ অন্যতম মূল কথা হ’ল ডৎপাদকৰ দায়িত্ব বঢ়োৱা আৰু দায়িত্বশীল ৰূপত সামগ্রীৰ উৎপাদন কৰি বজাৰত উলিয়াই দিয়া৷ উৎপাদকে যাতে পৰিৱেশ সংক্রান্তীয় সকলো নীতি–নিয়ম মানি চলে, তাক চাবলৈ চৰকাৰে আইন প্রণয়ন কৰিছে আৰু আইনৰ প্রয়োগ চাবলৈ ভালেমান সংস্থাৰ জন্ম দিছে৷ প্রতিখন ৰাজ্যতে পৰিৱেশ প্রদূষণ নিয়ন্ত্রণ পৰিষদ আছে আৰু এই পৰিষদে ঔদ্যোগিক ক্ষেত্রৰ পৰা হ’ব পৰা প্রদূষণ নিয়ন্ত্রণ কৰাত আগভাগ লয়৷ কিন্তু এই কামটো হয়তো সঠিকভাৱে কৰা হোৱা নাই আৰু সেইবাবেই এই ধৰণৰ প্রদূষণ দিনকদিনে বাঢ়ি আছে৷ চৰকাৰে এই কথাটো গভীৰভাৱে লোৱা উচিত৷ আৱর্জনা পৰিচালনাই অকল পৰিৱেশ ক্ষেত্রতেই নহয়, ই ৰাজ্যৰ অর্থনীতিতো অৰিহণা যোগাব পাৰে৷ আৱর্জনা পুনৰ ব্যৱহাৰৰ এক বৃহৎ অর্থনৈতিক সম্ভাৱনা আছে আৰু এই সম্ভাৱনাক চৰকাৰৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত প্রতিষ্ঠানবোৰেও কামত খটাব লাগিব৷