নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল পৰিবহণৰ দায়বদ্ধতা

মহাবাহু ব্রহ্মপুত্রৰ বুকুত চলি থকা বিপদসংকুল যাত্রাই এতিয়া মৃত্যুযাত্রাত পৰিণত হ’ল৷ নিমাতীঘাটত সংঘটিত ফেৰী আৰু মাৰ নাওৰ মুখামুখি সংঘর্ষই এই যাত্রা কিমান বিপদসংকুল পুনৰ প্রমাণ কৰিলে৷ বুধবাৰে আবেলি সংঘটিত এই ভয়ংকৰ ফেৰী দুর্ঘটনাত মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ শিক্ষক তথা অতি মেধাৱী যুৱতী পৰীমিতা দাসৰ মৃত্যু হোৱাৰ বিপৰীতে এইপর্যন্ত সন্ধানহীন হৈ আছে মাজুলীৰ জনপ্রিয় চিকিৎসক ডাঃ বিক্রমজিৎ বৰুৱাৰ লগতে মাজুলীৰ আন এজন যাত্রী৷ বুধবাৰে আবেলি নিমাতীঘাটৰ পৰা মাজুলীলৈ ৰাওনা হোৱা ‘মা কমলা’ নামৰ ফেৰীখনৰ সৈতে মাজুলীৰ কমলাবাৰীঘাটৰ পৰা অহা ‘টিপকাই’ নামৰ যুটীয়া মাৰ নাওখনৰ মুখামুখি সংঘর্ষ হোৱাত শতাধিক যাত্রী পানীত ডুব যায়৷ সৌভাগ্যক্রমে এই দুর্ঘটনাস্থলী নিমাতী পাৰঘাটৰ সমীপতে হোৱা বাবে লগে লগে স্থানীয় লোকে উদ্ধাৰ অভিযান চলাই যাত্রীসকলক পাৰলৈ অনাৰ লগতে ঘাটৰ ওচৰতে হোৱা বাবে বহু যাত্রীয়ে সাঁতুৰি–নাদুৰিও পাৰলৈ আহিবলৈ সক্ষম হয়৷ পাৰঘাটৰ পৰা আৰু অলপ বেছি দূৰত্বত এই দুর্ঘটনা সংঘটিত হ’লেই কি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন, সেয়া অকল্পনীয়৷ নিমাতীঘাটত সংঘটিত এই ফেৰী দুর্ঘটনাই এতিয়া আমাৰ সন্মুখত বিভিন্ন প্রশ্ণৰ অৱতাৰণা কৰিছে৷ অসমত জল পৰিবহণ ব্যৱস্থা এতিয়াও উপেক্ষিত পৰিবহণ ব্যৱস্থা ৰূপেই পৰিগণিত হৈ আহিছে৷ ৰাজ্যখনত বিভিন্ন সময়ত সংঘটিত হৈ অহা ফেৰী বা নাও দুর্ঘটনাৰ সময়ত জল পৰিবহণৰ ভয়াৱহতাৰ বিষয়ে আলোচনা হয় যদিও পৰৱর্তী সময়ত এই বিষয়টো গুৰুত্বহীন হৈ পৰা দেখা যায়৷ কেইবছৰমান পূর্বে ধুবুৰীৰ মেদেৰটাৰী নামৰ চৰত হোৱা এক ভয়াৱহ নাও দুর্ঘটনাৰ পিছত জল পৰিবহণৰ বিভিন্ন বিষয় পোহৰলৈ আহিছিল৷ কিন্তু পৰৱর্তী সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হোৱাহে পৰিলক্ষিত হ’ল৷ উল্লেখ্য যে নদীকেন্দ্রিক ৰাজ্য হোৱা বাবে অসমত জল পৰিবহণৰ যথেষ্ট গুৰুত্ব আৰু সম্ভাৱনা আছে৷ কিন্তু এই জল পৰিবহণক কোনো চৰকাৰেই বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল৷ পৰিবহণ বিভাগৰ অধীনত থকা আভ্যন্তৰীণ জল পৰিবহণ নিগমৰ ভিতৰতনো কি হৈ থাকে তাৰ কোনো তথ্যই বাহিৰত প্রকাশ নাপায়৷ কার্যতঃ এনে কাৰণতে জল পৰিবহণৰ সমগ্র বিষয়টো অসমত উপেক্ষিত হৈ ৰ’ল৷
