নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ পাৰত ১০০ বছৰ পুৰণি ভৱন সংৰক্ষণ, আন ভৱন ভগাৰ নির্দেশ

মহানগৰ জিলা উপায়ুক্ত–আৰক্ষী আয়ুক্তৰ কার্যালয় স্থান পৰিদর্শন ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ অচিৰেই স্থান সলনি হ’ব গুৱাহাটী মহানগৰীৰ বহু ব্যস্ত কামৰূপ জিলা উপায়ুক্ত কার্যালয় আৰু আৰক্ষী আয়ুক্ত কার্যালয়৷ ব্রহ্মপুত্রৰ পাৰৰ সৌন্দর্যবর্ধনৰ লক্ষ্যৰে গুৰুত্বপূর্ণ এই কার্যালয় দুটাৰ স্থান সলনিৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্রাৰম্ভিক প্রক্রিয়া৷ বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্থানান্তৰ হ’ব লগা জিলা উপায়ুক্তৰ কার্যালয়ৰ প্রস্তাৱিত ৰূপনগৰস্থিত স্থান আৰু খানাপাৰালৈ স্থান্তৰিত হ’ব লগা মহানগৰ আৰক্ষী আয়ুক্তৰ কার্যালয়ৰ স্থান পৰিদর্শন কৰে৷

বুধবাৰে পুৱাৰ ভাগতে বিশেষ তৎপৰতাৰে মুখ্যমন্ত্রীয়ে ৰূপনগৰ আৰু খানাপাৰাৰ স্থান পৰিদর্শন কৰি সংশ্লিষ্ট বিভাগক প্রস্তাৱিত ভৱনসমূহৰ প্রাথমিক কাম–কাজ ত্বৰান্বিত কৰিবলৈ নির্দেশ দিয়াৰ লগতে নির্ধাৰিত সময়ৰ ভিতৰত নির্মাণৰ কাম সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে৷ এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ ১০টা উপায়ুক্তৰ কার্যালয় নতুনকৈ নির্মাণ কৰা হ’ব৷প্রতিটো জিলা উপায়ুক্তৰ কার্যালয়ৰ বাবদ ৪০–৫০ কোটি টকা ব্যয় কৰা হ’ব৷ অৱশ্যে গুৱাহাটীৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ ব্যয় কিছু বৃদ্ধি হ’ব৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে গুৱাহাটী মহানগৰ জিলা উপায়ুক্তৰ বর্তমানৰ কার্যালয়টো অত্যন্ত ঠেক আৰু কিছু খেলিমেলি পৰিৱেশৰ মাজত আছে৷

সেয়েহে এই কার্যালয় স্থানান্তৰৰ জৰিয়তে ব্রহ্মপুত্রৰ পাৰৰ এলেকা সৌন্দর্যবর্ধনৰ পদক্ষেপ লোৱা হ’ব৷ ৰূপনগৰলৈ স্থান্তৰিত হ’বলগীয়া কার্যালয়টোৰ বাবে ১০ বিঘা ভূমি আবণ্টন দিয়া হৈছে৷ উক্ত স্থান দুখনত ২০০খনকৈ গাড়ী পার্কিং কৰাৰ সুবিধা ৰাখিবলৈও  মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ আনহাতে বুধবাৰে মুখ্যমন্ত্রী ড০ শর্মাই ব্রহ্মপুত্রৰ পাৰৰ অঞ্চলৰ সৌন্দর্যবর্ধনৰ বাবে ১০০ বছৰ সম্পূর্ণ হোৱা তথা ঐতিহ্যবাহী ভৱনসমূহ সংৰক্ষণৰ বাবে সংশ্লিষ্ট বিভাগক নির্দেশ দিয়াৰ লগতে আন ভৱনসমূহ ভাঙি পেলাবলৈ পৰামর্শ দিয়ে৷  এই পৰিদর্শনৰ সময়ত গৃহ নির্মাণ আৰু নগৰ পৰিবহণ মন্ত্রী অশোক সিংঘল, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মহানগৰ আৰক্ষী আয়ুক্ত হৰমিট সিং, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে জি এম চি, জি এম ডি এৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like