বৃদ্ধি নহয় বাছৰ ভাড়াঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ অসমত এই মুহূৰ্তত বাছৰ ভাড়া বৃদ্ধি নহ’ব। আজি এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে যিহেতু কভিড১৯-য়ে এতিয়াও মানুহৰ জীৱনক প্ৰভাৱিত কৰি আছে, সেয়েহে বৰ্তমানৰ বাছৰ ভাড়া বজাই ৰখাটো ভাল হ’ব।
“কভিড১৯ বাবে বাছৰ ভাড়া বৃদ্ধি কৰা সম্ভৱ নহয়। ভৱিষ্যতে, আমি বিষয়টো অপাৰেটৰৰ সৈতে আলোচনা কৰিম কিন্তু এতিয়াৰ বাবে, বাছৰ ভাড়া বৃদ্ধি নহ’ব। মই বাছৰ মালিকসকলক ক’ম যে মানুহবোৰ বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে আৰু মানুহে ভাড়া বৃদ্ধি ভাল নাপাব। সেয়েহে, আমি সময়ৰ সৈতে সমন্বয় কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত আৰু কেইদিনমান চাওঁ আহক আৰু পিছত চৰকাৰে নিশ্চিতভাৱে সকলোৰে সৈতে কথা পাতিব,” মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে ।