নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বনাশী পাম তেলৰ খেতি কৰিব অসমত

১১,০৮০ কোটি টকা ব্যয়েৰে কেন্দ্রৰ অভিলাষী আঁচনি

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ এটাৰ পাছত এটাকৈ জলবোমা নির্মাণেৰে উত্তৰ–পূর্বাঞ্চলৰ জৈৱ–বৈচিত্র্যলৈ ভাবুকি কঢ়িয়াই অনাৰ পাছত এতিয়া অসমকে ধৰি সমগ্র অঞ্চলটোক মৰুভূমিলৈ পর্যবসিত কৰাৰ এক ভয়ংকৰ আঁচনি হাতত লৈছে কেন্দ্রীয় চৰকাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত শেহতীয়াকৈ অনুষ্ঠিত কেবিনেট বৈঠকত মূলতঃ উত্তৰ–পূর্বাঞ্চলৰ বাবে গ্রহণ কৰা এই আঁচনিৰ জৰিয়তে অঞ্চলটোৰ ৯ লাখ হেক্টৰ ভূমিত পাম তেলৰ খেতি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ কোৱা হৈছে ‘নেচনেল মিছন অন এডিবেল অইল–ইল পাম’ আঁচনিৰ জৰিয়তে এই খেতিৰ বাবে কেন্দ্রীয় চৰকাৰে অসম তথা উত্তৰ–পূর্বাঞ্চলত ১১,০৪০ কোটি টকা ব্যয় কৰিব৷

আপাত দৃষ্টিত উত্তৰ–পূর্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰৰ এয়া এক ইতিবাচক পদক্ষেপ যেন লাগিলেও পাম তেলৰ কৃষিকর্মই সমগ্র উত্তৰ–পূর্বাঞ্চলক মৰুভূমিলৈ পর্যবসিত কৰিব পাৰে৷ কাৰণ পাম তেলৰ খেতিয়ে অঞ্চলটোৰ বর্ষাৰণ্যসমূহক সম্পূর্ণ ধ্বংস কৰাৰ লগতে জৈৱ–বৈচিত্র্যলৈ বিপর্যয় কঢ়িয়াই আনিব পাৰে৷ তদুপৰি ক্ষুদ্র খেতিয়কৰ বাবে পাম তেলৰ খেতি মুঠেই ব্যয়সাপেক্ষ বিষয় নহয়৷ বাস্তৱত পাম খেতিৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ জনজাতি এলেকাসমূহ বৃহৎ কর্প’ৰেট গোষ্ঠীৰ হাতলৈ গুচি যোৱাৰ আশংকাও নুই কৰিব নোৱাৰি৷ পৰিৱেশবিদসকলৰ লগতে ৰাজনৈতিক মহলত উত্থাপিত অভিযোগ অনুসৰি মূলতঃ আদানি গোষ্ঠী আৰু পতঞ্জলিৰ নিচিনা বৃহৎ কর্প’ৰেট সংস্থাসমূহৰ মুনাফাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলৰ বাবে এই আঁচনি হাতত লৈছে৷ মেঘালয়ৰ সাংসদ আগাথা চাংমাই ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্রযোগে নিজৰ উদ্বিগ্ণতাৰ কথা দাঙি ধৰিছে৷

মন কৰিবলগীয়া যে তিনি দশক পূর্বে আন্দামান–নিকোবৰ দ্বীপপুঞ্জত কেন্দ্রীয় চৰকাৰে পাম খেতিৰ একাধিক প্রকল্প হাতত লৈছিল৷ পিছে অঞ্চলটোৰ জৈৱ–বৈচিত্র্যৰ ওপৰত পাম খেতিয়ে ইমানে বিৰূপ প্রভাৱ পেলাইছিল যে ১৯৮৮ চনত উচ্চতম ন্যায়ালয়ে আন্দামানত পাম খেতিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ মন কৰিবলগীয়া যে সৰিয়হ, ছয়াবিন, বাদাম, সূর্যমুখী আদি তেলতকৈ নূ্যনতম ব্যয়ত পাম তেল উৎপাদন কৰাটো সম্ভৱ৷ অৱশ্যে পাম তেলৰ খেতিয়ে সংশ্লিষ্ট এলেকাৰ জৈৱ–বৈচিত্র্যৰ ওপৰত যি বিৰূপ প্রভাৱ পেলাব পাৰে, সেয়া এক কল্পনাতীত বিষয়৷ হায়দৰাবাদস্থিত চেণ্টাৰ ফৰ ছাচষ্টেনেবল এগ্রিকালচাৰৰ কৃষি বিজ্ঞানী জি ভি ৰমনজানেউলুৰ গৱেষণাত দেখা গৈছে যে এটা পাম তেলৰ গছে ভূগর্ভৰ পৰা দৈনিক ৩০০ লিটাৰ পানী আহৰণ কৰে৷ অর্থাৎ পাম খেতিৰ পার্শ্বৱর্তী এলেকাত কোনো ধৰণ কৃষিকর্ম কৰাটো একপ্রকাৰ অসম্ভৱ হৈ পৰে৷ তদুপৰি পাম তেলৰ খেতিত মাত্রাধিক কীটনাশক প্রয়োগ কৰা হয়৷ যাৰ বাবে পাম তেলৰ খেতি কৰা স্থানত আন কোনো খেতি কৰাটো চিৰদিনৰ বাবে অসম্ভৱ হৈ পৰে৷ আন্দামান–নিকোবৰ দ্বীপপুঞ্জৰ অভিজ্ঞতাই কয় যে পাম তেলৰ খেতিয়ে অঞ্চলটোৰ লাখ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল ধ্বংস কৰিব পাৰে৷

