অহা নৱেম্বৰৰ পৰা মাজুলী সংযোগী দলঙৰ কাম পূৰ্ণগতিত আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ বুধবাৰে আবেলি নিমাতিঘাটৰ সমীপত সংঘটিত হয় শোকাৱহ নাও দুৰ্ঘটনা। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই নিমাতিঘাটত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয়।
নাও দুৰ্ঘটনাৰ বুজ লৈ নিমাতীঘাটত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “মাজুলী দলঙখনক লৈ সংবাদমাধ্যমত কালিৰে পৰা বহু বাতৰি প্ৰকাশ কৰা হৈছে। মাজুলী-নিমাতীঘাটৰ মাজৰ দলঙৰ কাম পূৰ্ণগতিত চলি আছে। ঠিকাদাৰসকলে এই দলঙৰ নক্সা প্ৰস্তুত কৰি ভাৰত চৰকাৰক জমা দিছে। এই নক্সাটো অনুমোদিত হ’লেই অহা নৱেম্বৰৰ পৰা দলঙৰ কাম পূৰ্ণগতিত আৰম্ভ হ’ব। এই দলঙৰ কাম সম্পূৰ্ণ হওতে মুঠ ৪ বছৰৰ সময় লাগিব। লগতে এই দলঙৰ কাম পৰ্যব্যক্ষণ কৰিবলৈ এখন মন্ত্ৰী গোট গঠন কৰা হ’ব।”
ইপিনে নাও দুৰ্ঘটনাত মৃত্যু হোৱা পৰিমিতা দাসৰ পৰিয়ালৰ লগত আলোচনা কৰি তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
ইয়াৰোপৰি আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যাৱতীয় নথি-পত্ৰ হেৰোৱাসকলৰ নথি-পত্ৰ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। যিসকলৰ মটৰচাইকেল বুৰ গৈছে তেওঁলোককো ক্ষতিপূৰণ দিয়া হ’ব আৰু সকলোকে পাৰ্যমানে সহায় কৰা হ’ব বুলি মন্তব্য ড০ শৰ্মাৰ।