নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছবিটিত চালক–হেণ্ডিমেন–যাত্ৰীৰ সজাগতা অনুষ্ঠান

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পথ সুৰক্ষা সজাগতাৰ বাবে জিলা পৰিবহণ বিষয়াসকলক জনোৱা আহ্বান আৰু এইক্ষেত্রত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে দিয়া নির্দেশনাৰ আধাৰত গুৱাহাটীৰ বেতকুছিস্থিত পৰিবহণ বিভাগৰ অধীনৰ চালক–পৰিচালক প্রশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (প্রৱর্তক) কার্যালয়ে বিগত দিনকেইটাত সকলোৱে যাতে যান–বাহন আইন মানি পথত বাহন চলায়, তাৰ বাবে বিভিন্ন সজাগতামূলক কার্যসূচী গ্রহণ কৰি আহিছে৷ ইয়াৰ অংশ হিচাপে ৯ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ বেতকুছিস্থিত ৰূপনাথ ব্রহ্মআন্তঃৰাজ্যিক বাছ আস্থান চৌহদত (আই এছ বি টি) নৈশবাছ চালক, পৰিচালক, হেণ্ডিমেনৰ লগতে যাত্রীসকলৰ মাজত এক সজাগতামূলক কার্যসূচী গ্রহণ কৰা হয়৷

কার্যসূচীত ভাগ লৈ চালক–পৰিচালক প্রশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়া (প্রৱর্তক) হিমাংশু কুমাৰ দাসে কয়– বর্তমান চৰকাৰে ক’ভিডৰ সংক্রমণ কম হোৱা বাবে ১০০ শতাংশ আসনেৰে আন্তঃজিলা আৰু আন্তঃৰাজ্যিক যাতায়াত খুলি দিছে৷ দিনতকৈ যিহেতু নিশাৰ গাডীচালনা বহু প্রত্যাহ্বানমূলক হয়, সেইবাবে চালকসকলে ৰাজপথত তীব্রবেগ পৰিহাৰ কৰি পথৰ নীতি–নির্দেশনা মানি চলি বাহন চলাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনোৱা দুর্ঘটনামুক্ত অসম গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোকে হাতে–কামে নামি পৰিবলৈ হিমাংশু কুমাৰ দাসে উপস্থিত সকলোকে আহ্বান জনায়৷ প্রায় ৫০জনৰো অধিক চালক, পৰিচালক আৰু হেণ্ডিমেনে ভাগ লোৱা কার্যসূচীত আই এছ বি টিৰ মাণ্ডলিক অধীক্ষক জয়ন্ত বৰা, মহানগৰ আৰক্ষীৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ যান–বাহন পৰিদর্শক জীৱন দাস, মহানগৰ জিলাৰ কেইবাজনো যান–বাহন পৰিদর্শক, প্রৱর্তক পৰিদর্শক, সহকাৰী প্রৱর্তক পৰিদর্শক উপস্থিত থাকে৷ কার্যসূচীৰ অন্তত নৈশবাছত যাত্রা আৰম্ভ কৰা যাত্রীসকলৰ মাজত পথ সুৰক্ষা বিষয়ক গোহাৰি পত্র বিতৰণ কৰা হয়৷

You might also like