নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো মন্ত্রীলৈ মুখ্যমন্ত্রীৰ গুৰুত্বপূর্ণ নির্দেশঃ ৪৮ ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগিব জমা ফাইলৰ কাম

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ দায়িত্ব গ্রহণৰ পাছৰে পৰা ৰাজ্যত প্রশাসনিক ব্যৱস্থাটোৰ সংস্কাৰ সাধনৰ হকে বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিশেষকৈ ফাইল নিষ্পত্তি বিষয়টো যাতে ত্বৰান্বিত হয়, তাৰ ওপৰত মুখ্যমন্ত্রী ড০ শর্মাই গুৰুত্ব আৰোপ কৰি আহিছে৷ ইয়াৰ মাজতে কালি দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ মাজতে সতীর্থ মন্ত্রীসকলক এক গুৰুত্বপূর্ণ নির্দেশ দিয়ে৷

দিছপুৰৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি জমা হৈ থকা সকলো ফাইলৰ কাম ৪৮ ঘণ্টাৰ ভিতৰত শেষ কৰিবলৈ মন্ত্রীসকলক নির্দেশ দিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ মন্ত্রীৰ উপৰি বিভাগীয় সকলো বিষয়াই পূর্ণোদ্যমে কাম কৰাৰ লগতে কোনো কাম পেলাই থ’ব নোৱাৰিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিছে৷

তদুপৰি চৰকাৰী বিষয়া–কর্মচাৰী বদলীকৰণ সন্দর্ভতো মুখ্যমন্ত্রী ড০ শর্মাই এক গুৰুত্বপূর্ণ নির্দেশনা দিছে৷ এই নির্দেশনা অনুসৰি চৰকাৰী বিষয়া–কর্মচাৰীৰ বদলীকৰণৰ নির্দেশ এবাৰ ওলাই যোৱাৰ পাছত সেয়া মুখ্যমন্ত্রীৰ অনুমতি অবিহনে স্থগিত কৰিব নোৱাৰিব৷

You might also like