তদুপৰি ব্যাপক কীটনাশক প্রয়োগ কৰা হেতু মানৱ শৰীৰত পাম তেলে কর্কট ৰোগৰ বীজাণুও ৰোপণ কৰিব পাৰে৷ ঠিক এই কাৰণতেই ইউৰোপিয়ান ফুড ছেফ্টী অথ’ৰিটীয়ে পাম তেলৰ ব্যাৱহাৰত একপ্রকাৰ নিষেধাজ্ঞা জাৰি কৰিছিল৷ সদ্যহতে পাম তেলৰ খেতিয়ে কঢ়িয়াই অনা ভাবুকিৰ প্রতি লক্ষ্য ৰাখি শ্রীলংকাই চলিত বছৰৰ মে’ মাহত পাম তেলৰ খেতি ধ্বংস কৰাৰ লগতে উক্ত তেলৰ আমদানিতো নিষেধাজ্ঞা জাৰি কৰিছে৷

আনহাতে পাম তেলৰ খেতিয়ে দক্ষিণ–পশ্চিম এছিয়াৰ জৈৱ–বৈচিত্র্য সম্পূর্ণৰূপে ধ্বংস কৰা বুলিও পৰিৱেশবিদসকলে উদ্বিগ্ণতা ব্যক্ত কৰি আহিছে৷ যেতিয়া সমগ্র বিশ্বই পাম তেল আৰু ইয়াৰ কৃষিকর্ম বন্ধ কৰিবলৈ উদ্যত হৈছে, ঠিক সেই সময়ত অসম তথা উত্তৰ–পূর্বাঞ্চলত পাম তেলৰ খেতিৰ বাবে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা আঁচনিক লৈ এতিয়া সংশ্লিষ্ট মহলত তীব্র জোকাৰণি সৃষ্টি কৰিছে৷ অৱশ্যে কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে শেহতীয়াকৈ এক বিবৃতিযোগে সমগ্র বিষয়টোত স্পষ্টীকৰণ দিয়া পৰিলক্ষিত হৈছে৷ টোমৰৰ মতে, উত্তৰ–পূর্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰি কিম্বা গছ কাটি পাম তেলৰ খেতি কৰা নহয়৷ পাম তেল উৎপাদনৰ বাবে উত্তৰ–পূর্বাঞ্চলত সুকীয়া ভূমি চিহ্ণিত কৰা হৈছে৷ তদুপৰি উত্তৰ–পূর্বাঞ্চলৰ জলবায়ু পাম তেলৰ খেতি কৰাৰ বাবে বৰকৈ উপযোগী৷ পিছে অনাগত দিনত এই কৃষিকর্মই যে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ জৈৱ–বৈচিত্র্যলৈ বিপর্যয় কঢ়িয়াই আনিব পাৰে, কৃষিমন্ত্রীজনে তেনে আশংকাৰ কোনো ধৰণৰ সদুত্তৰ দিব পৰা নাই৷

মন কৰিবলগীয়া যে যোৱা ১৮ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ১১,০৪০ কোটি টকা ব্যয়সাপেক্ষ নেচনেল মিছন অন এডিবেল অইল–ইল পাম আঁচনিত অনুমোদন জনোৱাৰ দুসপ্তাহৰ ভিতৰতেই অসম চৰকাৰে প্রাৰম্ভিকভাৱে ৰাজ্যৰ ৩৫০ হেক্টৰ ভূমি ইতিমধ্যে চিহ্ণিত কৰাৰ কাম সম্পন্ন কৰিছে৷ কেন্দ্রীয় কৃষি বিভাগৰ এক শীর্ষ সূত্রই প্রকাশ কৰা মতে, বুধবাৰে অসম চৰকাৰে আঁচনিখনৰ প্রাৰম্ভিক ৰূপৰেখা দাঙি ধৰিছে৷ সেই অনুসৰি প্রথমতে বঙাইগাঁও, গোৱালপালা আৰু কামৰূপ (গ্রাম্য) জিলাৰ ৩৫০ হেক্টৰ ভূমিত পাম তেলৰ খেতি কৰাৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন জনাইছে৷ অহা সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে এই সন্দর্ভত আনুষ্ঠানিকভাৱে বিতংকৈ প্রস্তাৱ দাঙি ধৰিব বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷

You might also like