খিলঞ্জীয়াৰ ভেটি উছন কৰিব দিয়া নহ’ব
বিমানবন্দৰৰ বাবে ৫৬ বিঘা ভূমি অধিগ্রহণক লৈ অসম জাতীয় পৰিষদৰ হুংকাৰ
নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ অতি ছল–চক্রান্তৰে বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ কর্তৃপক্ষই কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তর্গত কৈটাসিদ্ধি আৰু ৰাইবডী গাঁৱৰ প্রায় ১২৫ ঘৰ লোকৰ প্রায় ৫৬ বিঘা মাটিৰ লগতে ঘৰ–দুৱাৰ অধিগ্রহণ কৰিবলৈ খোজাত জাঙুৰ খাই উঠিছে বিভিন্ন দল–সংগঠন৷ স্থানীয় ৰাইজেও ইয়াৰ তীব্র প্রতিবাদ কৰিছে৷ কালি সন্ধিয়া কৈটাসিদ্ধিত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে অসম জাতীয় পৰিষদে৷ জাতীয় পৰিষদে স্পষ্ট ভাষাৰে বিমানবন্দৰ কর্তৃপক্ষ, ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক সকীয়াই দিয়ে যে যিকোনো মূল্যৰ বিনিময়ত ঘৰ–মাটি লোৱা এই সিদ্ধান্ত বাতিল কৰিব লাগিব৷
যুগ যুগ ধৰি বাস কৰি থকা খিলঞ্জীয়া অসমীয়াৰ ভেটি–মাটি কোনোকালে উছন কৰিব দিয়া নহ’ব৷ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, কৈটাসিদ্ধিৰ বাসিন্দা গৌৰীকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা প্রাক্তন মন্ত্রী জগদীশ ভূঞা, উপ–সভাপতি বাণী দাস, পংকজ লোচন গোস্বামী, যুটীয়া সম্পাদক প্রিন্স ফাইজুল হক, সম্পাদক ৰাজীৱ ভট্টাচার্য, প্রচাৰ সম্পাদক জিয়াউৰ ৰহমান, কার্যনির্বাহক সদস্য সম্ভীদ শর্মা, অজাপৰ কামৰূপ জিলা সমিতিৰ সভাপতি সঞ্জীৱ মহন্ত, বিষয়ববীয়া নয়ন কুমাৰ, ৰূপম কলিতাৰ নেতৃত্বত এটাবৃহৎ সঁজাতা দলে কৈটাসিদ্ধি, ৰাইবডীৰ ৰাইজলৈ আহি পৰা সমস্যা সন্দর্ভত বিতংভাৱে আলোচনা কৰে৷
এই আলোচনাত বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্রধান সম্পাদক দীপক শর্মা, কৈটাসিদ্ধি ৰাইজ গয়ৰহৰ সভাপতি প্রদীপ নাথ, কুমুদ নাথ, স্বপ্ণা দাস, চবিন নাথ,বংশী নাথ, ৰাইবডীৰ বয়োজ্যেষ্ঠ সমাজকর্মী, লেখক গজেন চন্দ্র দাস, দুর্গেশ্বৰ নাথ প্রভৃতি বিশিষ্ট লোকসকলে অংশ লয়৷ অজাপ নেতা জগদীশ ভূঞাই কয়– জাতি–মাটি–ভেটি ৰক্ষা কৰিম বুলি কৈবর্তমানৰ শাসকীয় চৰকাৰখনে খিলঞ্জীয়া অসমীয়াক সুৰক্ষা কৰা দূৰৈৰ কথা, তেওঁলোকৰ সাতামপুৰুষীয়া ভেটি–মাটিও উছন কৰিব বিচাৰিছে৷ ১৮০৫ চনতে স্থাপিত সত্রও উচ্ছেদ কৰিব বিচাৰিছে৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অজাপই যুঁজ দি যাব৷ অজাপৰ আন এগৰাকী নেতা পংকজ লোচন গোস্বামীয়ে চৰকাৰৰ এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দি কয় যে প্রাণ দি হ’লেও কৈটাসিদ্ধি, ৰাইবডীৰ ৰাইজৰ পক্ষত থাকি তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে চিন্তাৰ লগতে আন্দোলন কৰি যাব৷ অসম জাতীয় পৰিষদে এই ঘটনা সংক্রান্তত অচিৰেই প্রশাসনৰ লগত আলোচনা কৰিব বুলি কয়৷