গর্ভধাৰণ আৰু বিপদ সম্ভৱা মাতৃ
নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ সাধাৰণতে প্রতিগৰাকী নাৰীয়ে মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হৈ সমাজত নিজকে প্রতিষ্ঠিত কৰিব বিচাৰে৷ এয়া প্রতিগৰাকী নাৰীৰ এক সহজাত প্রবৃত্তি৷ এগৰাকী নাৰীয়ে তেতিয়াহে পূর্ণতা লাভ কৰে, যেতিয়া এক সুস্থ সবল সন্তানৰ মাতৃ হবলৈ সক্ষম হয়৷ অৱশ্যে গর্ভধাৰণ কৰা অৱস্থাটোৱে বহুতো নাৰীৰ বাবে উৎকণ্ঠা, ভয়, আৱেগ–নুভূতি, দুষ্চিন্তা, আনন্দ, স্ফূর্তি আদি সকলো কিিয়াই আনে৷ বিশেষকৈ প্রথমবাৰৰ বাবে গর্ভধাৰণ কৰা মাতৃসকলে অধিক উৎকণ্ঠাৰ মাজেদি পাৰ কৰে৷ কি হ’ব, কি নহ’ব আদি ভাবেৰে মনটো সদায় ভাৰাক্রান্ত হৈ থাকে৷ অৱশ্যে এক নতুন আলহীৰ আগমনৰ বতৰাই নাৰীসকলৰ মনত আনন্দ–স্ফূর্তিও দিয়ে৷
সাধাৰণতে দাম্পত্য জীৱন আৰম্ভ কৰাৰ লগে লগে বহুতেই মাতৃত্বৰ সোৱাদ লবলৈ অধীৰ অপেক্ষাৰে বাট চাই থাকে৷ সাধাৰণতে ২০-২৫ বছৰ বয়সটোৱে এগৰাকী নাৰীৰ প্রথম সন্তান জন্ম দিয়াৰ উপযুক্ত সময়৷ এই বয়সৰ ভিতৰত প্রথম সন্তান জন্ম দিলে আকৌ কমেও তিনি বছৰ বা পাঁচ বছৰৰ ব্যৱধানত পৰৱর্তী সন্তান জন্ম দিলে সন্তানৰ লালন–পালনৰ ক্ষেত্রত বিশেষ একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলি যায়৷ সেয়ে দাম্পত্য জীৱন আৰম্ভ কৰাসকলে প্রথমৰ পৰাই এটি ধাৰণা লৈ সেইমতে মাতৃত্বৰ অধিকাৰী হবলৈ প্রস্তুতি চলোৱা উচিত৷ মানসিকভাৱে প্রস্তুত নোহোৱাকৈ কেতিয়াবা অনাকাংক্ষিত গর্ভধাৰণে দম্পতীটোক বহু ক্ষেত্রত অস্বস্তিত পেলোৱা দেখা যায়৷ অনাকাংক্ষিত গর্ভধাৰণে সন্তান আৰু মাক উভয়ৰে ক্ষতি কৰে আৰু এটি হিষ্ট–পুষ্ট স্বাস্থ্যৱান সন্তান জন্ম দিয়াৰ অন্তৰায় হিচাপে থিয় দিয়ে৷
গর্ভধাৰণৰ লক্ষণ সাধাৰণতে এগৰাকী নাৰীয়ে গর্ভধাৰণ কৰাৰ পিছতে সেই নাৰী বা মহিলাগৰাকীৰ দেহত কিছু লক্ষণ ফুটি উঠে৷ সেই লক্ষণসমূহৰ পৰাই মহিলা এগৰাকী গর্ভৱতী হৈছে বুলি গম পোৱা যায়৷
