নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ৰাজ্যত ক্রমাৎ উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ মঙলবাৰে ০.৫৮ শতাংশলৈ হ্রাস পাইছে ক’ভিডৰ সংক্রমণ৷ নতুনকৈ ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে ৪৭১জন লোক৷ ইয়াৰে সর্বাধিক ১০৫জন লোক কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি শোণিতপুৰৰ ৩২, শিৱসাগৰৰ ৩০ আৰু গোলাঘাটৰ ২৯জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ৮০,৯৩৭টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷
ইফালে, মঙলবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৪২০জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা ৫,১১০জন৷ ক’ভিডত মঙলবাৰে প্রাণ হেৰুৱাইছে ৯জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত দুজনকৈ লোক যোৰহাট আৰু মৰিগাঁৱৰ৷ তদুপৰি বিশ্বনাথ, ডিব্রুগড়, হোজাই, কামৰূপ আৰু লখিমপুৰৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে ক’ভিড ভেকচিন প্রদান প্রক্রিয়া৷ ৰাজ্যত মুঠ ১,৯০,৬৬,৫২৮জন লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ৩৪,৬০,২২৯জন লোকে দুয়োটা পালি লাভ কৰিছে৷