নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজুৰ পাচত আলফা(স্বা)লৈ গ’ল চাবুৱাৰ জ্ঞানদীপ

নিয়মীয়া বার্তা,৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্র দেশতে আন্দোলন চলি থকাৰ সময়তে চাবুৱাৰ ভৰলুৱা গাঁৱৰ জ্ঞানদীপ বৰপাত্র গোহাঁই নামৰ ২৫ বছৰীয়া এজন যুৱকে আলফা (স্বা)ত যোগদান কৰাৰ কথা জানিব পৰা গৈছে ৷ বিগত বর্ষতো আইনখনৰ বিৰুদ্ধে প্রতিবাদ চলি থকাৰ সময়তে আলফা (স্বাঃ) সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজাক মুন্না বৰুৱাই সশস্ত্ৰ সংগ্রামত যোগদান কৰে আৰু পুনৰ এজন যুৱকৰ যোগদানে তীব্র চাঞ্চল্য কৰে ৷ ভৰলুৱা গাঁৱৰ পৱিত্র বৰপাত্র গোহাঁইৰ তৃতীয় পুত্র জ্ঞানদীপ ২ জানুৱাৰীতে ঘৰৰ পৰা ওলাই যায় ৷ ব্যৱসায়ৰ সূত্রে তিনিচুকীয়া জিলাৰ জাগুনত এটা ভাৰাঘৰত বাস কৰিছিল ৷ লগতে ভৰলুৱা গাঁৱৰ ঘৰতো সমান্তৰালকৈ বাস কৰিছিল ৷ জ্ঞানদীপ আলফা (স্বাঃ)ত যোগদান কৰাৰ পিছতে ৪ জানুৱাৰীত জাগুনৰ পৰা তেওঁ দিনৰ ১২ বজাত ফোনযোগে নিজ মাতৃক জানিবলৈ দিয়ে ৷

তাৰ পিছৰে পৰা জ্ঞানদীপৰ ম’বাইল বন্ধ হৈ আছে ৷ এই বিষয়ে দিনজানত কর্তব্যৰত অৱস্থাত থকা পিতৃক জনায় মাতৃয়ে ৷ গাঁৱৰ চৰকাৰী গাঁওবুঢ়াকো অৱগত কৰে পৰিয়ালে ৷ এ এছ–২৩–৭৭৭১ নম্বৰৰ টি ই অন গাড়ীখনো জ্ঞানদীপে লৈ যায়, লগতে উক্ত গাড়ীখনৰো কোনো শুংসূত্র বর্তমানেও পোৱা নাই আৰক্ষী আৰু পৰিয়ালে ৷ এই সন্দর্ভত জাগুন আৰক্ষীৰ ওচৰত এজেহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাইছে ৷ কর্মসূত্রে পিতৃয়ে দিনজান ছাউনিৰ হেড কোৱার্টাৰৰ সাধাৰণ কর্মচাৰী ৰূপে কর্মৰত হৈ থকাত পিতৃয়ে জ্যেষ্ঠপুত্রসহ চৰকাৰী আৱাসতে বাস কৰিছিল, লগতে ভৰলুৱাত পৰিয়ালে নতুনকৈ সজা ঘৰটোও চোৱা–চিতা কামত ব্যস্ত আছিল ৷ শান্ত আৰু অমায়িক স্বভাৱৰ যুৱকজনৰ আলফা স্বাধীনত যোগদান কৰাৰ বিষয়ে পিছদিনা পিতৃক সেনাই জানিবলৈ দিলেও পিতৃৰ মনে মানি ল’ব পৰা নাই বুলি কয়৷ এই দুঃখবৰে পৰিয়ালটোক মর্মাহত কৰিছে ৷

You might also like