ক৷ মহিলাগৰাকীৰ ঋতুস্রাৱ বন্ধ হৈ যায়৷ নির্দিষ্ট তাৰিখৰ পৰা মাহেকীয়া হোৱাৰ তাৰিখ পিছুৱালেই গর্ভৱতী হোৱাৰ প্রাৰম্ভিক লক্ষণ বুলি গম পোৱা যায়৷ অৱশ্যে কেতিয়াবা কোনো বেমাৰ–আজাৰ বা ৰক্তস্রাৱৰ বাবেও মাহেকীয়া ঋতুস্রাৱৰ তাৰিখ পিছুৱাব পাৰে৷ সেই সময়ত চিকিৎসকৰ পৰামর্শ লৈ প্রস্রাৱ পৰীক্ষা কৰিলে সেয়া সঠিকভাৱে গম পোৱা যায়৷
খ৷ পুৱাই ব্রাছ কৰাৰ সময়ত বমি বমি ভাব হব পাৰে নাইবা উকালি আহিব পাৰে৷ মাহেকীয়া বন্ধ হোৱাৰ পৰা তিনি বা চাৰি মাহলৈকে মহিলাসকলৰ বমি হৈ থকা দেখা৷ খোৱা বস্তুৰ গোন্ধ পোৱা যায়৷ খোৱা বস্তু দেখা পালেই বমি বমি ভাব হয়৷ ইয়াৰ বা ৰাতিপুৱাৰ অসুস্থতা বুলি জনা যায়৷
গ৷ মূৰ ঘূৰণি আৰু আচন্দ্রাই ভাব আহে৷
ঘ৷ খাবলৈ মন নোযোৱা হয় আৰু বলপূর্বকভাৱে খালেও সেয়া হজম নোহোৱাকৈ থাকে৷
ঙ৷ গা দুর্বল অনুভৱ হয় আৰু অত্যন্ত টোপনি ধৰে৷
চ৷ সঘনাই প্রস্রাৱ কৰিবলৈ মন যায়৷
ছ৷ পেটটো লাহে লাহে ডাঙৰ হৈ আহে৷
জ৷ স্তনৰ আকৃতি ক্রমাৎ ডাঙৰ হৈ আহে৷
ঝ৷ মুখ, স্তন আৰু পেটৰ তলফালে কলা কলা ফুটফুটীয়া দাগ পোৱা যায়৷ গর্ভস্থ সন্তানটি লাহে লাহে ডাঙৰ হৈ থকাৰ লগে লগে তল পেটৰ ছাল অলপ পংগাটি যোৱা যেন দেখা যায় বা বগা বগা বা দীঘলীয়া আঁচ পৰাৰ দৰে হয়৷ ইয়াক বুলি কোৱা হয়৷
ঞ৷ সাত মাহৰ পৰা গর্ভত থকা সন্তানটিৰ সঞ্চালন হোৱা দেখা যায়৷
গর্ভৱতী মহিলাৰ যতনঃ মহিলাগৰাকী গর্ভৱতী হোৱাৰ লগে লগে মহিলাগৰাকীৰ কিছু বিশেষ যতন লোৱা দৰকাৰ হয়৷ গর্ভৱতী হোৱা বুলি গম পোৱাৰ লগে লগে মহিলাগৰাকীক চিকিৎসকৰ ওচৰলৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা দৰকাৰ৷ কোনো বিশেষ অসুবিধা নহলেও গর্ভকালত কমেও চাৰিবাৰ চিকিৎসকৰ ওচৰলৈ নি মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে৷ চিকিৎসকৰ পৰামর্শ মতে গর্ভৰ প্রথম মাহৰ পৰাই ফলিকএচিড খুৱাব লাগে৷ কাৰণ মাতৃৰ দেহত ফলিকএচিডৰ অভাৱ হলে গর্ভস্থ ভ্রূণৰ নানা বিসংগতি দেখা দিব পাৰে৷ তদুপৰি এই সময়ত অত্যন্ত সাৱধানে চলাফুৰা কৰিব লাগে, গধুৰ বস্তু দাঙিব নালাগে, টান