নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা চতুর্থ টেষ্টঃ শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ ঘৰুৱা দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ পাঁচখনীয়া টেষ্ট শৃংখলাটোৰ চতুর্থখন টেষ্ট আজিৰে পৰা অ’ভেলত অনুষ্ঠিত হ’ব৷ হেডিংলেত হৈ যোৱা তৃতীয়খন টেষ্টত লজ্জাৰ পৰাজয়ৰ পিছত আজিৰে পৰা আৰম্ভ হ’বলগীয়া গুৰুত্বপূর্ণ টেষ্টখনত শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্য লৈছে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷

টেষ্টখনৰ পূর্বে সহধিনায়ক আজিংক্য ৰাহানেৰ দুর্বল ফর্ম আৰু অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্রন অশ্বিনৰ অন্তর্ভুক্তিক লৈ কিছু পৰিমাণে চিন্তিত হৈ পৰিছে বিৰাট ব্রিগেড৷

ইফালে, শৃংখলাটোত আগশাৰীৰ বেটছমেনসকলৰ দুর্বল ফর্মক লৈও চিন্তিত হৈ পৰিছে ভাৰতীয় দল৷ ইতিমধ্যে হৈ যোৱা প্রথম তিনিখন টেষ্টত আগশাৰীৰ বেটছমেনসকলে নিজৰ ছন্দ অনুসাৰে খেলিবলৈ সক্ষম হোৱা নাই৷ বৰষুণৰ বাবে নটিংহাম টেষ্টখন অমীমাংসিত হোৱাৰ বিপৰীতে লর্ডছত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত বলাৰৰ দুর্দান্ত প্রদর্শনৰ সহায়ত ভাৰতীয় দলটোৱে জয়ৰ সোৱাদ লাভ কৰিছিল যদিও হেডিংলেত অনুষ্ঠিত তৃতীয়খন টেষ্টত ভাৰতীয় দলটোৰ বেটছমেনৰ লগতে সম্পূর্ণৰূপে ব্যর্থ হৈছিল বলাৰসকলো৷

অধিনায়ক বিৰাট কোহলিৰ নিম্নমানৰ বেটিং প্রদর্শনে সকলোকে চিন্তান্বিত কৰি তুলিছে৷ অধিনায়কগৰাকীয়ে ইতিমধ্যে হৈ যোৱা তিনিওখন টেষ্টৰ এটা ইনিংছতো অর্ধ শতকীয় ইনিংছ খেলিবলৈ সক্ষম হোৱা নাই৷ কোহলিৰ লগতে আজিংক্য ৰাহানে, চেটেশ্বৰ পূজাৰা, ঋষভ পণ্ট সম্পূর্ণৰূপে ব্যর্থ হৈছে৷

অৱশ্যে আজিৰে পৰা আৰম্ভ হ’বলগীয়া টেষ্টখনত ভাৰতীয় দলটোৰ মূল একাদশত কিছু সালসলনি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ পৃথ্বি শ্ব, মায়ংক আগৰৱাল আৰু হনুমা বিহাৰীৰ মাজত মূল একাদশত স্থান লাভৰ বাবে যুঁজ চলাৰ সম্ভাৱনা আছে৷

টেষ্টখনৰ সন্দর্ভত ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে কয় যে বেটছমেনসকলৰ ব্যর্থতাই চিন্তাত কাৰক হৈ পৰিছে৷ আগশাৰীৰ বেটছমেনসকলে এতিয়ালৈকে নিজৰ ছন্দ অনুসাৰে খেলিবলৈ সক্ষম হোৱা নাই৷ নিজৰ প্রদর্শনক লৈও সন্তুষ্ট নহয় বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে আজিৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনত বিজয় সাব্যস্ত কৰিবলৈ হ’লে তেওঁৰ লগতে আন আগশাৰীৰ বেটছমেনসকলেও ক্রিজত অধিক সময় টিকিব লগিব৷

ইফালে, আজিৰে পৰা আৰম্ভ হ’বলগীয়া টেষ্টখনত ইংলেণ্ড দলটোৰ উইকেট কীপাৰৰ দায়িত্ব পালন কৰিব জ’নী বেয়াৰষ্টৱে৷ দ্বিতীয়টো সন্তানৰ পিতৃত্বৰ গৌৰৱ অর্জন কৰিবলগীয়া হোৱা হেতুকে জ’ছ বাটলাৰে টেষ্টখনত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকিব৷

আনহাতে, তাৰকা পেচবলাৰ মার্ক উডৰ লগতে ক্রিছ ৱকছৰ ইংলেণ্ডৰ মূল একাদশলৈ প্রত্যাৱর্তন ঘটাৰ সম্ভাৱনা আছে৷
খেলৰ সময়ঃ বিয়লি ৩.৩০ বজা৷

You might also like