বুধবাৰে নিমাতীঘাটৰ কৰুণ ফেৰী দুর্ঘটনাৰ পিছত আভ্যন্তৰীণ জল পৰিবহণ নিগমৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ আভ্যন্তৰীণ জল পৰিবহণৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ বাবেই কোনোধৰণৰ লাইফ জেকেট অথবা সুৰক্ষা ব্যৱস্থা নথকাকৈ একাংশ আওপুৰণি ফেৰী যাত্রী কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰি অহাৰ উপৰি একাংশ ব্যক্তিগত নাওকো যাত্রী কঢ়িওৱাৰ অনুমতি প্রদান কৰা হৈছে৷ এনে যাত্রা কোনোধৰণেই সুৰক্ষিত নহয় বুলি জনা সত্ত্বেও মাজুলী–ধুবুৰী আদি পৰিবহণ ব্যৱস্থাই ঢুকি নোপোৱা বহু অঞ্চলৰ ৰাইজে তেনে বিপদসংকুল যাত্রাৰ বাবে বাধ্য হৈ পৰে৷ সেই বাবেই এতিয়া জল পৰিবহণৰ বিষয়টো ৰাজ্য চৰকাৰে নতুন ধৰণে পর্যালোচনা কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ কিয়নো এই পৰিবহণ ব্যৱস্থাই ৰাজ্যৰ কম হ’লেও একাংশ লোকক সামৰি লৈছে যেতিয়া এই যাত্রীসকলৰ জীৱনৰ নিৰাপত্তাৰ বিষয়টো আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ওপৰত ন্যস্ত থাকে৷ এই দায়বদ্ধতা পৰিবহণ বিভাগে কোনো কাৰণতে অস্বীকাৰ কৰিব নোৱাৰে৷ সেইবাবেই যদি নদী পথেৰে আভ্যন্তৰীণ জল পৰিবহণে যাত্রীবাহী এখনো ফেৰী অথবা নাও চলাৰ অনুমতি প্রদান কৰে, যাত্রীৰ সুৰক্ষাৰ বিষয়টোত গুৰুত্ব প্রদান কৰাটো হ’ব বিভাগটোৰ প্রাথমিক চর্ত৷ এই চর্ত অস্বীকাৰ কৰাৰ বাবেই নিমাতীঘাটৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছে৷ উল্লেখ্য যে ৰাজ্যৰ নেতা–মন্ত্রীসকলে বিভিন্ন সময়ত অসমৰ জলপথৰ সমুচিত ব্যৱহাৰেৰে জল পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ কথা কৈ থাকে৷ কিন্তু বাস্তৱ ক্ষেত্রত জলপথৰ সমুচিত ব্যৱহাৰ এইপর্যন্ত সম্ভৱ হৈ উঠা নাই৷ বৈজ্ঞানিক আৰু ব্যৱসায়িকভাৱেও অসমৰ জলপথৰ জৰিয়তে পৰিবহণ ব্যৱস্থা উত্তম বিবেচিত হৈ আহিছে৷ এনে পৰিপ্রেক্ষিতত যাত্রী অথবা ব্যৱসায়িক পৰিবহণৰ বাবে জলপথৰ ব্যৱহাৰৰ উদ্দেশ্যে আভ্যন্তৰীণ জল পৰিবহণ নিগমক এক স্বতন্ত্র বিভাগ ৰূপে গঢ়ি তোলাৰ প্রয়োজন৷ তেতিয়াহে জল পৰিবহণৰ দায়বদ্ধতা আৰু জলপথৰ উচিত ব্যৱহাৰ সম্ভৱ হৈ উঠিব৷ অন্যথা পৰিবহণ বিভাগৰ সংলগ্ণ নিগম হিচাপে আভ্যন্তৰীণ জল পৰিবহণ এক এলাগি বিভাগ হিচাপেই বিবেচিত হৈ ৰ’ব৷ যাৰ ফলত আমি এনেদৰে আৰু বহু দুর্ভাগ্যজনক ঘটনাৰ সাক্ষী হৈ ৰ’ব লাগিব৷

You might also like