নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাঘ বিহুৰ পূর্বে ১০ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ‘জল জীৱন মিছন’ শীর্ষক ব্যয়বহুল আঁচনিৰে ৰাজ্যবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ পৰিকল্পনা হাতত লৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত দাসে আজি কামৰূপ মহানগৰ জিলাৰ চন্দ্রপুৰৰ তাঁতীমাৰা গাঁওস্থিত নীৰ নির্মল পৰিযোজনা পানী যোগান প্রকল্পটো পৰিদর্শন কৰে৷ পুৱা মন্ত্রীগৰাকী প্রকল্পস্থলীত উপস্থিত হৈ পানী যোগান প্রকল্পটোৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয় আৰু বিভাগীয় বিষয়া–কর্মচাৰীৰ লগত এক আলোচনাত মিলিত হয়৷ মন্ত্রীগৰাকীয়ে কয় যে নীৰ নির্মল পৰিযোজনা আঁচনিখনৰ জৰিয়তে চন্দ্রপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত চন্দ্রপুৰ, পানীখাইতী, আমচিং আৰু পশ্চিম মায়ং গাঁও পঞ্চায়ত এলেকাৰ ৪২খন গাঁৱৰ ৰাইজক ২৪ ঘণ্টাই বিশুদ্ধ পানী যোগান ধৰাৰ লক্ষ্যৰে এই প্রকল্পটো ২০১৪–১৫ চনতে বিশ্ব বেংকৰ সাহায্য পুঁজিৰে নির্মাণৰ কাম আৰম্ভ হৈছিল৷

সম্প্রতি প্রায় ৪,৫০০টা পৰিয়ালক এই প্রকল্পটোৰ জৰিয়তে বিশুদ্ধ পানী যোগান ধৰি থকা বুলি অৱগত কৰে৷ এইবেলি মাঘ বিহুৰ আগে আগে প্রায় ১০,০০০ পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰা হ’ব আৰু বাকী পৰিয়ালক সময়মতে পানী যোগান ধৰা হ’ব বুলি মন্ত্রীগৰাকীয়ে প্রকাশ কৰে৷ উল্লেখনীয় কথাটো হ’ল যে ২০১৮ চনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে প্রকল্পটোৰ নির্মাণ কাম আধৰুৱা হৈ থকা অৱস্থাতে প্রকল্পটো মুকলি কৰিছিল৷ প্রায় তিনি বছৰ অতিক্রম কৰাৰ পিছতো আজিলৈ প্রকল্পটোৰ নির্মাণ কাম কিয় পৰিসমাপ্তি নঘটিল সেয়া ৰহস্যৰ আৱর্তত৷ মন কৰিবলগীয়া কথা যে পানী যোগান ধৰিবলৈ প্রয়োজনীয় পাইপ পোতা কামেই আজিলৈ সমাপ্ত হোৱা নাই বিভিন্ন অঞ্চলত৷ তেনেস্থলত মাঘ বিহুৰ আগে আগে কেনেকৈ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিব সেয়াহে লক্ষণীয় হ’ব৷

You might also like