কাম বা তলপেটত হেঁচা পৰিব পৰা কোনোধৰণৰ কাম–কাজ, উঠা–বহা আদি কৰাটো নিষেধ৷ কমেও চাৰি মাহলৈ আৰামত থাকিব লাগে, কোনো দূৰ ভ্রমণ, যাত্রা আদি কৰিব নালাগে, মটৰচাইকেল, ৰিক্সা আদিত উঠি দূৰ ঠাইলৈ যাব নালাগে৷ এই সময়ছোৱাত অত্যন্ত পুষ্টিকৰ খাদ্য, আয়ৰণ, মিনাৰেল, ভিটামিনযুক্ত খাদ্য অত্যন্ত জৰুৰী৷ কেঁচা শাক–পাচলি, ফলমূল, ফলৰ ৰস, জুলীয়া বস্তু আদি অধিক পৰিমাণে খোৱা দৰকাৰ হয়৷ গর্ভৱতী মহিলাই এই অৱস্থাত কমেও দুটা টিটেনাচৰ ভেকচিন লব লাগে৷ চৰকাৰী চিকিৎসালয়ত এই ভেকচিন বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা আছে৷
বিপদৰ সম্ভাৱনা থকা গর্ভৱতীঃ আমাৰ দেশত গর্ভৱতী মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ কমাবলৈ বিভিন্ন ধৰণৰ জনসচেতনতামূলক কাম–কাজ আৰু আঁচনি হাতত লোৱা দেখা গৈছে৷ সেই কাৰণে যিসকল বিপদসম্ভৱা মাতৃ, সেইসকল মাতৃক চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা সময়মতে গ্রহণ কৰিলে মাতৃ আৰু মৃত্যুৰ হাৰ বহু পৰিমাণে হ্রাস কৰিব পৰা যাব৷ সেই ধৰণৰ মাতৃসকল তলত উল্লেখ কৰা হল
ক৷ প্রথমবাৰৰ বাবে সন্তানসম্ভৱা হোৱা আৰু কম গর্ভধাৰণ কৰা অর্থাৎ ২০ বছৰৰ কম বয়সতে গর্ভধাৰণ কৰা আৰু শৰীৰৰ উচ্চতা ৫ ফুটতকৈ কম৷
খ৷ বিশেষ ধৰণৰ কিছু বেমাৰ যেনে যক্ষ্মা, ৰক্তহীনতা, হূদৰোগ, বৃক্কৰ ৰোগ, উচ্চ ৰক্তচাপ, বহুমূত্র ৰোগ, এইডছত ভুগি থকা মাতৃসকলে গর্ভধাৰণ কৰিলে সেয়া অত্যন্ত বিপদসম্ভৱা মাতৃ বুলি চিনাক্ত কৰা হয়৷
গ৷ গর্ভধাৰণৰ বিশ সপ্তাহৰ পিছতো দেহৰ ওজন ৪ কিলোগ্রামতকৈ অধিক নোহোৱা৷
ঘ৷ পঞ্চমবাৰ বা ততোধিকবাৰ গর্ভধাৰণ কৰা মহিলাসকলক বিপদসম্ভৱা মাতৃ বুলি কোৱা হয়৷
ঙ৷ গর্ভাৱস্থাৰ কিছুমান জটিলতা যেনে যোনীৰ পৰা ৰক্তক্ষৰণ হোৱা, গর্ভস্থ সন্তানৰ লৰচৰ কমি যোৱা, প্রস্রাৱৰ পৰিমাণ কমি যোৱা, গর্ভত থকা পানীৰ পৰিমাণ অধিক হলে, যজা বা যমজ সন্তান ধাৰণ কৰিলে, গর্ভত থকা এমনিয়টিক ঘটিৰ ফুলইট ইত্যাদি কাৰণবোৰৰ বাবে মাতৃগৰাকী বিপদসম্ভৱা হব পাৰে৷