নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠমহীয়া অন্তঃসত্ত্বা মহিলা আৰক্ষীক গুলীয়াই হত্যা তালিবানৰ

নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ ৮মহীয়া অন্তঃসত্ত্বা মহিলা আৰক্ষী বিষয়া এগৰাকীক নৃশংসভাৱে তালিবানে গুলীয়াই হত্যা কৰা ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে শিহৰণ৷ ১৫ আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে মহিলাৰ বিৰুদ্ধে পাশৱিক আতিশয্য চলাই আহিছে৷ শেহতীয়া এই পাশৱিক হত্যাকাণ্ড সংঘটিত হৈছে মধ্য আফগানিস্তানৰ গড়প্রদেশৰ ৰাজধানী চহৰ ফিৰোজক’হত৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি বাণু নেগাৰ নামৰ মহিলা আৰক্ষী বিষয়াগৰাকীক পৰিয়ালৰ সদস্যসকলৰ সন্মুখতেই তালিবানে গুলীয়াই হত্যা কৰে৷ লক্ষণীয়ভাৱে সংবাদ সংস্থা বি বি চিয়ে এই সন্দর্ভত তালিবান কর্তৃপক্ষক প্রশ্ণ কৰিছে যদিও কোনোধৰণৰ তথ্য সদৰী কৰা নাই কট্টৰ ইছলামিষ্ট গোটটোৱে৷

You might also like