নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ মহিলা কর্মক্ষেত্রলৈ উভতিল কাবুলত

নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পিছত মহিলাসকলক ঘৰৰ বাহিৰলৈ ওলোৱাৰ ক্ষেত্রত বাধা প্রদান কৰিছিল তালিবানে৷ অৱশেষত সকলো ভয় কাতি কৰি ১২গৰাকী আফগান মহিলা কর্মক্ষেত্রলৈ ঘূৰি আহিছে৷ কাবুল বিমানবন্দৰত কাম কৰে এই মহিলাসকলে৷ দেওবাৰে মহিলাসকলে বিমানবন্দৰৰ কামত আহি যোগদান কৰিছে৷ সংবাদ সংস্থা এ এফ পিৰ প্রতিবেদন অনুসৰি তালিবানৰ দখললৈ যোৱাৰ পূর্বে কাবুল বিমানবন্দৰত ৮০গৰাকী মহিলাই কাম কৰিছিল৷

এই ৮০গৰাকী মহিলাৰ ভিতৰত মাত্র ১২গৰাকীহে কর্মক্ষেত্রলৈ উভতি আহিছে৷ লক্ষণীয়ভাৱে তালিবানে এই ১২গৰাকী মহিলাক কামত যোগদান কৰাৰ ক্ষেত্রত অনুমতি প্রদান কৰিছে৷ কিন্তু অন্য মহিলাসকলে এতিয়াই কামত যোগদান কৰিব নোৱাৰিব৷ তালিবানৰ সূত্রই সদৰী কৰা অনুসৰি পৰৱর্তী নির্দেশ নিদিয়ালৈকে অন্য মহিলাসকলক ঘৰতেই থাকিবলৈ আহ্বান জনোৱা হৈছে৷

You might also like