নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ উচ্চতম ন্যায়ালয়ত মঙলবাৰে ৯গৰাকী নতুন বিচাৰপতিক নিযুক্তি দিয়া হৈছে৷ দেশৰ শীর্ষ আদালতখনত নতুন বিচাৰপতিৰ দায়িত্ব লাভ কৰা আইনজ্ঞসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলাও৷ ৯গৰাকী বিচাৰপতিয়ে আনুষ্ঠানিকভাৱে শপতগ্রহণ কৰাৰ পিছত শীর্ষ আদালতখনত ন্যায়াধীশৰ সংখ্যা ৩৩গৰাকীলৈ বৃদ্ধি পাইছে৷
দেশৰ মুখ্য ন্যায়াধীশসহ উচ্চতম ন্যায়ালয়ত বিচাৰপতিৰ সংখ্যা হ’ব লাগে ৩৪গৰাকী৷ অর্থাৎ এতিয়াও এগৰাকী বিচাৰপতিৰ আসন খালী হৈ আছে উচ্চতম ন্যায়ালয়ত৷ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই মঙলবাৰে এই নতুন বিচাৰপতিসকলক শপতবাক্য পাঠ কৰাই আনুষ্ঠানিকভাৱে দায়িত্ব অর্পণ কৰিছে৷ উচ্চতম ন্যায়ালয়ৰ অতিৰিক্ত প্রাসাদ চৌহদত আজি এক অনুষ্ঠানত বিচাৰপতিকেইগৰাকীক দায়িত্ব প্রদান কৰা হয়৷