নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী অ’ পানিৰছেলভামৰ পত্নী বিজয়ালক্ষ্মীৰ আজি দেহাৱসান ঘটিছে৷ চেন্নাইৰ জি ই এম হাস্পতালত বিগত ১০ দিন ধৰি চিকিৎসাধীন হৈ আছিল বিজয়ালক্ষ্মী৷ চিকিৎসক ডাঃ অশোকনে উল্লেখ কৰা অনুসৰি ৬৫ বছৰীয়া বিজয়ালক্ষ্মী আজি পুৱাৰ ভাগত হূদৰোগত আক্রান্ত হয়৷ পুৱা ৬.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিজয়ালক্ষ্মীয়ে৷ অ’ পানিৰছেলভামৰ পত্নীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে৷